শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হনুমান জয়ন্তী কেতিয়া? এই ৩ ৰাশিৰ ওপৰত পৰিব বজৰংগবলীৰ প্ৰত্যক্ষ আশীৰ্বাদ, হ’ব ধনবান…

Hanuman jayanti 2025: অহা ১২ এপ্ৰিলত উদযাপন কৰা হ'ব হনুমান জয়ন্তী। ধৰ্মীয় মান্যতা অনুসৰি এইবাৰ ৩ ৰাশিয়ে প্ৰত্যক্ষাভাৱে হনুমানৰ আশীৰ্বাদ লাভ কৰিব।

হনুমান জয়ন্তী কেতিয়া? এই ৩ ৰাশিৰ ওপৰত পৰিব বজৰংগবলীৰ প্ৰত্যক্ষ আশীৰ্বাদ, হ’ব ধনবান…
হনুমান জয়ন্তী Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 10 Apr 2025 16:54 PM

মাজত মাত্ৰ এটা দিন বাকী। ১২ এপ্ৰিল, শনিবাৰে দেশজুৰি ভক্তসকলে পালন কৰিব হনুমান জয়ন্তী (Hanuman jayanti 2025)। হিন্দু ধৰ্মত হনুমানৰ বিশেষ মহত্ব আছে। ধৰ্মীয় বিশ্বাস অনুসৰি, অঞ্জনীপুত্ৰ নামেৰে পৰিচিত হনুমানৰ জন্ম চ’ত মাহৰ শুল্ক পক্ষৰ পূৰ্ণিমাত। ৫৭ বছৰ পাছত এইবাৰ হনুমান জয়ন্তীত বিভিন্ন গ্ৰহৰ বিৰল সংযোগ ঘটিবলৈ গৈ আছে। যাৰ ফলত একাধিক ৰাশি লাভৱান হ’ব পাৰে। হনুমান জয়ন্তীৰ সময়ত কোন কেইটা ৰাশিৰ ভাল সংযোগ আহিব।  কাৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব লেখাটোত উল্লেখ কৰা হ’ল।

উল্লেখ্য যে, শেষৰ বাৰৰ বাবে ১৯৬৮ চনত হনুমান জয়ন্তীৰ দিনা পঞ্চগ্ৰহী যোগ গঠন হৈছিল। ৫৭ বছৰ পাছত এই যোগ পুনৰ হ’বলৈ গৈ আছে। পঞ্চগ্ৰহী অৰ্থাৎ এইবাৰ হনুমান জয়ন্তীৰ দিনা সূৰ্য্য, শনি, ৰাহু, শুক্ৰ, আৰু বুধ গ্ৰহ সংলগ্ন হ’ব। এই সময়ছোৱাত পঞ্চগ্ৰহী যোগৰ উপৰিও বুঢ়াদিত্য, শুক্ৰদিত্য, লক্ষ্মীনাৰায়ণ, মালবিয়াকে ধৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ যোগৰ সৃষ্টি হ’ব। ফলত কিছুমান ৰাশিৰ লোকৰ বাবে ভাগ্যৰ চকা ঘূৰিব।

বৃষ ৰাশি

হনুমান জয়ন্তীয়ে এইবাৰ বৃষ ৰাশিৰ লোকসকললৈ ভাল খবৰ কঢ়িয়াই আনিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম বা অমীমাংসিত কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি নিবনুৱাসকলে নতুন চাকৰি লাভ কৰিব পাৰে। বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰাৰ লগতে আৰ্থিক লাভৰ সম্ভাৱনা বৃদ্ধি পাব। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। লগতে মূলধনৰ পৰিমাণ বৃদ্ধি পাব।

মিথুন ৰাশি

হনুমান জয়ন্তীয়ে মিথুন ৰাশিৰ লোকসকললৈ ভাল খবৰ লৈ আনিব। এই ৰাশিৰ বহু শুভ সংযোগ আছে। এই ৰাশিৰ লোকে এইবাৰ হনুমান জয়ন্তীত বজৰংবলীৰ প্ৰত্যক্ষ আশীৰ্বাদ লাভ কৰিব। এই সময়চোৱাত মিথুন ৰাশিৰ লোকে নিজৰ অমীমাংসিত কাম সম্পূৰ্ণ কৰিব পাৰে। আৰ্থিক লাভৰ উন্নত পথ মুকলি হ’ব। দীৰ্ঘদিনীয়া মানসিক চাপৰ পৰা আপুনি সকাহ পাব। কেৰিয়াৰ আৰু ব্যৱসায়ত আপুনি যথেষ্ঠ সফলতা লাভ কৰিব। পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত হ’ব। আৰ্থিক দিশত লাভ হব। সমাজত সন্মান বৃদ্ধি পাব।

কুম্ভ ৰাশি

এইবাৰ হনুমান জয়ন্তীৰ সময়ত কুম্ভ ৰাশিৰ লোকসকলৰ বাবেও ভাগ্যৰ দুৱাৰ খোল খাব। এই সময়চোৱাত তেওঁলোকে কোনো ভাল খবৰ লাভ কৰিব পাৰে। ইয়াৰোপৰি তেওঁলোকৰ আৰ্থিক উন্নতি হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ দিশটোও ভাল।পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব।

 

কোৱা হয় হনুমান জয়ন্তীত সঠিকভাৱে হনুমানৰ পূজা কৰিলে সকলো মনৰ ইচ্ছা পূৰণ হয় আৰু দুখ-কষ্ট নাইকীয়া হয়।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় বিশ্বাস আৰু মান্যতাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ ক্ষেত্ৰত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই। )