5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Horoscope Today : দিনটোৰ কাম-কাজ আৰম্ভ কৰাৰ আগতে চাওক আজিৰ দিনটোৰ ৰাশিফল…

আজিৰ দিনটো বাহন বা মূল্যৱান বস্তু কিনাৰ বাবে এটা ভাল দিন হোৱাৰ লগতে কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ অৰ্থ লাভৰ সম্ভাৱনা দেখা গৈছে । জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি ১২ টা ৰাশিৰ বাবে আজিৰ দিনটো কেনেকুৱা হ’ব চাওঁ আহক।

Horoscope Today : দিনটোৰ কাম-কাজ আৰম্ভ কৰাৰ আগতে চাওক আজিৰ দিনটোৰ ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফল
manas-borah
Manas Borah | Published: 06 Nov 2024 06:10 AM

আজি ৬ নৱেম্বৰ বুধবাৰ। আজিৰ দিনটো বাহন বা মূল্যৱান বস্তু কিনাৰ বাবে এটা ভাল দিন হোৱাৰ লগতে কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ অৰ্থ লাভৰ সম্ভাৱনা দেখা গৈছে । জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি ১২ টা ৰাশিৰ বাবে আজিৰ দিনটো কেনেকুৱা হ’ব চাওঁ আহক।

মেষ ৰাশি – যিকোনো মূল্যৱান বস্তু কিনাৰ কথা ভাবিছে তেন্তে দিনটো শুভ। বিশেষ লোকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সুযোগ লাভ কৰিব । ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা গুৰুত্ব দিব। নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰাত মনোনিৱেশ কৰক। মানসিক চাপ আঁতৰাই ৰাখক । ব্যৱসায়ত যথেষ্ট সফলতা পোৱাৰ সম্ভাৱনাস আছে । স্বামী-স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। যোগাসন, ধ্যান আদি অভ্যাস কৰক।

বৃষ ৰাশি -পৰিকল্পিতভাৱে কমা সম্পাদন কৰিবলৈ চেষ্টা কৰক । অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা গ্ৰহণ কৰক । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত পৰিয়ালৰ সদস্যৰ সন্মতি লোৱাটো গুৰুত্বপূৰ্ণ। কৰ্মক্ষেত্ৰত কৰ্মচাৰী আৰু গ্ৰাহকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক। পৰিয়ালত সুখ আৰু সম্প্ৰীতিৰ পৰিবেশ গঢ়ি উঠিব। নিজৰ প্ৰতি অসাৱধানতাৰ বাবে মূৰৰ বিষ আৰু বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। যোগ আৰু ব্যায়ামৰ অভ্যাস কৰক ।

মিথুন ৰাশি – আৰ্থিক আশা পূৰণ হ’ব আৰু বেছিভাগ সময় বাহিৰৰ কাম-কাজত কটাব। লেনদেনত খৰখেদা নকৰিব। এলাহ অভ্যাস নিয়ন্ত্ৰণ কৰক। ব্যৱসায়িক চুক্তি চূড়ান্ত কৰোতে খৰখেদা নকৰিব। পাৰিবাৰিক সুখ-শান্তি থাকিব। প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ’ব। পৰিৱৰ্তিত বতৰে স্বাস্থ্য় প্ৰভাৱ পেলাব । খাদ্যাভ্যাসৰ প্ৰতি সচেতন হ’ব লাগিব। শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ বৃদ্ধি কৰক ।

কৰ্কট ৰাশি- অন্য লোকৰ মধ্যস্থতাত সমস্যা সমাধান হ’ব আৰু ব্যক্তিত্বৰ ইতিবাচক পৰিৱৰ্তন হ’ব । সময় অনুযায়ী নিজৰ স্বভাৱত নমনীয়তা আনিব। কোনো এটা বিষয়ক লৈ ওচৰ-চুবুৰীয়াৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে। আৰ্থিক বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন। ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ’ব। স্বামী-স্ত্ৰীৰ সম্পৰ্ক সুখী হ’ব। কোষ্ঠকাঠিন্য বা পেটৰ সমস্যা হ’ব পাৰে ।

সিংহ ৰাশি – পৰিশ্ৰম বাঢ়িব, কিন্তু সফলতা নিশ্চিত। পৰিয়াল আৰু আত্মীয়ৰ বাবে সময় উলিয়াব। ঋণ সম্পৰ্কীয় যিকোনো ধৰণৰ লেনদেন পৰিহাৰ কৰক। একাগ্ৰতা বজাই ৰাখক। নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক। কাৰণ ইয়াৰ বাবে আপুনি যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ভুল বুজাবুজিৰ বাবে প্ৰেমৰ সম্পৰ্ক ভাঙিব পাৰে। মানসিক চাপৰ পৰিস্থিতিত বেছি গুৰুত্ব নিদিব। মনোবল আৰু মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিবলৈ ধ্যান কৰক।

কন্যা ৰাশি – হঠাতে ভাল খবৰ লাভ কৰিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। প্ৰতিকূল পৰিস্থিতিত সাহস হেৰুৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰি উলিয়াওক । ঘনিষ্ঠ ব্যক্তি আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে। ব্যৱসায়ত আপোনাৰ কৰ্ম সম্পৰ্কীয় কাম-কাজ কাৰো লগত শ্বেয়াৰ নকৰিব। নিয়োজিত লোকে পদোন্নতি বা বদলিৰ বাবে শুভ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। বিপদজনক কামৰ পৰা আঁতৰি থাকক।

তুলা ৰাশি -গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত যোগাযোগ হ’ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী হ’ব। খৰখেদাকৈ লোৱা সিদ্ধান্তবোৰো ভুল হ’ব পাৰে। অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ বাবে ব্যয় ৰোধ কৰক। কৰ্মক্ষমতা আৰু দক্ষতাৰ জৰিয়তে ব্যৱসায়িক সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিব। বৈবাহিক সম্পৰ্ক মধুৰ হ’ব। প্ৰেমৰ সম্পৰ্কত কিবা কাৰণত বিবাদৰ সৃষ্টি হ’ব পাৰে। স্বাস্থ্য যত্ন লওক ।

বৃশ্চিক ৰাশি – সৃষ্টিশীল আৰু ব্যৱহাৰিক চিন্তাধাৰাই দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰখাত সহায় কৰিব। পাৰস্পৰিক সম্পৰ্কতো মধুৰতা থাকিব। অচিনাকি মানুহৰ লগত ব্যৱহাৰত সাৱধান হোৱাৰ প্ৰয়োজন। খৰচ নিয়ন্ত্ৰণ কৰক। ছাত্ৰ-ছাত্ৰীৰ মাজত একাগ্ৰতাৰ অভাৱো হ’ব পাৰে। ব্যৱসায়ত কোনো ধৰণৰ কঠিন সিদ্ধান্ত নল’ব আৰু কোনো নতুন কাম আৰম্ভ নকৰিব। প্ৰেমৰ সংগীক কিছু উপহাৰ দিলে সম্পৰ্কত অধিক মধুৰতা আহিব। ৰক্তচাপ আৰু মধুমেহ ৰোগৰ নিয়মীয়াকৈ পৰীক্ষা কৰি চিকিৎসা গ্ৰহণ কৰক।

ধনু ৰাশি – পৰিয়ালৰ সদস্যৰ সৈতে ইতিবাচক আলোচনা হ’ব। বিনিয়োগত লাভ হ’ব। বিশেষ লক্ষ্যত উপনীত হ’বলৈ হ’লে পৰিশ্ৰম বৃদ্ধি কৰক । নেতিবাচক লোকৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকক। আয়ৰ বৃদ্ধি হ’ব আৰু একে সময়তে কিছু প্ৰত্যাহ্বান আহিব। আপোনাৰ পত্নীৰ লগত চলি থকা যিকোনো ভুল বুজাবুজি দূৰ কৰিবলৈ আপুনি উদ্যোগ ল’ব লাগিব । খং নিয়ন্ত্ৰণ কৰক। স্বাস্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত খঙৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

মকৰ ৰাশি – কঠোৰ পৰিশ্ৰমৰ বাবে অভাৱনীয় সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ পৰিয়ালৰ সুখৰ বাবেও সময় উলিয়াব। বিতৰ্কিত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক। ছাত্ৰ-ছাত্ৰীৰ মন পঢ়া-শুনাৰ পৰা বিচলিত হ’ব পাৰে। কঠোৰ পৰিশ্ৰম কৰক। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত যিকোনো বাকী থকা কাম হঠাতে সম্পূৰ্ণ হ’ব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। শাৰীৰিক আৰু মানসিকভাৱে নিজকে সুস্থ কৰি ৰাখিব।

কুম্ভ ৰাশি – বাকী থকা কাম সম্পূৰ্ণ হ’ব । সৰু সৰু কথাতো মনটো অনিয়ন্ত্ৰিত হৈ পৰিব পাৰে, সেয়েহে সংযত আচৰণ বজাই ৰাখক। খৰখেদাকৈ কোনো সিদ্ধান্ত নল’ব । ভ্ৰমণৰ বাবে এয়া উপযুক্ত সময় নহয়। ধনৰ লেনদেন সম্পৰ্কীয় কাম কৰাৰ সময়ত সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। এক শুভ সুযোগ পোৱাৰ সম্ভাৱনা আছে। বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ’ব পাৰে। স্বাস্থ্য ভাল হ’ব।

মীন ৰাশি – বহুদিন ধৰি বাকী থকা যিকোনো কাম সম্পূৰ্ণ হ’ব। ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে পঢ়া-শুনা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন কৰা উচিত নহয়। মনোবল বজাই ৰাখক। ব্যৱসায়িক বিষয়ত যিকোনো প্ৰত্যাহ্বান নিজৰ সামৰ্থ্যৰে সমাধান কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব। মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্য ভাল হ’ব। পৰিৱৰ্তিত বতৰৰ বাবে স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক ।

Latest News