শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Doul Govinda Mandir Holi: দৌল গোবিন্দ মন্দিৰত ফল্গুৎসৱৰ আয়োজন, আবিৰেৰে ৰঙীন হ’বলৈ সাজু উত্তৰ গুৱাহাটী

উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ বাবে সাজু হৈছে মন্দিৰ পৰিচালনা সমিতি। মহাপ্ৰভুৰ স্নান আৰু ভকত-বান্ধৱৰ নাম প্ৰসংগেৰে ১৪ মাৰ্চত মহাপূজা আৰম্ভ হ’ব।

Doul Govinda Mandir Holi: দৌল গোবিন্দ মন্দিৰত ফল্গুৎসৱৰ আয়োজন, আবিৰেৰে ৰঙীন হ’বলৈ সাজু উত্তৰ গুৱাহাটী
দৌল গোবিন্দ মন্দিৰত ফল্গুৎসৱৰ আয়োজন
barasha-misra
Barasha Misra | Published: 12 Mar 2025 21:04 PM

প্ৰতি বছৰৰ দৰে এইবেলিও উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আয়োজন কৰা হৈছে দৌল উৎসৱ ৷ ১৩ মাৰ্চৰ সন্ধিয়া মেষদাহ পৰ্বৰে আৰম্ভ হ’ব ৫ দিনীয়া কাৰ্যসূচীৰে দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱ ৷ প্ৰধানতঃ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়।

এতিয়া ফল্গুৎসৱৰ বাবে সজাই তোলা হৈছে দৌল গোবিন্দ মন্দিৰ। কাইলৈ সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰলৈ প্ৰভুক লৈ গৈ স্নান কৰোৱা হ’ব আৰু তাৰ পিছত বৈদিক প্ৰক্ৰিয়াৰে মেষদাহ পৰ্ব আৰম্ভ হ’ব। প্ৰভুক দৌলত প্ৰতিষ্ঠা কৰাৰ পিছতে ১৪ মাৰ্চত আৰম্ভ হ’ব মহা পূজা। ফাকুৱাৰ ৰঙেৰে ৰঙীন হ’বলৈ সাজু উত্তৰ গুৱাহাটী, দৌলোৎসৱত আগমন হ’ব শতাধিক ভক্তৰ।

মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ ইতিহাস আৰু বিশ্বাস

এই মন্দিৰৰ উৎপত্তি সম্বন্ধে প্ৰচলিত কাহিনী শুনা যায়। ইংৰাজৰ দিনত শাসন পৰিচালনাৰ বাবে স্থানীয় কিছুমান অভিজাতসম্প্ৰদায়ৰ হাতত শাসনৰ কিছু দায়িত্ব অৰ্পিত কৰা হৈছিল। ইয়াৰে নলবাৰী অঞ্চলত সদৰামীনৰ দায়িত্ব দিছিল গৰ্গৰাম বৰুৱাৰ ওপৰত। গৰ্গৰাম বৰুৱা আছিল পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ। গৰ্গৰাম বৰুৱা সদৰামীনৰ দায়িত্বত থকাৰ সময়ত এটা আচৰিত ঘটনা ঘটিছিল। বৰ্তমানৰ ৰঙিয়া নগৰৰ সীমাত অৱস্থিত জেকেৰীয়া নামৰ এখন গাঁৱৰ কাষতে সন্ধ্যাঝাৰ নামৰ এখন অটব্য অৰণ্য আছিল। সেই জেকেৰীয়া গাঁৱৰে এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী বৰণৰ গাই আছিল। গাইজনীয়ে হেনো নিতৌ শেষ নিশা ডিঙিৰ বান্ধ খুলি সন্ধ্যাঝাৰ অৰণ্যলৈ গৈ এজোপা বিৰিণা গছৰ ওপৰত ওহাৰ পাতি গাখীৰ ঢালি পুনৰ গোহালিলৈ ঘূৰি আহিছিল। সদৰামীন বৰুৱাই এই কথা গম পাই সেই ৰহস্য উদ্‌ঘাটন কৰাৰ বাবে বিৰিণা গছজোপা থকা ঠাইখিনি খন্দোৱালে আৰু তাতে এটা শ্ৰীকৃষ্ণৰ বিগ্ৰহ উদ্ধাৰ হ’ল। সেই মূৰ্তি সভক্তিৰে ৰাইজে শোভাযাত্ৰা কৰি আনি চন্দ্ৰভাৰতী পাহাৰত স্থাপন কৰে। তাতে আগৰে পৰা শ্ৰীশ্ৰীঘনশ্যাম ৰায়ৰো বিগ্ৰহ আছিল। তেতিয়াৰে পৰা সেই বিগ্ৰহৰ লগতে নতুন বিগ্ৰহৰো পূজা-সেৱা চলিবলৈ ধৰিলে। ক্ৰমে দৌল আৰু ফাকুৱা উৎসৱৰ দিন পালেহি। লগে লগে পূজাৰীৰ চিন্তা হ’ল কোনজন বিগ্ৰহক দৌলত তুলিব। অৱশেষত পূজাৰীয়ে বিগ্ৰহৰ আগত প্ৰণিপাত কৰি জনালে যে যিজন বিগ্ৰহক দৌলত থাপিব সেইজনে যেন চাৰি আঙুলি আগবাঢ়ি প্ৰমাণ দেখুৱায়। পাছদিনা পূজাৰীয়ে দেখিলে যে নতুনকৈ অনা বিগ্ৰহজনা চাৰি আঙুল আগবাঢ়ি আছে। এনে ঘটনাত পূজাৰী আচৰিত হ’ল। ইয়াৰ পিছতে যথাৰীতি নতুন বিগ্ৰহকে দৌলত স্থাপন কৰা হ’ল আৰু তেতিয়াৰে পৰা এইজনা বিগ্ৰহ দৌল গোবিন্দ নামেৰে জনাজাত হৈ পৰে।