Horoscope Today: দিনটোৰ ৰাশিফলঃ আজি বাহন চলাওঁতে সাৱধান হওক এই ৰাশিৰ লোকসকল... | Horoscope today 26 October Saturday Rashifal check todays zodiac sign predicts in Assamese Assam news - Assam Tv9

Horoscope Today: দিনটোৰ ৰাশিফলঃ আজি বাহন চলাওঁতে সাৱধান হওক এই ৰাশিৰ লোকসকল…

আজি ২৬ অক্টোবৰ, শনিবাৰ। জ্যোতিষ চৰ্চাৰ জৰিয়তে জ্যোতিষীসকলে যিকোনো লোকৰ ৰাশিৰ ওপৰত ভিত্তি কৰি ব্যক্তিজনৰ জীৱনৰ বিভিন্ন দিশৰ বিষয়ে পূৰ্বানুমান আগবঢ়ায়। আজিৰ দিনটো বিভিন্ন ৰাশিৰ লোকসকলৰ কেনে যাব তাৰ জ্যোতিষৰ ভৱিষ্যদ্বাণী চাওঁ আহক।

Horoscope Today: দিনটোৰ ৰাশিফলঃ আজি বাহন চলাওঁতে সাৱধান হওক এই ৰাশিৰ লোকসকল...

আজি দিনটো কেনে যাব আপোনাৰ

Published: 

26 Oct 2024 06:14 AM

জ্যোতিষ চৰ্চাৰ জৰিয়তে জ্যোতিষীসকলে যিকোনো লোকৰ ৰাশিৰ ওপৰত ভিত্তি কৰি ব্যক্তিজনৰ জীৱনৰ বিভিন্ন দিশৰ বিষয়ে পূৰ্বানুমান আগবঢ়ায়। জ্যোতিষ শাস্ত্ৰত মুঠ ১২ টা ৰাশিৰ বিষয়ে উল্লেখ আছে। এই ৰাশিসমূহৰ প্ৰতিটোৰে প্ৰতি দিনে পৃথম পৃথক যোগ থাকে। আজি ২৬ অক্টোবৰ, শনিবাৰ। আজিৰ দিনটো বিভিন্ন ৰাশিৰ লোকসকলৰ কেনে যাব তাৰ জ্যোতিষৰ ভৱিষ্যদ্বাণী চাওঁ আহক।

মেষ ৰাশিঃ মেষ ৰাশিৰ লোকসকলে আজি কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থকা উচিত, অন্যথা যথেষ্ট লোকচানৰ সন্মুখীন হ’ব পাৰে। কোনো বিষয়ক লৈ পত্নীৰ সৈতে মতামিলন্যৰ ঘটিব পাৰে। পৰিয়ালৰ কোনো সদস্য হয়তো চাকৰিৰ বাবে আঁতৰি যাবলগীয়া হ’ব পাৰে।

বৃষ ৰাশিঃ এই ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো শুভ। আজি হয়তো এই ৰাশিৰ লোকসকলে কেইবাটাও সুখবৰ লাভ কৰিব পাৰে। নতুন কোনো পৰিকল্পনা কৰা লোকসকলে আজি পৰিকল্পনাৰ দিশত আগবাঢ়িব পাৰে। কোনো প্ৰভাৱশালী ব্যক্তিক সাক্ষাতৰ সুযোগ লাভৰ সম্ভাৱনা আছে। ভাতৃ-ভগ্নীৰ মাজৰ ভুল বুজাবুজিৰ সমাধান হ’ব।

মিথুন ৰাশিঃ মিথুন ৰাশিৰ লোকসকলৰ পাৰিবাৰিক জীৱন আজি মধুৰ হ’ব। আজি নতুন কোনো কাম আৰম্ভ কৰিলে সুফল পাব। আপোনাক অশান্তি দিবলৈ চেষ্টা কৰা কোনো অহিত চিন্তকৰ সন্মুখীন হ’ব পাৰে।

কৰ্কট ৰাশিঃ এই ৰাশিৰ লোকসকল আজি যান-বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু সমস্যাই দেখা দিব পাৰে। পেছাদাৰী ক্ষেত্ৰৰ পৰিৱৰ্তন আপোনাৰ বাবে উত্তম হ’ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িতসকলে নতুন কোনো সঁজুলি প্ৰৱৰ্তনৰ কথা চিন্তা কৰিব পাৰে।

সিংহ ৰাশিঃ প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ সংগীক পৰিয়ালৰ সৈতে চিনাকি কৰাই দিয়াৰ কথা চিন্তা কৰিব পাৰে। বহুদিনৰ পিছত পুৰণি বন্ধুক লগ পাব পাৰে। কিছুমান অমীমাংসিত সমস্যাই চিন্তাৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰৰ কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। বহুদিনৰ পৰা অসমাপ্ত ৰূপত থকা কোনো কামে আজি হয়তো গতি লাভ কৰিব।

কন্যা ৰাশিঃ কৰ্মক্ষেত্ৰত মানসিক চাপৰ সৃষ্টি হ’ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰি ৰাখিব লাগে। ব্যৱসায়ত কিঞ্চিত হ’লেও লাভৰ মুখ দেখিব। ভ্ৰমণৰ সময়ত আপুনি মূল্যৱান তথ্য লাভ কৰিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ ক্ষেত্ৰত থকা বিবাদৰ অন্ত পৰিব পাৰে।

তুলা ৰাশিঃ তুলা ৰাশিৰ লোকসকলে আজি অতীতৰ ভুলৰ পৰা শিকিব পাৰে। দূৰৈৰ আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে। চাকৰি সম্পৰ্কীয় বিষয়ত আশাপ্ৰদ খবৰৰ আশা কৰিব পাৰে। বহুদিনৰ পৰা অসমাপ্ত ৰূপত থকা কোনো কাম সম্পূৰ্ণ হৈ উঠিব পাৰে। ভ্ৰমণৰ সময়ত মূল্যৱান তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।

বৃশ্চিক ৰাশিঃ বিত্তীয় ক্ষেত্ৰত সাৱধান হওক, ধন হেৰুওৱাৰ আশংকা আছে। পৰিয়ালৰ সদস্যসকলৰ মাজত সংঘাতৰ সৃষ্টি হ’ব পাৰে। আনক অনাকাংক্ষিত পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকক। পত্নীৰ পৰা কোনো ‘চাৰপ্ৰাইজ’ লাভ কৰিব পাৰে।

ধনু ৰাশিঃ ধনু ৰাশিৰ লোকসকল আজি আইনী বিষয়ৰ সৈতে মোকাবিলা কৰিলে সাৱধান হওক। অমীমাংসিত পাৰিবাৰিক সমস্যা পুনৰ উত্থাপিত হ’ব পাৰে। বহুদিনৰ পিছত পুৰণি বন্ধুৰ সৈতে পুনৰ সংযোগ স্থাপন হ’ব পাৰে আৰু ভ্ৰমণৰ সময়ত উল্লেখযোগ্য তথ্য লাভ কৰিব পাৰে। নতুন কোনো কাম আৰম্ভ কৰিলে উপকৃত হ’ব।

মকৰ ৰাশিঃ ইতিবাচক ফলাফল লাভৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত বৰমূৰীয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে আৰু উৎপাদনশীলতা বৃদ্ধি পাব। হেৰুৱা মূল্যৱান বস্তু হয়তো ঘূৰাই পাব পাৰে। ধন ধাৰে দিয়াৰ পৰা পৰাপক্ষত আঁতৰি থাকক। হয়তো নতুন গৃ্হ ক্ৰয়ৰো সৌভাগ্য হ’ব।

কুম্ভ ৰাশিঃ এই ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো শুভ বিবেচিত হ’ব পাৰে। সন্তানে আপোনাৰ আশা পূৰণ কৰিব পাৰে। যদি আপোনাৰ পিতৃয়ে কোনো ব্যৱসায়িক পৰামৰ্শ দিয়ে, তেন্তে সেই পৰামৰ্শ অনুসৰণ কৰক। চাকৰি প্ৰত্যাশীসকলে হয়তো উৎসাহজনক খবৰ লাভ কৰিব।

মীন ৰাশিঃ মীন ৰাশিৰ বাবে আজিৰ দিনতো কিছু প্ৰত্যাহ্বানজনক হ’ব পাৰে। আপুনি আপোনাৰ কথাৰে পৰিয়ালৰ কোনো সদস্যক অজানিতে আঘাত দিব পাৰে। ব্যৱসায়িক অংশীদাৰৰ সৈতে বিবাদৰ ফলত গুৰুত্বপূৰ্ণ চুক্তিত পলম হ’ব পাৰে। আনৰ আগত কোনো গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকক।

বিবাহ, কেৰিয়াৰ নে নেতৃত্ব! কি বিষয়ত বৃ্হৎ ঘোষণাৰ ইংগিত দিলে পাণ্ডিয়াই?
বেংকৰ সলনি ডাকঘৰত টকা জমা কৰিলে কিমান সূত পাব?
পাকঘৰত ওলোটাকৈ নাৰাখিব কেৰাহী, আহিব পাৰে বিপদ!
কিয় পদুম ফুলৰ ওপৰত বহি থাকে দেৱী লক্ষ্মী?