শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Horoscope Today : আজি দেওবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক দিনটোৰ ৰাশিফল…

আজি দিনটো কেইবাটাও ৰাশিৰ বাবে ভাল দিন হ’বলৈ গৈ আছে । কেইটামান ৰাশিৰ জাতক জাতিকাই বিনিয়োগত ভাল লাভ অৰ্জন কৰিব পাৰিব । সুখৰ সময় কটাবলৈ সুযোগ লাভ কৰিব । ঘৰলৈ নতুন অতিথি আহিব পাৰে । জ্যোতিষ শাস্ত্ৰৰ মতে আজি আপোনাৰ দিনটো কেনে যাব ? চাওঁ আহক ।

Horoscope Today : আজি দেওবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক দিনটোৰ ৰাশিফল…
ৰাশিফল
manas-borah
Manas Borah | Updated On: 02 Mar 2025 06:23 AM

আজি ২ মাৰ্চ দেওবাৰ । আজি দিনটো কেইবাটাও ৰাশিৰ বাবে ভাল দিন হ’বলৈ গৈ আছে । কেইটামান ৰাশিৰ জাতক জাতিকাই বিনিয়োগত ভাল লাভ অৰ্জন কৰিব পাৰিব । সুখৰ সময় কটাবলৈ সুযোগ লাভ কৰিব । ঘৰলৈ নতুন অতিথি আহিব পাৰে । জ্যোতিষ শাস্ত্ৰৰ মতে আজি আপোনাৰ দিনটো কেনে যাব ? চাওঁ আহক ।

মেষ ৰাশি: সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ কৰাৰ দিন হ’ব। বিশ্বাসযোগ্যতা আৰু সন্মান বৃদ্ধি পাব। ঘৰৰ সকলোকে সুখী কৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। পুৰণি বন্ধুক বহুদিনৰ মূৰত লগ পাব। পত্নীৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক। ব্যৱসায়ত কিছুমান নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। স্বাস্থ্য়ৰ যত্ন ল’ব ।

বৃষ ৰাশি: চৰকাৰী কামত আগবাঢ়ি যাব। চৰকাৰী নিবিদা পাব পাৰে। ভ্ৰমণ কৰিব পাৰে । পৰিয়ালত সুখ থাকিব। আপোনাৰ ল’ৰা-ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই সুখী হ’ব। স্বাস্থ্য যত্ন ল’ব ।

মিথুন ৰাশি:  উপকাৰী দিন হ’বলৈ গৈ আছে। সামাজিক কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। যদি আৰ্তজনক সহায় কৰাৰ সুযোগ পায়, তেন্তে নিশ্চিতভাৱে কৰক। বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনাত অলপ চিন্তা কৰি আগবাঢ়ি যাওক। পৰিয়ালৰ কোনো সদস্যৰ পৰা হতাশাজনক খবৰ শুনিব পাৰে। নতুন চাকৰিৰ অফাৰ পাব পাৰে।

কৰ্কট ৰাশি: আজি আপোনালোকৰ বাবে এটা ভাল দিন হ’বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা যদি কিবা সহায়ৰ প্ৰয়োজন হয়, তেন্তে সেই সহায় সহজেই পাব। চাকৰিৰ বাবে চিন্তিত মানুহে হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব। মনৰ মাজত প্ৰতিযোগিতাৰ অনুভূতি আহিব। স্বাস্থ্যৰ যত্ন ল’ব । ব্য়ৱসায়ত অলপ সাৱধান হ’ব ।

সিংহ ৰাশি: সততাৰে কাম কৰাৰ দিন হ’ব। ছাত্ৰ-ছাত্ৰীয়ে যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰো লগত ভাগ-বতৰা কৰাৰ পৰা বিৰত থাকিব লাগিব। পাৰিবাৰিক বিষয়ত দুয়োপক্ষৰ কথা শুনি সিদ্ধান্ত ল’ব। আনৰ কথাত বিশ্বাস নকৰিব। স্বাস্থ্য পৰীক্ষা কৰিব ।

কন্যা ৰাশি: আজিৰ দিনটোত আপোনাৰ সন্মান বৃদ্ধি পাব। শিল্প দক্ষতা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত জ্যেষ্ঠজনক সন্তুষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু শুভ উৎসৱত অংশগ্ৰহণ কৰিব পাৰে। ব্যৱসায়ত আপুনি কিছু ডাঙৰ কৃতিত্ব লাভ কৰিব পাৰে। ঘৰত নতুন অতিথি আহিব পাৰে। দেউতাৰ কথাক আওকাণ নকৰিব । স্বাস্থ্য়ৰ যত্ন ল’ব ।

তুলা ৰাশি: আজি দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰিব পাৰে । দীৰ্ঘম্যাদী পৰিকল্পনাই গতি লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান বাঢ়িব। আপোনাৰ কামে আনক সুখী কৰিব । ভৱিষ্যতৰ বাবে কৰা বিনিয়োগে ভাল লাভ দিব। প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব। বৈবাহিক জীনৱত কিছু বিবাদ থাকিব পাৰে । স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওক ।

বৃশ্চিক ৰাশি: স্বাস্থ্যৰ প্ৰতি মনোনিৱেশ বৃদ্ধি কৰিব লাগিব। দৈনন্দিন কাম-কাজ ভালকৈ কৰিবলৈ চেষ্টা কৰিব। চৰকাৰী বিষয়ত যথেষ্ট আগ্ৰহ থাকিব। কিছুমান ঋতুভিত্তিক ৰোগে অসুবিধা দিব পাৰে। পৰিয়ালৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰিব। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। ঘৰত আলহী অহাৰ বাবে পৰিবেশ সুখকৰ হ’ব।

ধনু ৰাশি: ধৈৰ্যৰে কামবোৰ কৰাৰ দিন হ’ব। কাম বেছি হোৱাৰ বাবে আপুনি ব্যস্ত থাকিব । যিকোনো কামত অসাৱধান হ’লে তাত ক্ষতি হ’ব পাৰে । অন্ধভাৱে কাকো বিশ্বাস নকৰিব। ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়ত অংশীদাৰিত্ব কৰাৰ কথা ভাবিব। স্বাস্থ্য যত্ন ল’ব ।

মকৰ ৰাশি: এটা ভাল দিন হ’বলৈ গৈ আছে। ব্যৱসায় অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিব। স্বাস্থ্যৰ প্ৰতিও সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। আপুনি আপোনাৰ পত্নীৰ বাবে নতুন কাপোৰ আৰু গহনা আদি ক্ৰয় কৰিব পাৰে। পাৰিবাৰিক বাধা আঁতৰিব। সম্পত্তিৰ সন্দৰ্ভত আইনী বিবাদৰ সৃষ্টি হ’ব পাৰে।

কুম্ভ ৰাশি: জটিলতাৰে ভৰা দিন হ’বলৈ গৈ আছে। ভাল চিন্তাৰ সুবিধা ল’ব। শত্ৰুৰ পৰা সাৱধান হ’ব লাগিব । যিকোনো ধৰণৰ লেনদেন কৰাটো এৰাই চলিব লাগিব। নতুন ঘৰ ক্ৰয় কৰিব পাৰে। পৰীক্ষাৰ্থীসকলে সফলতা লাভ কৰিব । ভ্ৰমণ কৰিব পাৰে । স্বাস্থ্যৰ যত্ন ল’ব ।

মীন ৰাশি: আজিৰ দেওবাৰৰ দিনটো আপুনি ভাল-বেয়া মাজেৰে পাৰ কৰিব । সম্পত্তি লাভ কৰিব পাৰে । আনৰ কথাই আপোনাৰ মনত অশান্তি দিব পাৰে । পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব । অপ্ৰয়োজনী খৰচৰ পৰা বিৰত থাকক। গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই নাথাকিব। স্বাস্থ্যৰ যত্ন ল’ব ।