5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Horoscope Today : ৫ ৰাশিৰ বাবে অৰ্থ লাভৰ দিন, চাওক আজিৰ দিনটোৰ ৰাশিফল…

আজি ৫ টা ৰাশিৰ বাবে দিনটো অতি শুভ দেখা গৈছে । কৰ্কট আৰু কন্যা ৰাশিসহ ৫ ৰাশিৰ বাবে আজি অৰ্থ উপাৰ্জনৰ দিন হিচাপে পৰিগণিত হৈছে । ৰাশি অনুসৰি, আজিৰ দিনটো আপোনাৰ কেনে যাব চাওঁ আহক...

Horoscope Today : ৫ ৰাশিৰ বাবে অৰ্থ লাভৰ দিন, চাওক আজিৰ দিনটোৰ ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফল
manas-borah
Manas Borah | Updated On: 30 Oct 2024 09:35 AM

আজি ৩০ অক্টোবৰ বুধবাৰ । জ্যোতিষ শাস্ত্ৰৰ অনুসৰি, আজি ৫ টা ৰাশিৰ বাবে দিনটো অতি শুভ দেখা গৈছে । কৰ্কট আৰু কন্যা ৰাশিসহ ৫ ৰাশিৰ বাবে আজি অৰ্থ উপাৰ্জনৰ দিন হিচাপে পৰিগণিত হৈছে । ৰাশি অনুসৰি, আজিৰ দিনটো আপোনাৰ কেনে যাব চাওঁ আহক…

মেষ ৰাশি : এই ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে আজি দিনটো অতি শুভ । ব্যৱসায়ত ভাল লাভ উপাৰ্জন কৰিব পাৰিব । ভাগ্যই লগ দিব । কৰ্মস্থলীত সততা অতুত থাকিব । পাৰিবাৰিক ক্ষেত্ৰত দিনটো শুভ । সম্পৰ্কত কোনো সমস্যা নাই । দিনটো আনন্দৰে পাৰ কৰিব । এলাহ পৰিহাৰ কৰক । স্বাস্থ্যৰ যতন লওক ।

বৃষ ৰাশি: এই ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক ক্ষেত্ৰত লাভান্বিত হ’ব । পৰিকল্পনা অনুসৰি কামবোৰ সম্পন্ন হ’ব । ভাল বন্ধুত্ব লাভ কৰিব । নতুন সম্পদ সংগ্ৰহ কৰিব পাৰে । আত্ম মৰ্যাদাৰ বজাই ৰাখিব পাৰিব । কৰ্মক্ষেত্ৰত কিছু সমস্যা সৃষ্টি হ’ব পাৰে । স্বাস্থ্য ভালে থাকিব । শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ দিয়ক । পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব ।

মিথুন ৰাশি: এই ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অধিক লাভ উপাৰ্জন কৰিব পাৰিব । মনৰ আশা পূৰণ হ’ব । ব্যক্তিগত সম্পৰ্কত সমস্যা আহিব পাৰে । কোনো ক্ষেত্ৰত আনৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে । শিক্ষা ক্ষেত্ৰত ভাল । স্বাস্থ্যক লৈ সচেতন হওক ।

কৰ্কট ৰাশি : এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অতি শুভ । উদাৰ মনোভাৱ গঢ়লৈ উঠিব । আনক উৎসাহিত কৰাত সফল হ’ব । সন্তানৰ সিন্ধান্তই আপোনাক প্ৰভাৱিত কৰিব পাৰে । মনৰ স্থিতি নেহেৰুৱাব । স্বাস্থ্য ভালে থাকিব । শিক্ষাৰ্থীসকলৰ পৰিশ্ৰম বাঢ়িব পাৰে ।

সিংহ: আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে মনৰ কিছু অপ্ৰয়োজনীয় ধাৰণা আঁতৰাই ৰাখিব লাগে । কিছু সিদ্ধান্ত লোৱা সময়ত মনটো স্পষ্ট কৰি ৰাখিব । সহজ আৰু দ্ৰুততাৰে বহু সমস্যা সফলতাৰে সমাধান কৰিব পাৰিব। শীৰ্ষত উপনীত হ’বলৈ সকলো সম্ভৱ কৰক। স্বাস্থ্যৰ প্ৰতি সচেতন হওক । অস্বাস্থ্যকৰ খাদ্য নাখাব । শত্ৰু বাঢ়িব পাৰে ।

কন্যা ৰাশি: এই ৰাশিৰ জাত জাতিকাসকলে আজিৰ দিনটোত অধিক উপকৃত হ’ব। নতুন সুযোগ লাভ কৰিব পাৰে । সকলোকে মনৰ কথা নক’ব । চিন্তাবোৰ মুকলিকৈ কৰক । সিদ্ধান্ত লোৱাৰ সময়ত মনৰ সৈতে সংযুক্ত হওক । স্বাস্থ্যৰ প্ৰতি সচেতন হওক । শিক্ষাৰ্থীসকলে পঢ়া প্ৰতি মনোযোগ বঢ়াব লাগিব ।

তুলা ৰাশি: তুলা ৰাশিৰ লোকসকলে কেৰিয়াৰত সফলতা লাভ কৰিব। জীৱনৰ নতুন যুগ আৰম্ভ হ’ব । ব্যৱাসায়িক প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱা সময় । নতুন সুযোগ লাভ কৰিব পাৰে । সৃষ্টিশীল ক্ষমতা বৃদ্ধি পাব। স্বাস্থ্য প্ৰতি সচেতন হওক । শিক্ষাৰ্থীসকলে সময় অপব্যয় নকৰিব ।

বৃশ্চিক ৰাশি:আজি দিনটোত এই ৰাশিৰ জাতি জাতিকাসকলে সাহসেৰে আগবাঢ়ি যাব পাৰিব । প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও মোকবিলা কৰিব পাৰিব । পাৰিবাৰিক সম্পৰ্কবোৰ মৰমেৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰক । স্বাস্থ্যৰ ভালে যাব । শিক্ষাৰ্থীয়ে আজৰি সময় লাভ কৰিব, কিন্তু সময় অপ্ৰব্যয় নকৰিব । আৰ্থিক ক্ষেত্ৰত অলপ সচেতন হওক ।

ধনু ৰাশি: ধনু ৰাশিৰ জাতক জাতিকাসকলে সফলতাৰে ভৰা দিন এটা পাব আৰু প্ৰতিটো দিশতে উপভোগ কৰাৰ সুযোগ পাব। নেতিবাচক চিন্তা আদি পাহৰিব পাৰিব। জীৱনৰ সুখ বাঢ়িব । ব্যক্তিগত সম্পৰ্কত প্ৰতিশ্ৰুতি নিদিব। স্বাস্থ্য ভালে যাব । শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ ।

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত লাভ আৰু সফলতা লাভ কৰিব। চিন্তা-চেতনাত নতুনত্ব থাকিব। পৰিৱৰ্তনৰ এক নতুন দিশত আগবাঢ়িব পাৰিব । খাদ্যাভ্যাস আৰু কামৰ ক্ষেত্ৰত অতিমাত্ৰা পৰিহাৰ কৰক। ব্যক্তিগত সম্পৰ্কত আৱেগে আধিপত্য বিস্তাৰ কৰিব। অত্যাধিক নিচাৰ পৰা আঁতৰত থাকক । শিক্ষা ক্ষেত্ৰত দিনটো ভালদৰে যাব ।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দিনটো অতি লাভজনক হ’ব। অতীত আৰু ভৱিষ্যতৰ কথা পাহৰি বৰ্তমানটোত উপভোগ কৰক । সাৱধান হওক, নহ’লে সুযোগ হেৰুৱাব পাৰে । আৰ্থিক ক্ষেত্ৰত লাভজনক দিন । স্বাস্থ্য পৰীক্ষা কৰক । শিক্ষাৰ্থীসকলে পঢ়াৰ সময়খিনি অন্যান্য কামত ব্যৱহাৰ নকৰিব ।

মীন ৰাশি:মীন ৰাশিৰ জাতক জাতিকাসকলে লাভ উপাৰ্জনৰ সুযোগ লাভ কৰিব । ব্যৱসায় আৰু সৃষ্টিশীল দুয়োটা ক্ষেত্ৰত দিনটো শুভ । সৃষ্টিশীল মনোভাৱেৰে কামবোৰ আগবঢ়াই নিয়াৰ চেষ্টা কৰক । স্বাস্থ্যৰ প্ৰতি সচেতন হওক । প্ৰাণায়ম বা যোগাসন কৰাৰ অভ্যাস গঢ়ক । আনৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে । পাৰিবাৰিক সম্পৰ্ক ভালে থাকিব । আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা আঁতৰত থাকক । শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল ।

Latest News