Holi 2025 date: হোলী কেতিয়া? ৰঙৰ উৎসৱ ফাকুৱাৰ সৈতে ৰাধা-কৃষ্ণৰ কি সম্পৰ্ক জানেনে? সবিশেষ…
Holi 2025 Date: মাজত মাত্ৰ কেইটামান দিন। কিছুদিন পাছতেই সমগ্ৰ দেশবাসীয়ে উলহ-মালহেৰে পালন কৰিব ৰঙৰ উৎসৱ ফাকুৱা বা হোলী। এই দিনটোত এজনে আনজনক ৰং সানি, হোলী গীত গাই আনন্দ কৰে। কিন্তু চলিত বৰ্ষত কেতিয়া পালন কৰা হ'ব হোলী?
প্ৰতি বছৰে সমগ্ৰ দেশত ধুমধামেৰে পালন কৰা হয় ৰঙৰ উৎসৱ ফাকুৱা বা হোলী (holi 2025)। হিন্দু ধৰ্মত হোলীৰ বিশেষ মহত্ব আছে। এই দিনটোত ধৰ্মৰ ওপৰত অৰ্ধমৰ পৰাজয় বুলি গন্য কৰা হয়, যাৰ বাবে হোলিকা দহন কৰা হয়। দেশৰ বিভন্ন প্ৰান্তত হোলীক বিভিন্ন নামেৰে জনা যায়। হোলী উদযাপনৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্যৰ মাজত কিছু পাৰ্থক্য থাকিলেও হোলী মানেই যেন আবিৰ। এই দিনটোত ফাগুনৰ আবিৰৰ ৰঙত মতলীয়া হয় দেশবাসী।
ফাকুৱাৰ সময়ত প্ৰতিবছৰে বৰপেটাত ধুমধামেৰে দৌল উৎসৱ পালন কৰা হয়। ৩ দিনৰ পৰা ৫ দিন পৰ্যন্ত পালন কৰা এই উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰে। প্ৰতিবছৰে ফাগুন মাহৰ পূৰ্ণিমাত ফাকুৱা উদযাপন কৰা হয়। এইবাৰো ৰঙৰ উৎসৱক লৈ অপেক্ষা কৰি আছে দেশবাসী।
হোলী কেতিয়া (Holi date)
হিন্দু পঞ্জিকা অনুসৰি ১৩ মাৰ্চ বৃহস্পতিবাৰৰ পৰা পুৱা ১০:৩৫ বজাৰ পৰা ফাগুন মাহৰ পূৰ্ণিমা আৰম্ভ হ’ব। এই তিথি ১৪ মাৰ্চ দুপৰীয়া ১২:২৩ বজাত শেষ হ’ব। এনে পৰিস্থিতিত ২০২৫ চনৰ ১৪ মাৰ্চত হ’ব ৰঙৰ উৎসৱ হোলী।
হোলিকা দাহনৰ শুভ সময়
বৈদিক পঞ্জিকা অনুসৰি ১৩ মাৰ্চৰ নিশা ১১:২৬ বজাৰ পৰা ১২:৩০ বজালৈ হোলিকা দাহনৰ শুভ সময়। এক কথাত হোলিকা দহনৰ বাবে শুভ সময় ১ ঘন্টা ৪ মিনিট।
ইতিহাস
হোলীৰ ইতিহাস ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে। ধৰ্মগ্ৰন্থসমূহত থকা কেইবাটাও কাহিনীৰ ভিতৰত ভক্ত প্ৰহ্লাদ আৰু ভগৱান শ্ৰীহৰিৰ কাহিনী অন্যতম। প্ৰায় সকলোৱে জানে যে হোলিকা দহনৰ পৰাই হোলীৰ আৰম্ভণি হৈছিল। হোলিকা দাহনৰ দিনটো ভক্ত প্ৰহ্লাদৰ স্মৃতিত উদযাপন কৰা হয়। পৌৰাণিক ধৰ্মীয় গ্ৰন্থত উল্লেখ থকা অনুসৰি, হিৰণ্যকশিপুৰ ভগ্নী হোলিকাই ভক্ত প্ৰহ্লাদক কোলাত হৈ জুইৰ ওপৰত বহিছিল। তেতিয়া ভগৱান বিষ্ণুৱে হিৰণ্যকশিপুৰ ষড়যন্ত্ৰ বিফল কৰি হোলিকাৰ দাহ কৰি প্ৰহ্লাদক ৰক্ষা কৰিছিল। তেতিয়াৰ পৰা প্ৰতিবছৰে হোলিকা দহন আৰু পিছদিনা হোলী উদযাপন কৰা হয়।
মহত্ব
হিন্দু ধৰ্মত হোলীৰ গুৰুত্ব অধিক। এই উৎসৱ ফাগুনৰ পূৰ্ণিমা তিথি নিশাৰ পৰা আৰম্ভ হয় আৰু ইয়াক দুদিন ধৰি উদযাপন কৰা হয়। হোলী ৰং আৰু সুখৰ উৎসৱ। ভালৰ জনপ্ৰিয় উৎসৱসমূহৰ ভিতৰত হোলী অন্যতম। এই দিনটোত অধৰ্মৰ ওপৰত ধৰ্মৰ জয় বুলি কোৱা হয়। কোৱা হয়, হোলিকা দহনে সকলোৰে ঘৰত সুখ-সমৃদ্ধি কঢ়িয়াই আনে। কিছুমানে বিশ্বাস কৰে যে হোলিকা পূজা কৰিলে সকলো ধৰণৰ ভয় নাইকিয়া হয়। হোলিকা দাহনৰ পিছদিনা হোলী উদযাপন কৰা হয়। এই দিনটোত এজনে আনজনক আবিৰ সানে। এই দিনটোতে পৰস্পৰৰ মাজত একতা বৃদ্ধি কৰে।
শ্ৰীকৃষ্ণৰ সম্পৰ্ক
হোলীৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ এক কাহিনীও জড়িত হৈ আছে। কোৱা হয়,শ্ৰী কৃষ্ণই সদায় তেওঁৰ শ্যামবৰণীয়া ৰঙৰ বাবে মাকক প্ৰশ্ন কৰিছিল।এদিন যশোদাই তেওঁক পৰামৰ্ষ দিছিল যে যদি তেওঁ ৰাধাৰ মুখত ৰং লগায় তেন্তে ৰাধাৰ ৰংটোও কৃষ্ণৰ দৰে হৈ পৰিব। এই পৰামৰ্শ শুনি ভগৱান শ্ৰীকৃষ্ণই ৰাধাক ৰং লগোৱাৰ প্ৰস্তুতি আৰম্ভ কৰে।
লগে লগে শ্ৰীকৃষ্ণই অন্য বন্ধুসকলৰ সৈতে মিলি ৰাধাক ৰং লগাবলৈ যায়। শ্ৰীকৃষ্ণ আৰু সতীৰ্থ সকলোৱে মিলি ৰাধা আৰু তেওঁৰ বান্ধৱীসকলক ৰং সানিছিল। শ্ৰীকৃষ্ণক এই লীলা ব্ৰজবাসীয়ে ভাল পাইছিল আৰু তেতিয়াৰ পৰা সকলোৱে এই হোলী পালন কৰে।