5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Diwali Wishes: ‘চাকিৰ পোহৰেৰে উজলি উঠক আপোনাৰ জীৱন’- দেৱালীত দিয়ক বন্ধু-বান্ধৱীক শুভেচ্ছা বাৰ্তা

Diwali Wishes and Quotes:বছৰৰ আটাইতকৈ ডাঙৰ উৎসৱ দীপাৱলী কাতি মাহৰ অমাৱস্যাৰ দিনা পালন কৰা হয়। এই উৎসৱ ধনতেৰাচৰ পৰা আৰম্ভ হৈ ভাতৃ দ্বিতীয়াৰ সৈতে শেষ হয়। এই বিশেষ উৎসৱত বন্ধু-বান্ধৱীক প্ৰেৰণ কৰক শুভেচ্ছা বাৰ্তা।

Diwali Wishes:  ‘চাকিৰ পোহৰেৰে উজলি উঠক আপোনাৰ জীৱন’- দেৱালীত দিয়ক বন্ধু-বান্ধৱীক শুভেচ্ছা বাৰ্তা
দেৱালীত দিয়ক বন্ধু-বান্ধৱীক শুভেচ্ছা বাৰ্তা
barasha-misra
Barasha Misra | Updated On: 30 Oct 2024 19:24 PM

Diwali Wishes & Quotes: দীপাৱলীক বছৰৰ আটাইতকৈ ডাঙৰ উৎসৱ বুলি গণ্য কৰা হয় এই পোহৰৰ উৎসৱে অশুভৰ ওপৰত শুভৰ জয়ৰ প্ৰতীক। গোটেই বছৰটো মানুহে আগ্ৰহেৰে এই উৎসৱৰ বাবে অপেক্ষা কৰে। দীপাৱলীত আমি পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে একত্ৰিত হৈ মৰম আৰু সুখৰ ভাগ-বতৰা কৰে। বিভিন্নধৰণৰ ব্যঞ্জন ঘৰতে প্ৰস্তুত কৰা হয়। ঘৰলৈ বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজন আহে।

এই উৎসৱত মানুহে আপোনজনক উপহাৰ দিয়ে। যাক সন্মান আৰু মৰমৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। কিন্তু উপহাৰৰ লগতে বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু পৰিয়ালৰ লোকলৈ শুভেচ্ছা পঠিয়াবলৈ নাপাহৰিব। তলত উল্লেখ কৰা ধৰণে আপোনজনক দীপাৱলী শুভেচ্ছাও প্ৰেৰণ কৰিব পাৰে।

দীপাৱলীৰ শুভেচ্ছা বাৰ্তা

  1. এই পবিত্ৰতা আৰু সমৃদ্ধিৰ উৎসৱে আপোনাৰ জীৱনক ৰঙীন আৰু আনন্দময় কৰি তোলক। দীপাৱলীৰ শুভেচ্ছা জনালোঁ
  2. ভগৱান গণেশ আৰু লক্ষ্মীৰ আশীৰ্বাদে আপোনাৰ পৰিয়ালক এই দীপাৱলীত সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক। দীপাৱলীৰ শুভেচ্ছা জনালোঁ
  3. ভগৱান গণেশ আৰু লক্ষ্মীৰ আশীৰ্বাদে আগুৱাই যোৱাত সহায় কৰক। দীপাৱলীৰ শুভেচ্ছা জনালোঁ
  4. চাকিৰ পোহৰ আৰু আপোনজনৰ মৰম, ফটকা ফুটাৰ শব্দই অপায়-অমংগল নাশ কৰক। দীপাৱলীৰ শুভেচ্ছা থাকিল
  5. আপোনাৰ ঘৰখন ৰঙীন আৰু সুন্দৰ সজ্জাৰে আলোকিত হওক। এই দীপাৱলীত আশীৰ্বাদ লাভ কৰক। দীপাৱলী উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ
  6. দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ আশীৰ্বাদত আপোনাৰ ঘৰ-পৰিয়াল ধন-সম্পত্তি আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক। ২০২৪ চনৰ দীপাৱলীৰ শুভেচ্ছা জনালোঁ
  7. পোহৰৰ উৎসৱ দিৱালে আপোনাৰ জীৱনত নতুন সুখ কঢ়িয়াই আনক। পৰিয়ালৰ সৈতে উৎসৱ উদযাপন কৰক। দীপাৱলীৰ শুভেচ্ছা থাকিল
  8. এই দেৱালীয়ে সকলোৰে জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। আপোনাৰ পৰিয়াললৈ দীপাৱলীৰ শুভেচ্ছা জনালোঁ

Latest News