Mahashivratri 2025: কেতিয়াৰ পৰা টিলিঙা মন্দিৰত বন্ধা হৈছিল টিলিঙা? জানক টিলিঙা মন্দিৰৰ ৰহস্য আৰু ইতিহাস
টিলিঙা মন্দিৰৰ কথা অসমৰ সকলোৱে জানে। জনবিশ্বাস মতে, এই মন্দিৰত টিলিঙা বান্ধিলে মনোবাঞ্ছা পূৰ্ণ হয়। কিন্তু টিলিঙা মন্দিৰত কোনে টিলিঙা বন্ধা প্ৰথা আৰম্ভ কৰিছিল?

তিনিচুকীয়াৰ বৰডুবিৰ টিলিঙা মন্দিৰত আৰম্ভ হৈছে মহা শিৱৰাত্ৰিৰ আয়োজন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই ভিৰ কৰে মন্দিৰটোত। লোক বিশ্বাস মতে টিলিঙা মন্দিৰত টিলিঙা বান্ধিলে ভক্তৰ মনৰ ইচ্ছা পূৰণ হয়। আজি জানক এই মন্দিৰৰ বিষয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা।
কেনেকৈ নিৰ্মাণ হৈছিল?
টিলিঙা মন্দিৰৰ ইতিহাস বৰ বেছি পুৰণি নহয়। অৰ্থাৎ মন্দিৰটোক প্ৰাচীন কালৰ বুলি ক’ব নোৱাৰি। ১৯৬৫ চনতহে মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল। যিজোপা বটগছক কেন্দ্ৰ কৰি টিলিঙা মন্দিৰ আছে, সেইজোপা গছৰ তলত উল্লিখিত চনৰ কোনো এটা দিনত এজন চাহ শ্ৰমিকে মাটিৰ পৰা ওলাই থকা শিৱলিংগ এটা প্ৰত্যক্ষ কৰে। বনুৱাজনে শিৱলিংগটো দেখা পোৱাৰ লগে লগে এই বিষয়ে চাহ বাগিচা কৰ্তৃপক্ষক অৱগত কৰে। বাগিচা কৰ্তৃপক্ষই উক্ত স্থানত এটা মন্দিৰ সাজিবৰ বাবে সিদ্ধান্ত লয় আৰু হাতে-কামে আগবাঢ়ে। এনেকৈয়ে টিলিঙা মন্দিৰ নিৰ্মাণ কৰা হৈছিল।
দিন বাগৰাৰ লগে লগে মন্দিৰটোলৈ শিৱভক্তৰ আগমন ঘটিবলৈ ধৰে। সাধাৰণতে এই মন্দিৰলৈ অহা ভক্তসকলে প্ৰাৰ্থনা কৰে মনোবাঞ্ছা পূৰণৰ বাবে। মনোবাঞ্ছা পূৰ্ণ হ’লে পুনৰ আহি ভগৱান শিৱৰ নামত টিলিঙা দান কৰে। অৱশ্যে কিছু কিছু ভক্তই একেবাৰেই টিলিঙা দান দি যায়। লাহে লাহে মন্দিৰটোলৈ ভক্তৰ সমাগম হ’বলৈ আৰম্ভ কৰে। তাৰ পাছতেই ভক্তসকলে মনৰ ইচ্ছা পূৰণৰ বাবে মন্দিৰৰ চৌহদত থকা বটগছজোপাত টিলিঙা বান্ধিবলৈ আৰম্ভ কৰে। লোকবিশ্বাস অনুসৰি, তেতিয়াৰ পৰাই এই মন্দিৰত ভক্তসকলে টিলিঙা বান্ধিবলৈ আৰম্ভ কৰে। ভক্তসকলে দান কৰা টিলিঙাৰ সংখ্যা ইমান বেছি যে, সেইসমূহ স্তূপীকৃত কৰি ৰাখিবলগীয়া হৈছে। ৫০ গ্ৰাম ওজনৰ পৰা ৫০ কিলোগ্ৰাম ওজনৰ টিলিঙালৈকে ভক্তই দান কৰি আহিছে। কিছুলোকে পাৰ চৰাই উৰুৱাই দিয়ো মনোবাঞ্ছা পূৰণৰ বাবে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়। মহাশিৱৰাত্ৰিৰ সময়ত এই মন্দিৰত বিভিন্ন প্ৰন্তৰ পৰা অহা ভক্তই ভিৰ কৰে।
জনবিশ্বাস
টিলিঙা মন্দিৰৰ সৈতে এক বিশ্বাস জড়িত হৈ আছে। শিৱভক্তসকলে বিশ্বাস কৰে যে, এই মন্দিৰত এটা টিলিঙা বা ঘণ্টা দান কৰি ভগৱান শিৱৰ ওপৰত আস্থা ৰাখি যি কামনা কৰে তাৰ নিশ্চিত ফলপ্ৰাপ্তি ঘটে। বৰ্তমান টিলিঙা মন্দিৰৰ চৌহদত লাখ লাখ টিলিঙা আছে। এই মন্দিৰৰ বটগছ জোপাত একে উশাহতে ভক্তই টিলিঙা বান্ধিলে মনোবাঞ্ছা পূৰ্ণ হয় বুলি এক লোকবিশ্বাস আছে। ভগৱান শিৱৰ ওপৰত আস্থা ৰাখি যি কামনা কৰে তাৰ নিশ্চিত ফলপ্ৰাপ্তি হয় বুলিও সকলোৱে বিশ্বাস কৰে। সেয়ে এই মন্দিৰৰ নাম টিলিঙা মন্দিৰ নামেৰে জনাজাত।
বৰগছজোপাৰ ডালত ভক্তই টিলিঙা বান্ধে আৰু গছজোপাৰ গুৰিত ৰঙাসূতা একে উশাহতে বান্ধে। প্ৰবাদ আছে যে, যি মনোবাঞ্ছা লৈ ভক্তই টিলিঙা বান্ধি থৈ আহে সেই মনোবাঞ্ছা সিদ্ধি হোৱাৰ পাছত পুনৰ সেই মন্দিৰলৈ গৈ সূতা আৰু টিলিঙা সোলোকাই থৈ আহিব লাগে। গা-গছডাল সূতাৰে আৰু ডালবোৰ টিলিঙাৰে নধৰা হৈ পৰিছে।
কেনেকৈ যাব?
দুলীয়াজানৰপৰা এই মন্দিৰলৈ ১০ কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰপৰা ২৫ কিলোমিটাৰ দূৰত্ব এই মন্দিৰ অৱস্থিত। এই মন্দিৰটো শিৱপূজাৰ পীঠস্থানৰ দৰে হৈ পৰিছে। টিলিঙা মন্দিৰলৈ আপুনি বাছ আৰু ৰে’লেৰে যাব পাৰে।
টিলিঙা মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলৰ বাবে মন্দিৰৰ দাঁতিকাষৰীয়া মনোমোহা অঞ্চলসমূহ পৰিদৰ্শনৰ সুবিধা উপলব্ধ। ইয়াৰ আশে-পাশে থকা ৰুক্মিণী দ্বীপ, দিহিং পাটকাই অভয়াৰণ্য, আই থান আদিৰ লগতে সমীপৰ চাহ বাগানসমূহৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে।