5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Horoscope Today : আজিৰ দেওবাৰৰ দিনটো আপোনাৰ বাবে কেনেকুৱা হ’ব ? চাওঁক দিনটোৰ ৰাশিফল…

আজিৰ দিনটো পাঁচটা ৰাশিৰ জাতক জাতিকাৰ বাবে অতি শুভ । বিশেষকৈ কৰ্কট আৰু সিংহ ৰাশিৰ জাতক জাতিকাই ব্যৱসায়ত সফলতা লাভ কৰাৰ লগতে আৰ্থিক উন্নতি সাধন কৰিব পাৰিব । জ্যোতিষ শাস্ত্ৰ অনুসৰি আপোনাৰ আজিৰ দিনটো কেনে যাব চাওঁ আহক ।

Horoscope Today : আজিৰ দেওবাৰৰ দিনটো আপোনাৰ বাবে কেনেকুৱা হ’ব ? চাওঁক দিনটোৰ ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফল
manas-borah
Manas Borah | Published: 01 Dec 2024 06:00 AM

আজি ১ ডিচেম্বৰ দেওবাৰ । এই দিনটো পাঁচটা ৰাশিৰ জাতক জাতিকাৰ বাবে অতি শুভ । বিশেষকৈ কৰ্কট আৰু সিংহ ৰাশিৰ জাতক জাতিকাই ব্যৱসায়ত সফলতা লাভ কৰাৰ লগতে আৰ্থিক উন্নতি সাধন কৰিব পাৰিব । জ্যোতিষ শাস্ত্ৰ অনুসৰি আপোনাৰ আজিৰ দিনটো কেনে যাব চাওঁ আহক ।

মেষ ৰাশি : এই ৰাশিৰ জাতক জাতিকাসকলে অধিক ব্যস্ততাৰে দিন পাৰ কৰিব । কামবোৰ সময়মতে সম্পূৰ্ণ কৰাত গুৰুত্ব দিব । সফলতা লাভ কৰাৰ ক্ষেত্ৰত দিনটো অধিক শুভ দেখা গৈছে । দিনটোৰ কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে । স্বাস্থ্যৰ প্ৰতি যত্ন লওক । ক্ষাৰ্থীসকলে পঢ়াত মনোযোগ বৃদ্ধি কৰক । সন্ধিয়া ভ্ৰমণ কৰাৰ পৰা বিৰত থাকক।

বৃষ ৰাশি : বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে দিনটো পাৰ কৰিব পাৰে । কৰ্ম ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব । বাকী থকা কামে ব্যস্ততা বৃদ্ধি কৰিব । ভ্ৰমণৰ সম্ভাৱনা আছে । স্বাস্থ্য ভাল । পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ সমস্যা চিন্তা বৃদ্ধি কৰিব পাৰে । ব্যৱসায় কষ্ট কৰিলেহে ভাল ফল পাব । শিক্ষাৰ্থীসকলে পঢ়াৰ সময় বৃদ্ধি কৰক ।

মিথুন ৰাশি: অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব । বন্ধু-বান্ধৱীৰ সৈতে কিছু নতুন কাম আৰম্ভ কৰিব পাৰিব। বিশেষ মানুহ লগ পাব। ইচ্ছা লাভ কামবোৰ সম্পূৰ্ণ হ’ব। মিছা কথা কোৱাৰ বিৰত থাকক । স্বাস্থ্য ভালে । স্বাস্থ্যকৰ খাদ্যাভ্যাস গ্ৰহণ কৰক । পৰিয়ালৰক সময় দিয় । ধৈৰ্য বৃদ্ধিৰ বাবে ধ্যান কৰাৰ অভ্যাস কৰক ।

কৰ্কট ৰাশি : আপোনজনৰ কথাত আপুনি দুখী অনুভৱ কৰিব । বিভিন্ন পৰিকল্পনাত আন সমৰ্থন লাভ কৰিব। ব্যৱসায়ত সফলতা লাভ কৰিব। সামাজিক সম্পৰ্কৰ পৰা লাভৱান হ’ব। পৰিয়ালৰ বিবাদ দূৰ কৰাৰ বাবে আন সহযোগিতা গ্ৰহণ কৰক । ক্ৰীড়াবিদসকলৰ বাবে দিনটো শুভ । স্বাস্থ্যৰ পৰীক্ষা কৰক ।

​​সিংহ ৰাশি: দিনটোৰ আৰম্ভণিতে ব্যস্ততা থাকিব। ব্যৱসায়ত সফলতা লাভ কৰিব। ভাগ্যই প্ৰাধান্য পাব। নতুন সামগ্ৰী ক্ৰয় কৰিব পাৰে । বন্ধৰ সৈতে সময় পাৰ কৰিব । স্বাস্থ্যৰ যত্ন লওক । পৰিয়ালক সময় দিয়ক । বিবাদিত বিষয়ত নিজকে নিয়োজিত নকৰিব । আত্মবিশ্বাস বৃদ্ধি কৰক । অপ্ৰয়োজনী কামত সময় নষ্ট নকৰিব ।

কন্যা ৰাশি: কন্যা ৰাশিৰ লোকসকলে ধৰ্মীয় কামত ব্যস্ত হ’ব পাৰে । আৰ্থিক লাভৰ বাবে কৰা প্ৰচেষ্টা সফল হ’ব। পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। পুৰণি চুক্তি অনুসৰি কাম সম্পূৰ্ণ হ’ব। সম্পৰ্কৰ পৰা আপুনি লাভ পাব। স্বাস্থ্য যত্ন হোৱাটো প্ৰয়োজন । ঋতুজনিত সমস্যাই দেখা দিব পাৰে ।

তুলা ৰাশি : এই ৰাশি লোকসকলৰ ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা আছে। নতুন আঁচনিৰ সুবিধা লাভ কৰিব। পৰিয়ালৰ সদস্যৰ কিছু কথাই মনত দুখ দিব পাৰে । বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে । স্বাস্থ্য ভাল । দৈনিক যোগাসন কৰাৰ অভ্যাস কৰক । শিক্ষাৰ্থীসকলে মনোযোগ বৃদ্ধি কৰক ।

বৃশ্চিক ৰাশি: বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ সময় লাগিব । দিনটোৰ বাবে চিন্তা কৰি এটা ভাল পৰিকল্পনা কৰক । পৰিকল্পনা অনুসৰি দিনটোৰ কামবোৰ সম্পাদন কৰিব চেষ্টা কৰক । পৰিয়ালৰ সৈতে দিনটো কটাব পাৰে । প্ৰতিটো কামতে ধৈৰ্য ধৰক । নতুন কাম আৰম্ভ নকৰিব। ব্যৱসায়ত বৰ বিশেষ ভাল নহ’ব । স্বাস্থ্যৰ যত্ন লওক ।

​​ধনু ৰাশি : অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব । কামত মন দিয়ক । স্বাস্থ্যৰ যত্ন লওক । কাৰ্ম ক্ষেত্ৰ সলনি হ’ব পাৰে । বয়োজ্যেষ্ঠসকলক সন্মান কৰক। পৰিয়ালক সময় দিবলৈ চেষ্টা কৰক। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ বাবে সময় দিয়ক । আৰ্থিক অৱস্থা ভাল-বেয়া মাজতে থাকিব ।

মকৰ ৰাশি : পৰিকল্পনা অনুসৰি কাম কৰিবলৈ চেষ্টা কৰক । ধৈৰ্যৰে কাম সম্পাদন কৰিবলৈ চেষ্টা কৰক । ব্যৱসায়ত সমস্যা থাকিব পাৰে । আৰ্থিক সহায়ৰ প্ৰয়োজন হ’ব পাৰে । স্বাস্থ্য়ৰ বাবে ভাল খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিয়ক । বন্ধু সৈতে সময় কটাব পাৰে । যাত্ৰা সফল হ’ব।

কুম্ভ ৰাশি: অংশীদাৰিত্বৰে কৰা ব্যৱসায়ত অগ্ৰগতি হ’ব। আৰ্থিক লাভ হ’ব। নতুন ঘৰ বা দোকান কিনাৰ সম্ভাৱনা আছে। ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। ভাল খবৰ লাভ কৰিব পাৰে । যাত্ৰা সফল হ’ব। স্বাস্থ্যৰ যত্ন লওক । পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ সমস্যা চিন্তিত কৰিব পাৰে । শিক্ষাৰ্ৰথীসকলে পঢ়াত মনোযোগ দিয়ক ।

মীন ৰাশি: আজিৰ দিনটো এই ৰাশিৰ লোকসকলৰ বাবে অনুকূল নহয়, সাৱধান হওক। যিকোনো নতুন কাম আৰম্ভ কৰাত পলম হ’ব। পৰিকল্পনা কৰোঁতে সাৱধান হওক । ধৈৰ্য নেহেৰুৱাব । বিবাদৰ পৰা আঁতৰি থাকক । স্বাস্থ্যৰ অৱস্থা ভাল । মনৰ স্থিতি শক্তিশালী কৰিবলৈ ধ্যান কৰক । পৰীক্ষাৰ্থীয়ে অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব ।

Latest News