5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Horoscope Today :আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক দিনটোৰ ৰাশিফল…

আজি ২৫ ডিচেম্বৰ বুধবাৰ । আজি কেইবাটাও ৰাশিৰ জাতক জাতিকাই আৰ্থিক উন্নতি সাধন কৰাৰ সম্ভাৱনা দেখা গৈছে । দিনটোৰ কাম আৰম্ভ কৰাৰ আগতে চাওঁ আহক আজিৰ দিনটোৰ ৰাশিফল ।

Horoscope Today :আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক দিনটোৰ ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফল
manas-borah
Manas Borah | Published: 25 Dec 2024 06:00 AM

আজি ২৫ ডিচেম্বৰ বুধবাৰ । আজি বেছি ভাগ ৰাশিৰ জাতক জাতিকাই বিশেষ মুহূৰ্ত বন্ধু-বান্ধৱীৰ সৈতে কটোৱাৰ সম্ভাৱনা আছে । ৰাশিফলৰ পৰা চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু দিনটোৰ ভিতৰত ঘটি থকা শুভ আৰু অশুভ পৰিঘটনাৰ বিষয়ে ভৱিষ্যদ্বাণী পোৱা যায়। আজি কেইবাটাও ৰাশিৰ জাতক জাতিকাই আৰ্থিক উন্নতি সাধন কৰাৰ সম্ভাৱনা দেখা গৈছে । দিনটোৰ কাম আৰম্ভ কৰাৰ আগতে চাওঁ আহক আজিৰ দিনটোৰ ৰাশিফল ।

মেষ ৰাশি: আজি দিনটো এই ৰাশিৰ জাতক জাতিকাৰ বাবে উত্থান-পতনেৰে ভৰা দিন হ’বলৈ গৈ আছে। শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত যিকোনো লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰিব যদিও বিশেষ চিন্তাই প্ৰভাৱ পেলাব । ভাল পৰিকল্পনা কৰিব পাৰে। সময়ৰ কাম সময়ত শেষ কৰিবলৈ চেষ্টা কৰক ।

বৃষ ৰাশি: এই ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ দিন হ’বলৈ গৈ আছে। শুভ অনুষ্ঠানৰ অংশগ্ৰহণ কৰিব পাৰে । ভাল খবৰ লাভ কৰিব পাৰে। সম্পত্তিৰ বিষয়ত বিবাদ হোৱাৰ সম্ভাৱনা আছে। জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ গ্ৰহণ কৰিব । যিকোনো কামত খৰখেদা নকৰিব। লেনদেন সম্পৰ্কীয় যিকোনো বিষয়ত সাৱধান হ’ব ।

মিথুন ৰাশি : আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ জাতক জাতিকাৰ বাবে এটা ভাল দিন । ব্যৱসায়ত কিছুমান নতুন পৰিকল্পনা কৰিব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব। নতুন দায়িত্ব লাভ কৰিব । পৰিয়ালত কিছু সমস্যা থাকিব । বাকী থকা কামটোও সম্পূৰ্ণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। স্বাস্থ্য যত্ন লওক ।

কৰ্কট ৰাশি: আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাৰ বাবে সন্মানৰ দিন হ’ব। ভ্ৰমণৰ সম্ভাৱনা আছে । বিৰোধীৰ পৰা সাৱধানে থাকক। সমাজৰ আন লোকৰ পৰা সমৰ্থন লাভ কৰিব পাৰে । আৰ্থি বিষয়ত অপ্ৰয়োজনীভাৱে বা অসাৱধানভাৱে সিদ্ধান্ত গ্ৰহণ নকৰিব । স্বাস্থ্যৰ প্ৰতি সচেতন হওক । বিবাহৰ প্ৰস্তাৱ পাব পাৰে ।

সিংহ ৰাশি: আজিৰ এই ৰাশিৰ জাতক জাতিকাৰ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ব্যৱসায়ত নতুন পৰিকল্পনা কৰিব পাৰে । পৰীক্ষাৰ্থীয়ে সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। খোৱা-বোৱাৰ অভ্যাস সলনি কৰিব লাগিব। স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওক ।

কন্যা ৰাশি: এই ৰাশিৰ জাতক জাতিকাই নতুন বন্ধু লাভ কৰাৰ সম্ভাৱনা আছে । অচিনাক্ত মানুহৰ পৰা সাৱধানে থাকক । কৰ্মক্ষেত্ৰত কোনোবাই আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। স্বাস্থ্যৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। কামত খৰখেদা নকৰিব। যান-বাহন সাৱধান হওক । অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকক ।

তুলা ৰাশি: আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাই সাৱধান হোৱা প্ৰয়োজন । অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। ব্যৱসায়ত সাৱধান সিদ্ধান্ত লওক । সম্পত্তিত বিনিয়োগ কৰিব পাৰে। আনৰ পৰামৰ্শ লাভ কৰিব। পৰিয়ালৰ সৈতে সহযোগিতামূলক সম্পূৰ্ক থাকিব । স্বাস্থ্য যত্ন লওক ।

বৃশ্চিক ৰাশি: এই ৰাশিৰ লোকৰ আজিৰ দিনটোত প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব পাৰে । শুভ অনুষ্ঠান অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । নতুন চাকৰি পাব পাৰে। সন্মান বৃদ্ধি পাব । আৰ্থিক বিষয়ে সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্যৰ যত্ন লওক । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোযোগ দিয়ক ।

ধনু ৰাশি: ব্যৱসায়ৰ ক্ষেত্ৰত এই ৰাশিৰ লোকৰ বাবে এটা ভাল দিন । বহু বাকী থকা কাম সম্পূৰ্ণ হ’ব। পৰিয়ালৰ সদস্যসকলৰ স্বাৰ্থত এটা ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। সম্পৰ্ক বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে । আৰ্থিক ক্ষেত্ৰত লাভৱান হ’ব । নতুন বন্ধু-বান্ধৱীক লগ পাব । স্বাস্থ্যৰ যত্ন লওক ।

মকৰ ৰাশি: আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাই বিতৰ্কৰ পৰা আঁতৰি থাকক । পৰিয়ালৰ লোকৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। বাকী থকা কাম সম্পূৰ্ণ হ’ব। অপ্ৰয়োজনীয় খৰচ কৰাৰ বিৰত থাকক । বিনিয়োগত সাৱধান হোৱাটো প্ৰয়োজন । স্বাস্থ্যৰ যত্ন লওক । ভ্ৰমণৰ সম্ভাৱনা আছে ।

কুম্ভ ৰাশি: ভুল সিদ্ধান্তই আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাক ক্ষতি কৰিব পাৰে । স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। মনৰ চিন্তা বৃদ্ধি পাব । আলোচনাৰ জৰিয়তে সিদ্ধান্ত লওক । যিকোনো বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগিব। পৰিয়ালৰ সদস্যৰ সৈতে মধুৰ সময় কটাব। শিক্ষাৰ্থীসকলে প্ৰয়োজনীয় কামত সময় খৰচ কৰক ।

মীন ৰাশি: এই ৰাশিৰ জাতক জাতিকাই নতুন চাকৰি পোৱাৰ ক্ষেত্ৰত কিছু ভাল খবৰ পাব । ব্যৱসায়তো ভাল পৰিকল্পনাত কাম কৰাৰ সুযোগ পাব। ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে । ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । স্বাস্থ্যৰ যত্ন লওক । নতুন বন্ধু-বন্ধৱীৰ সৈতে মধুৰ সময় কটোৱাৰ সুযোগ লাভ কৰিব ।

Latest News