5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Horoscope Today : আজি বছৰৰ প্ৰথমটো দেওবাৰ, চাওক দিনটোৰ ৰাশিফল…

আজিৰ দিনটো কেইবাটাও ৰাশিৰ বাবে ভাল দিন হ'বলৈ গৈ আছে । কেইবাটাও ৰাশিৰ বাবে আজিৰ দিনটো ব্যৱসায়ৰ ক্ষেত্ৰত অতি শুভ দেখা গৈছে । নতুন বছৰৰ প্ৰথমটো দেওবাৰ আপোনাৰ কেনে যাব ? জ্যোতিষ শাস্ত্ৰই কি কয় ? চাওঁ আহক দিনটোৰ ৰাশিফল...

Horoscope Today : আজি বছৰৰ প্ৰথমটো দেওবাৰ, চাওক দিনটোৰ ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফল
manas-borah
Manas Borah | Published: 05 Jan 2025 06:00 AM

আজি ২০২৫ চনৰ প্ৰথমটো দেওবাৰ । আজিৰ দিনটো কেইবাটাও ৰাশিৰ বাবে ভাল দিন হ’বলৈ গৈ আছে । কেইবাটাও ৰাশিৰ বাবে আজিৰ দিনটো ব্যৱসায়ৰ ক্ষেত্ৰত অতি শুভ দেখা গৈছে । নতুন বছৰৰ প্ৰথমটো দেওবাৰ আপোনাৰ কেনে যাব ? জ্যোতিষ শাস্ত্ৰই কি কয় ? চাওঁ আহক দিনটোৰ ৰাশিফল…

মেষ ৰাশি: আজিৰ দিনটো ব্যৱসায়ৰ বাবে অতি শুভ । কৰ্মচাৰী সকলে নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে । দীৰ্ঘদিন ধৰি চলি থকা কিছু সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে । বৈবাহিক জীৱনত থকা কিছু সমস্যা দূৰ হ’ব । ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । খং কমাবলৈ চেষ্টা কৰিব । স্বাস্থ্যৰ যত্ন লওক ।

বৃষ ৰাশি: এই ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে । দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম সম্পূৰ্ণ হ’ব। কৰ্মচাৰী সকলে নিজৰ লক্ষ্য পূৰণ কৰিব লাগিব। কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব। পৰিয়ালত থকা বিবাদ নাইকীয়া হ’ব। নতুন সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে । চিন্তা কৰি ব্যৱসায়িক পৰিকল্পনা কৰক । স্বাস্থ্য ভালে যাব ।

মিথুন ৰাশি: কামৰ ব্যস্ততা বাঢ়িব । ইচ্ছা পূৰণ কৰিব পাৰিব । যিকোনো কামক লৈ থকা চিন্তা দূৰ হ’ব । ধন ধাৰে লোৱাৰ পৰা বিৰতত থাকক। এলাহ ত্যাগ কৰক। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰিব । তৰ্ক-বিতৰ্কৰ পৰা বিৰতত থাকক । স্বাস্থ্যৰ প্ৰতি যত্ন লওক ।

কৰ্কট ৰাশি: আজি দৈনন্দিন কাম-কাজত স্বাস্থ্যই প্ৰভাৱ পেলাব। ঋতুজনিত ৰোগৰ বাবে শৰীৰ দুৰ্বল অনুভৱ কৰিব । ব্যৱসায়ত কিছু অসুবিধা হ’ব পাৰে। যদি পৰিয়ালত থকা বিবাদ নাইকিয়া হৈ যাব। কামত খৰখেদা নকৰিব । যিকোনো কামত পৰিকল্পনা অনুসৰি আগবাঢ়িব । ব্যৱসায়ত দীৰ্ঘম্যাদী পৰিকল্পনাই গতি লাভ কৰিব। স্বাস্থ্য যত্ন লওক ।

সিংহ ৰাশি: দিনটোত ইতিবাচক ফলাফল লাভ কৰিব । মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব। নতুন কাম হাতত লোৱাৰ আগতে ভালদৰে চিন্তা কৰা উচিত। পৰিয়ালৰ কিছু সমস্যাই চিন্তা পেলাব। স্বাস্থ্যৰ যত্ন লওক । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোযোগ দিয়ক ।

কন্যা ৰাশি: দিনটোৰ সৰ্বাধিক সমস্যাৰ সন্মুখীন হ’ব। খৰচ বৃদ্ধি পাব পাৰে। অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰতত থাকক । প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব। কিছুমান কামত পৰামৰ্শ গ্ৰহণ কৰাটো প্ৰয়োজন । স্বাস্থ্যৰ যত্ন লওক।

তুলা ৰাশি: আজিৰ দিনটো প্ৰত্যাহ্বানমূলক দিন হ’বলৈ গৈ আছে। কামত বাধা আঁতৰি যাব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা আপুনি মুক্ত হ’ব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । কোনো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব। পাৰিবাৰিক সংঘাত নাইকীয়া হ’ব । স্বাস্থ্যৰ যত্ন লওক।

বৃশ্চিক ৰাশি: আজিৰ দিনটোত মানসিক চাপ থাকিব। মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে চিন্তিত হৈ পৰিব পাৰে। খৰচ বৃদ্ধি পাব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে যিকোনো বৃত্তি সম্পৰ্কীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে। স্বাস্থ্যৰ যত্ন লওক । বিনিয়োগত সাৱধান হ’ব ।

ধনু ৰাশি: আজিৰ দিনটোত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । ধন ধাৰে লোৱাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ কোনো সদস্যই কামত কিছু সহায় বিচাৰিব পাৰে। বিবাদৰ পৰা আঁতৰি থাকিব । ব্যৱসায়ত সাৱধান হ’ব । ছাত্ৰ-ছাত্ৰীসকলে পৰ্যটনস্থলী ভ্ৰমণৰ সুযোগ পাব পাৰে । স্বাস্থ্য ভালে যাব ।

মকৰ ৰাশি: আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাৰ বাবে মিশ্ৰিত দিন হ’বলৈ গৈ আছে। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । পাৰিবাৰিক বিষয়ত আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব। নতুন বন্ধুক লগ পাব। সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। বিনিয়োগত সাৱধান হ’ব । স্বাস্থ্যৰ যত্ন লওক ।

কুম্ভ ৰাশি:যিকোনো বিতৰ্কৰ পৰা আঁতৰি থাকক। ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। আনৰ ওপৰত নিৰ্ভৰ নকৰিব । ব্যৱসায়ত ডাঙৰ চুক্তি কৰাৰ সম্ভাৱনা আছে । বিনিয়োগত কিছু সাৱধান হ’ব লাগিব । পাৰিবাৰিক কিছু সমস্যাৰ বাবে মানসিক চাপ থাকিব । স্বাস্থ্যৰ যত্ন ল’ব । স্বাস্থ্যকৰ খাদ্য় খাবলৈ চেষ্টা কৰিব ।

মীন ৰাশি: মানসিক চাপৰ মাজেৰে দিনটো পাৰ কৰিব । নিজৰ ব্যক্তিগত কথাবোৰ কোনো বাহিৰৰ মানুহৰ লগত শ্বেয়াৰ নকৰিব। কিছুমান কামত পৰামৰ্শ গ্ৰহণ কৰিব । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব। কেৰিয়াৰত কিছু পৰিৱৰ্তন কৰাৰ কথা ভাবিব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব । ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ।

Latest News