5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Horoscope Today: আজিৰ দিনটোৰ ৰাশিফল, জানক কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হব ভাগ্য…

২৩ অক্টোবৰ, আজি বুধবাৰ । জ্যোতিষ গণনা অনুসৰি আজিৰ দিনটো আজিৰ দিনটো আপোনাৰ কেনে কেনে যাব ।

Horoscope Today: আজিৰ দিনটোৰ ৰাশিফল, জানক কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হব ভাগ্য…
manas-borah
Manas Borah | Updated On: 23 Oct 2024 12:20 PM

আজি ২৩ অক্টোবৰ। জ্যোতিষ গণনা অনুসৰি আজিৰ দিনটো কেইটামান ৰাশিৰ বাবে শুভ আৰু কেইটামানৰ বাবে মিশ্ৰিত দেখা গৈছে। ৰাশিফলৰ জৰিয়তে চাওক আজিৰ দিনটো কেনে যাব আপোনাৰ।

মেষ ৰাশি:মেষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আয় বৃদ্ধিৰ দিন । পদোন্নতিৰ লাভ কৰাৰ সম্ভাৱনা আছে । বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব । কামৰ ব্যস্ততা থাকিব । শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি শুভ ।

বৃষ ৰাশি:উন্নতি সাধনত সফল হ’ব । এই ৰাশিৰ জাতক জাতিকাসকলে আয়ৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰে । কাম কৰাৰ বাবে এটা পৰিবেশ লাভ কৰিব । পাৰিবাৰিক মৰম বাঢ়িব । অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকক । পঢ়াত ভাল । শৰীৰ চৰ্চা কৰাৰ অভ্যাস কৰক । স্বাস্থ্যৰ যতন লওক ।

মিথুন ৰাশি : এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভাগ্য লগত থাকিব । পদোন্নতিৰ যোগ । সন্তানৰ পৰা ভাল খবৰ আহিব । চাকৰি আৰু ব্যৱসায়ত সহকৰ্মীসকলৰ সমৰ্থন লাভ কৰিব । স্বাস্থ্যৰ যতন লওক । কোনো কামৰ প্ৰতি এলাহ নকৰিব । প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰক । শিক্ষাৰ্থীসকলে পঢ়াত মন দিয়ক ।

কৰ্কট ৰাশি : এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ভ্ৰমণৰ বাবে অতি শুভ । ভ্ৰমণৰ সুযোগ লাভ কৰিব । মনৰ পৰা হতাশা আঁতৰিব । পৰিয়ালৰ, বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন লাভ কৰিব । শিক্ষাৰ্থীসকলৰ বাবে ভাল দিন, পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী হ’ব । পত্নীক সময় দিয়ক ।

সিংহ ৰাশি : এই ৰাশিৰ জাতক জাতিকাসকলৰ শত্ৰুৱে পৰাজয়বৰণ কৰিব । ভাগ্য আৰু সফলতা দুয়োটাই লগত থাকিব । উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ’ব। পৰিয়ালক সুখী কৰিবলৈ যত্ন ল’ব । খাদ্য়ভ্যাস নিয়ন্ত্ৰণ কৰি স্বাস্থ্যৰ যতন লওক । কামত মনোনিৱেশ কৰক । ভাগ্যই সহায় কৰিব । শিক্ষাৰ্থীসকলে প্ৰশংসা লাভ কৰিব পাৰে ।

কন্যা ৰাশি:কৰ্মক্ষেত্ৰত যথেষ্ট কষ্ট হ’ব পাৰে । কিন্তু উপাৰ্জনৰ বৃদ্ধি যোগ । বৌদ্ধিক ক্ষেত্ৰখনৰ লোকসকলৰ বাবে শুভ দিন । খং পৰিহাৰ কৰক। স্বাস্থ্যৰ যতন লওক । আপোনজনৰ সৈতে কাজিয়া কৰাৰ পৰা আঁতৰি থাকি বুজিবলৈ চেষ্টা কৰক । পৰিয়ালৰ লোকৰ সৈতে ভাল সম্পৰ্ক থাকিব । ব্যয় বৃদ্ধি হ’ব পাৰে । যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অলপ সময় চিন্তা কৰিব ।

তুলা ৰাশি : আপোনাৰ ভালপোৱাৰ বিপৰীতে কিছু কাম হ’ব পাৰে। পৰিয়ালৰ বাবে ভাল দিন, সুখ আৰু শান্তি বাঢ়িব । ভাগ্যই সহায় কৰিব । খৰচ বৃদ্ধি পাব পাৰে । কৰ্ম ক্ষেত্ৰত আনৰ সহায় লাভ কৰিব । শিক্ষাৰ্থীসকলৰ বাবে ভাল দিন ।

বৃশ্চিক ৰাশি:বৃশ্চিক ৰাশিৰ লোকসকলে কেৰিয়াৰৰ ক্ষেত্ৰত ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু ব্যৱসায়ত আকাংক্ষিত ফলাফল লাভ কৰাত ভাগ্যই আপোনাক সহায় কৰিব। কিছুমান কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আপুনি সুখী হ’ব। আপোনাৰ সন্তানৰ পৰা প্ৰতিটো ধৰণৰ সহায় পাব । স্বাস্থ্যৰ যতন ল’ব । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত সময় দিয়ক ।

ধনু ৰাশি:ধনু ৰাশিৰ জাতক জাতিকাসকলে সকলো পৰিকল্পনাত সফল হ’ব। কৰ্মক্ষেত্ৰত কামৰ বুজা বাঢ়িব পাৰে । সম্পত্তিক লৈ পৰিয়ালৰ সৈতে কোনো বিবাদত লিপ্ত হোৱাৰ পৰা আঁতৰি থাকিব । ভাই-ভনীৰ মাজত ভাল সম্পৰ্ক ৰক্ষা কৰাৰ বাবে চেষ্টা কৰক । বিশেষ যত্ন লওক।

মকৰ ৰাশি:মকৰ ৰাশিৰ জাতক জাতিকাসকলে জীৱনৰ সফলতাক লৈ সুখী অনুভৱ কৰিব । সন্মান লাভৰ যোগ, একেলগে জনপ্ৰিয়তাও বাঢ়িব । স্বাস্থ্যৰ প্ৰতি যতন লওক । অস্বাস্থ্যকৰ খাদ্য নাখাব । আনক সহায় কৰিবলৈ চেষ্টা কৰক । ৰাজহুৱা কামত সম্প্ৰীতি বজাই ৰাখিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিব । শিক্ষাৰ্থীসকলৰ পঢ়াৰ প্ৰতি গুৰুত্ব বাঢ়িব ।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্ম ক্ষেত্ৰত দায়িত্ব বাঢ়িব । ধৰ্মীয় কিছু কাম-কাজৰ সৈতে জড়িত হৈ পৰিব । উপাৰ্জন বৃদ্ধিৰ যোগ । পাৰিবাৰিক সম্পৰ্ক ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক । স্বাস্থ্যৰ যতন লওক । অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা আঁতৰি থাকক । নিজৰ ওপৰত বিশ্বাস ৰাখক । শিক্ষাৰ্থীৰ ক্ষেত্ৰত দিনটো ভালে যাব ।

মীন ৰাশি :মীন ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো সফলতাৰে পাৰ হ’ব। ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজন সৈতে সংযোগ স্থাপন হ’ব। নতুন উপাৰ্জনৰ উৎস বিচাৰি পাব । ৰাজনীতিত ৰাইজৰ সম্পৰ্ক ৰক্ষা কৰক । বিনিয়োগৰ ক্ষেত্ৰত শুভ দিন । শিক্ষা ক্ষেত্ৰখনৰ লোকসকলে আশা কৰাতকৈ অন্য কিবা ফলাফল লাভ কৰিব পাৰে। স্বাস্থ্যৰ ভালে যাব যদিও যতন ল’বলৈ নাপাহৰিব ।

(স্পষ্টীকৰণঃ ওপৰোক্ত তথ্যৰ সত্যাসত্য আমাৰ হাতত নাই। এই লেখাত দিয়া তথ্য সম্পূৰ্ণ সত্য আৰু সঠিক বুলি আমি দাবী নকৰো । জ্যোতিষ শাস্ত্ৰৰ মান্যতা আৰু বিশ্বাস অনুসৰি এই লেখাটো লিখা হৈছে। প্ৰয়োজন হ’লে সংশ্লিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক ।)

Latest News