শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Horoscope Today: এই ৰাশিৰ লোকে আজি ভুগিব পাৰে স্বাস্থ্যজনিত সমস্যাতঃ চাওক আপোনাৰ ৰাশিফল

জ্যোতিষ শাস্ত্ৰত শনিবাৰৰ দিনটোক বিশেষ গুৰুত্ব দিয়া হয়। গতিকে জ্যোতিষত বিশ্বাস থকা লোকসকলে এই দিনটো কিদৰে পাৰ হ’ব সেই বিষয়ে এক পূৰ্বানুমান লাভ কৰিব বিচাৰে। আজিৰ ৰাশিফল ৰাশিফল অনুসৰি কিছুমান ৰাশিৰ বাবে দিনটো শুভ যদিও আন কিছুমান ৰাশিৰ বাবে অশুভ পৰিলক্ষিত হৈছে। চাওঁ আহক আজিৰ দিনটোত বিভিন্ন ৰাশিৰ ৰাশিফল।

Horoscope Today: এই ৰাশিৰ লোকে আজি ভুগিব পাৰে স্বাস্থ্যজনিত সমস্যাতঃ চাওক আপোনাৰ ৰাশিফল
চাওক আজিৰ ৰাশিফল
monjit-dutta
Monjit Dutta | Published: 08 Feb 2025 06:00 AM

আজি ৮ ফেব্ৰুৱাৰী, শনিবাৰ। জ্যোতিষ শাস্ত্ৰত শনিবাৰৰ দিনটোক বিশেষ গুৰুত্ব দিয়া হয়। গতিকে জ্যোতিষত বিশ্বাস থকা লোকসকলে এই দিনটো কিদৰে পাৰ হ’ব সেই বিষয়ে এক পূৰ্বানুমান লাভ কৰিব বিচাৰে। আজিৰ ৰাশিফল ৰাশিফল অনুসৰি কিছুমান ৰাশিৰ বাবে দিনটো শুভ যদিও আন কিছুমান ৰাশিৰ বাবে অশুভ পৰিলক্ষিত হৈছে। চাওঁ আহক আজিৰ দিনটোত বিভিন্ন ৰাশিৰ ৰাশিফল-

মেষ ৰাশিৰ ৰশিফল

আৰ্থিক অৱস্থা ভাল হ’ব। পাৰিবাৰিক জীৱনত সমস্যাৰ সৃষ্টি হ’ব যদিও জ্যেষ্ঠ সদস্যৰ সহায়ত সেয়া সহজে সমাধান হ’ব। বহুদিনৰ মূৰত পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে। পৰিয়ালৰ কাম-কাজত সম্পূৰ্ণ মনোযোগ দিব পাৰিব। মানসিক শান্তি লাভ কৰিব।

বৃষ ৰাশিৰ ৰাশিফল

শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব। অসৎ উপায়েৰে টকা উপাৰ্জনৰ পৰা আঁতৰি থাকিব লাগিব। কৰ্মসংস্থাপনৰ বাবে চেষ্টা চলাই থকা লোকসকলে সফলতা লাভ কৰিব। আচৰণ নিয়ন্ত্ৰণ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শৰ প্ৰতি সঁহাৰি জনোৱা হ’ব। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।

​​মিথুন ৰাশিৰ ৰাশিফল

বৈবাহিক জীৱন আৰু প্ৰেমৰ ক্ষেত্ৰত শুভ। কোনো পুৰণি সমস্যাৰ আজি অন্ত পৰিব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি ভালদৰে মনোযোগ দিব লাগিব। ৰাজনীতিৰ সৈতে জড়িতসকলৰ বাবে শুভ। চাকৰিৰ ক্ষেত্ৰত এক ভাল অফাৰ লাভ কৰিব পাৰে। কোনো ধৰণৰ মানসিক হেঁচা আছিল যদি সেয়াও দূৰ হ’ব।

কৰ্কট ৰাশিৰ ৰশিফল

সম্পত্তি ক্ৰয় কৰিলে আপোনাৰ বাবে ভাল হ’ব। শিক্ষাৰ্থীৰ বাবে শুভ। নতুন পাঠ্যক্ৰমত নামভৰ্তিৰ আশা পূৰ হ’ব। কৰ্মস্থলীত নিয়ম উলংঘা নকৰিব, অন্যথা ইয়াৰ বাবে শাস্তি পাব পাৰে। নিজৰ কোনো সু-কৰ্মৰ বাবে ইতিবাচক খবৰ লাভ কৰিব পাৰে। কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব।

সিংহ ৰাশিৰ ৰাশিফল

পাৰিবাৰিক দিশত শুভ। আৰ্থিক অৱস্থা ভাল হ’ব। সামাজিক ক্ষেত্ৰত উচ্চ স্থান লাভ কৰিব। ​​দান-বৰঙণিৰ দ্বাৰা আশীৰ্বাদ লাভ কৰিব। কোনো অহিত চিন্তকে আপোনাৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে কোনো অচিনাকি মানুহক আজি বিশ্বাসত নল’ব।

কন্যা ৰাশিৰ ৰাশিফল

ব্যৱসায়ৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিব লাগিব। পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য ঘটিব পাৰে। এনে ক্ষেত্ৰত ভালদৰে আলোচনাৰ পথ গ্ৰহণ কৰি সমাধানৰ চেষ্টা কৰিব লাগিব। ধৰ্মীয় কোনো অনুষ্ঠানৰ আয়োজন কৰিলে ভাল ফল পাব। খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। উপাৰ্জনৰ নতুন কোনো উৎসৰ কথা ভাবিব পাৰে।

তুলা ৰাশিৰ ৰশিফল

তুনিজৰ আচৰণ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। কোনো লোকৰ পৰা শুনা কথা সহজে বিশ্বাস নকৰিব। ব্যৱসায়িক দিশত শুভ। কাম কামৰ বোজা বেছি হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব লাগিব। কেৰিয়াৰৰ সন্ধানত ব্ৰতী যুৱক-যুৱতীসকলে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব লাগিব।

বৃশ্চিক ৰাশিৰ ৰাশিফল

ধন ধাৰে দিয়াৰ পৰা আঁতৰি থাকিব লাগিব। ঘৰৰ মেৰামতিৰ কথা চিন্তা কৰিব পাৰে। বন্ধুৰ পৰা কোনো বিশেষ খবৰ লাভ কৰিব পাৰে। কোনো আত্মীয়ৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ এক ভাল অফাৰ পাব পাৰে। আৰ্থিক অৱস্থা ভাল হ’ব। কিছু পুৰণি বিনিয়োগৰ পৰা আপুনি ভাল লাভ পাব।

ধনু ৰাশিৰ ​​ৰাশিফল

সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব আৰু ফল লাভ কৰিব। সন্তানৰ ভৱিষ্যতৰ বাবে ডাঙৰ বিনিয়োগ কৰিব পাৰে। কাৰোবাৰ সহায় বিচাৰিলে সহজেই পাব। নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব লাগিব। অপ্ৰয়োজনীয় কাজিয়া আৰু বিপদত পৰাৰ সম্ভাৱনা থকা দিশসমূহৰ পৰা আঁতৰি থাকিব লাগিব। আৰ্থিক বিষয়ত সঠিক পৰিকল্পনা কৰিব লাগিব।

মকৰ ৰাশিৰ ৰাশিফল

আৰ্থিক আৰু ব্যৱসায়িক দিশত শুভ। পৰিয়ালতো সুখকৰ পৰিৱেশ বিৰাজিত হ’ব। কৰ্ম সংক্ৰান্তত ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। ধৰ্মীয় কাম-কাজৰ প্ৰতি অতি আগ্ৰহী হ’ব। পৰিয়ালৰ লোকে আপোনাৰ পৰামৰ্শৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান নহ’ব। প্ৰেমৰ সম্পৰ্ক অধিক দৃঢ় হ’ব।

কুম্ভ ৰাশিৰ ৰাশিফল

ব্যৱসায়ত ভাল ফলাফল পাব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। পৰিয়াল তথা আত্মীয়-স্বজনৰ পৰা পুৰ্ণ সমৰ্থন লাভ কৰিব। আত্মবিশ্বাস আৰু সঠিক সিদ্ধান্তৰ বাবে ভাল ফলাফল লাভ কৰিব। কৰ্ম সংক্ৰান্তত ভ্ৰমণৰ সুযোগ পাব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহায়-সহযোগিতা পাব।

মীন ৰাশিৰ ৰাশিফল

পৰিয়ালৰ কোনো সদস্যৰ সফলতাই আনন্দিত কৰিব। ব্যৱসায় তথা কৰ্মক্ষেত্ৰত কিছু বিফলতাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে কিছু সময় আনন্দ-স্ফুৰ্তিৰে পাৰ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কোনো বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎ হ’ব পাৰে। পৰিয়ালক অধিক সময় দিব।