শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: আজি সাৱধানেৰে চলিব লাগিব এইকেইটা ৰাশিৰ লোকঃ চাওক আপোনাৰ ৰাশিফল

জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গণনা কৰি আন দিনকেইটাৰ দৰে আজিৰ দিনটোৰ ৰাশিফলো আগবঢ়াইছে। এই ৰাশিফল অনুসৰি আজিৰ দিনটোত কেইটামান ৰাশিৰ লোকে সাৱধানে চলিব লাগিব। আনহাতে আনকেইটামান ৰাশিৰ লোকে আজি আনন্দেৰে পাৰ কৰিব পাৰিব দিনটো। চাওঁ আহক মাৰ্চ মাহৰ প্ৰথমটো সোমবাৰ আপোনাৰ কিদৰে পাৰ হ’ব।

Daily Horoscope: আজি সাৱধানেৰে চলিব লাগিব এইকেইটা ৰাশিৰ লোকঃ চাওক আপোনাৰ ৰাশিফল
চাওক আপোনাৰ ৰাশিফল
monjit-dutta
Monjit Dutta | Published: 03 Mar 2025 06:00 AM

আজি ৩ মাৰ্চ, সোমবাৰ। জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গণনা কৰি আন দিনকেইটাৰ দৰে আজিৰ দিনটোৰ ৰাশিফলো আগবঢ়াইছে। এই ৰাশিফল অনুসৰি আজিৰ দিনটোত কেইটামান ৰাশিৰ লোকে সাৱধানে চলিব লাগিব। আনহাতে আনকেইটামান ৰাশিৰ লোকে আজি আনন্দেৰে পাৰ কৰিব পাৰিব দিনটো। আৰ্থিক, ব্যৱসায়িক, স্বাস্থ্য আদি সকলো দিশতে এই ৰাশিৰ লোকসকলৰ বাবে দিনটো সুখকৰ হ’ব। চাওঁ আহক মাৰ্চ মাহৰ প্ৰথমটো সোমবাৰ আপোনাৰ কিদৰে পাৰ হ’ব-

মেষ ৰাশিৰ ৰাশিফল

আৰ্থিক-ব্যৱসায়িক দিশত শুভ। কৰ্মব্যস্ততা বাঢ়িব। বৈবাহিক জীৱন সুখকৰ হ’ব। দীৰ্ঘদিন ধৰি কৰি অহা পৰিকল্পনা সম্পূৰ্ণ হ’ব। কামৰ লগতে পৰিয়ালৰ সদস্যৰ বাবেও সময় উলিয়াব লাগিব। অত্যধিক ধন খৰচ কৰাৰ পৰা বিৰত থাকক। খৰখেদাকৈ কোনো সিদ্ধান্ত ল’ব নালাগে।

বৃষ ৰাশিৰ ৰাশিফল

বাহন ব্যৱহাৰৰ সময়ত সাৱধান হ’ব লাগিব। অন্যথা দুৰ্ঘটনাৰ সন্মুখীন হ’ব পাৰে। যিকোনো সম্পত্তিৰ ক্ৰয়ৰ উদ্দেশ্যে ঋণৰ বাবে আবেদন কৰিলে সহজেই লাভ কৰিব। যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব। আনন্দমুখৰ হ’ব দিনটো। ব্যৱসায় আৰু আৰ্থিক দিশত শুভ।

মিথুন ৰাশিৰ ৰাশিফল

পাৰিবাৰিক জীৱন সুখী হ’ব। আৰ্থিক উন্নতি হ’ব। পৰিয়ালৰ সদস্যৰ মাজত মিলাপ্ৰীতি বাঢ়িব। আপোনাৰ চৌপাশে বাস কৰা শত্ৰুৰ পৰা সাৱধান হ’ব লাগিব। কোনো বন্ধুক সহায় আগবঢ়োৱাৰ সুযোগ পাব আৰু এই কথাই সুখী কৰিব।

কৰ্কট ৰোগৰ ৰাশিফল

যিকোনো কামত খৰখেদা দেখুৱালে ক্ষতি হ’ব পাৰে। উপাৰ্জন বৃদ্ধি পাব। ঘৰলৈ কোনো নতুন অতিথিৰ আগমন ঘটিব পাৰে। কোনো গুৰুত্বপূৰ্ণ তথ্য আন কাৰোবাৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থকা উচিত হ’ব। পৰিয়ালৰ সৈতে কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। নতুন সম্পত্তি ক্ৰয়ৰ যোগ।

সিংহ ৰাশিৰ ৰাশিফল

উপাৰ্জন বৃদ্ধিৰ দিন হ’ব। বৈবাহিক জীৱন সুখকৰ হ’ব। কনো কথাত মানসিক চাপৰ সন্মুখীন হৈছিল যদি সেয়া দূৰ হ’ব। পুৰণি কোনো আৰ্থিক লেনদেন নিষ্পত্তি হ’ব। ব্যৱসায়ত কিছু সাৱধান হোৱা উচিত হ’ব। পিতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ বাবে চিন্তিত হ’ব পাৰে। ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব।

কন্যা ৰাশিৰ ৰাশিফল

পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ ক্ষেত্ৰত থকা বাধা দূৰ যাব। দূৰত বাস কৰা কোনো আত্মীয়ৰ পৰা হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব। আৰ্থিক দিশত শুভ। যিকোনো কথা বিশ্বাস কৰাৰ পৰা বিৰত থাকিব লাগিব। আইনী বিষয়ত জড়িত হৈ আছিল যদি আপোনাৰ পক্ষে সিদ্ধান্ত আহিব। ৰাজনীতিৰ সৈতে জড়িত লোকৰ বাবে শুভ।

তুলা ৰাশিৰ ৰাশিফল

ব্যৱসায়ত শুভ। ব্যৱসায় সংক্ৰান্তীয় কোনো ধন পাবলৈ আছিল যদি আজি সেই ধন ঘূৰাই পাব। ঘৰলৈ কোনো নতুন অতিথিৰ আগমন ঘটিব পাৰে। অধিক উপাৰ্জনে আপোনাক সুখী কৰি তুলিব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

পত্নীৰ লগত কিছু মতানৈক্যৰ সৃষ্টি হ’ব পাৰে। নিজৰ কথা-বতৰা আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব। খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। আনৰ বিষয়ত অযথা হস্তক্ষেপ কৰিলে সমস্যাৰ সৃষ্টি কৰিব। অৱশ্যে পৰিয়ালৰ পৰা, বিশেষকৈ ভাতৃ-ভগ্নীৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ’ব।

ধনু ৰাশিৰ ৰাশিফল

যি কামতে জড়িত হয়, প্ৰতিটো কামতে সফলতা লাভ কৰিব। আৰ্থিক উন্নতি ঘটিব। ব্যৱসায়ত সফলতা আহিব। কৰ্মক্ষেত্ৰত শুভ। সহকৰ্মী তথা বৰমূৰীয়াৰ পৰা সহযোগিতা লাভ কৰিব। পূৰ্বৰ কোনো কাম অসম্পূৰ্ণ হৈ আছিল যদি সেয়া আজি সম্পূৰ্ণ হ’ব। পৰিয়ালৰ কোনো সদস্যৰ পৰা উপহাৰ লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িতসকলৰ বাবে শুভ।

মকৰ ৰাশিৰ ৰাশিফল

আৰ্থিক তথা ব্যৱসায়িক ক্ষেত্ৰত শুভ। পূৰ্বৰ কোনো ঋণ আছিল যদি সেয়া পৰিশোধৰ চেষ্টা কৰিব। মহিলা বন্ধুসকলৰ পৰা কিছু সাৱধান হ’ব লাগিব। বাকী থকা কোনো কাম সম্পূৰ্ণ হ’ব আৰু ইয়াৰ ফলত আপুনি সুখী অনুভৱ কৰিব। আধ্যাত্মিক কাম-কাজৰ প্ৰতি আপুনি আগ্ৰহী হ’ব। বৈবাহিক জীৱনত কোনো কথাত মতানৈক্য হ’ব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল

সন্তানৰ পৰা কোনো ভাল খবৰ শুনিব পাৰে। অবিবাহিত লোকসকলৰ বিবাহৰ ক্ষেত্ৰত থকা যিকোনো বাধা দূৰ হ’ব আৰু বিবাহ ঠিক হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো চিন্তা আছিল যদি সেয়াও দূৰ হ’ব। আৰ্থিক আৰু ব্যৱসায়িক দিশত শুভ। নিজৰ কামত মনোনিৱেশ কৰি ৰাখিব লাগিব।

মীন ৰাশিৰ ৰাশিফল

ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটাব পাৰিব। আৰ্থিক দিশতো উন্নতি হ’ব। অহিত চিন্তকৰ পৰা কিছু সাৱধান হ’ব লাগিব। চুবুৰীয়া কোনো লোকৰ সৈতে বিবাদ হ’ব পাৰে। পিতৃৰ পৰামৰ্শ লৈ কোন পৰিকল্পনাত আগবাঢ়িলে সফল হ’ব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে।