Holika Dahan : প্ৰথমে ক’ত হৈছিল হোলিকা দহন ? জানক তাৎপৰ্য আৰু পৌৰাণিক কাহিনী
হোলিকা দহন অসুৰ হোলিকাক জ্বলাই উদযাপন কৰা হয়। হিন্দু ধৰ্মৰ বহুতো পৰম্পৰাই প্ৰহ্লাদক ৰক্ষা হেতু বিষ্ণুৱে হোলিকাক বধ কৰাৰ বাবে ইয়াক উদযাপন কৰা হয়।

কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে হোলী উদযাপন। বৃহস্পতিবাৰে সমগ্ৰ দেশতে পূৰ্ণাংগ ৰীতি-নীতিৰে হোলিকা দহন অনুষ্ঠিত হ’ব। এই সময়ছোৱাত ভগৱান নাৰায়ণক পূজা কৰা হ’ব। ইয়াৰ লগে লগে আৰম্ভ হ’ব হোলী। কিন্তু প্ৰথমবাৰৰ বাবে কেতিয়া আৰু ক’ত হোলিকা দহন হৈছিল জানেনে? সেই ঠাইখন বিহাৰৰ পূৰ্ণিয়া। আজিও সেই স্থান শিকলিগঢ় আছে, যি স্থানত প্ৰথম হোলিকা দহন হৈছিল। ইয়াত ভক্ত প্ৰহ্লাদৰ আহ্বানত ভগৱান নৰসিংহই আবিৰ্ভাৱ হৈ হিৰণ্যকশিপুৰক বধ কৰিছিল। এই ঘটনাৰ কথা শ্ৰীমদ ভাগৱত আৰু স্কন্দ পুৰাণত উল্লেখ আছে। এই স্থান আজিও আছে আৰু ইয়াত হোলী উপলক্ষে বিশেষভাৱে উদযাপন কৰে।
কিয় পালন কৰে হোলিকা দহন?
হোলিকা দহন অসুৰ হোলিকাক জ্বলাই উদযাপন কৰা হয়। হিন্দু ধৰ্মৰ বহুতো পৰম্পৰাই প্ৰহ্লাদক ৰক্ষা হেতু বিষ্ণুৱে হোলিকাক বধ কৰাৰ বাবে ইয়াক উদযাপন কৰা হয়।
হোলিকা দহনৰ তাৎপৰ্য
হোলীৰ আগৰ ৰাতি উত্তৰ ভাৰত, নেপাল আৰু দক্ষিণ ভাৰতৰ কিছু স্থানত ঐতিহ্যগতভাৱে জুই জ্বলোৱা হয়। যৌৱকসকলে সেইদিনা বিভিন্ন ধৰণৰ সামগ্ৰী চুৰি কৰে আৰু হোলিকাৰ দহনত সেইবোৰ জ্বলাই দিয়ে।
এইটো উল্লেখ কৰাৰ প্ৰয়োজন যে, ভাৰতৰ বহুতো স্থানত এই দিনটোক হোলীৰ পৰিৱৰ্তে হোলিকা দহন বোলা হয়। প্ৰহ্লাদৰ কাহিনীৰ সৈতে সম্পৰ্কিত আৰু কিছু কামও কৰা হয়, কিন্তু হোলিকাৰ জুইত জ্বলাই দিয়া কাৰ্যটোই ইয়াৰ মুখ্য কাৰ্য। ইয়াৰ দ্বাৰা ৰজা হিৰণ্যকশিপুৰ আসুৰিক শক্তিতকৈ ভক্তিৰ শক্তি যে বেছি – এইটো প্ৰকাশ কৰা হয়, প্ৰহ্লাদ বহুতো অত্যাচাৰৰ পিছতো তেওঁ বিশ্বাস হেৰোৱা নাছিল।
পৌৰাণিক কাহিনী
মাতৃৰ গৰ্ভত থকা সময়তে প্ৰহ্লাদে তেওঁৰ মাতৃৰ মাধ্যমেৰেই নাৰদ কৃত হৰি গুণ-গানত বিভোৰ আছিল। জন্মৰ পৰা প্ৰথম তিনিটা বছৰ তেওঁ নাৰদৰ পৰা বিদ্যালাভ কৰিছিল। ইয়াৰ ফলশ্ৰুতিতেই প্ৰহ্লাদ বিষ্ণুৰ পৰম ভক্ত হৈ উঠে। আনহাতে, তেওঁৰ পিতৃ দৈত্যৰাজ হিৰণ্যকশিপু স্বভাৱগত ভগৱন্তৰ প্ৰতি অনাহা আৰু আধ্যাত্মিকতাৰ প্ৰতি অনাস্থাৰ ফলস্বৰূপে প্ৰহ্লাদৰ ওপৰত এই কথাত অসন্তুষ্ট হৈছিল, আৰু প্ৰহ্লাদক বিষ্ণু উপাসনাৰ পৰা আতঁৰিবলৈ সকীয়নিও প্ৰদান কৰিছিল। হিৰণ্যকশিপুৰ একাধিক সতৰ্কবাণী উপেক্ষা কৰি প্ৰহ্লাদ হৰিভক্তিত নিমজ্জিত হৈ ৰৈছিল। ইয়াতে খৰ্গহস্ত হৈ হিৰণ্যকশিপুয়ে বিহ পান কৰাই পুত্ৰহত্যা কৰিবলৈ উদ্যত হৈছিল যদিও প্ৰহ্লাদ ৰক্ষা পৰিল। দৈত্যৰাজে তেতিয়া পুত্ৰক জাকৰুৱা হাতীৰ দ্বাৰা পদদলন কৰাইছিল, কিন্তু প্ৰহ্লাদৰ প্ৰাণ পুনৰ ৰক্ষা পৰে। ইয়াৰ পিছত তেওঁ আপোন পুত্ৰক এটা সৰ্পসংকুল কক্ষত আৱদ্ধ কৰি নিধনৰ পৰিকল্পনা কৰিছিল যদিও বিষাক্ত সৰ্পবিলাকে নিজৰ শৰীৰেৰে প্ৰহ্লাদৰ বাবে এক শয্যাহে নিৰ্মাণ কৰিলে। ইমানতে ক্ষান্ত নাথাকি হিৰণ্যশিপুয়ে প্ৰহ্লাদক নদীতো নিক্ষেপ কৰিছিল। এই সকলো প্ৰচেষ্টাকেই বিষ্ণুৱে নস্যাত্ কৰি প্ৰহ্লাদক বাৰে বাৰে ৰক্ষা কৰিছিল।
হিৰণ্যকশিপুৰ ভগ্নী আৰু প্ৰহ্লাদৰ পেহীয়েক হোলিকাই এক বিশেষ বৰ প্ৰাপ্ত কৰিছিল আৰু এই বৰ অনুসৰি হোলিকাক অগ্নিয়ে দহন কৰিব নোৱাৰে। হিৰণ্যকশিপুৰ কু-মন্ত্ৰণা অনুসৰি হোলিকাই প্ৰহ্লাদক নিজৰ কোলাত লৈ এক জ্বলন্ত অগ্নিকুণ্ডত জাঁপ দিয়ে। প্ৰহ্লাদে বিষ্ণুক আৰাধনা কৰি তেওঁক নিৰাপদে ৰাখিবলৈ আহ্বান জনালে। বিষ্ণুৰ কৃপাত প্ৰহ্লাদ ৰক্ষা পৰে যদিও হোলিকা অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। এই পৰিঘটনাটোয়েই হিন্দু ধৰ্মৰ পৰম্পৰাত হোলিকা দহন হিচাপে পৰিচিত আৰু ইয়াক হোলি উত্সৱ হিচাপে হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰে।