5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Horoscope Today: আজি দিনটোৰ ৰাশিফল…

জ্যোতিষ গণনা অনুসৰি আজিৰ দিনটো কেইটামান ৰাশিৰ বাবে শুভ আৰু কেইটামানৰ বাবে মিশ্ৰিত দেখা গৈছে। ৰাশিফলৰ জৰিয়তে চাওক আজিৰ দিনটো কেনে যাব আপোনাৰ।

Horoscope Today: আজি দিনটোৰ ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফল
manas-borah
Manas Borah | Updated On: 20 Oct 2024 06:06 AM

আজি ২০ অক্টোবৰ। জ্যোতিষ গণনা অনুসৰি আজিৰ দিনটো কেইটামান ৰাশিৰ বাবে শুভ আৰু কেইটামানৰ বাবে মিশ্ৰিত দেখা গৈছে। ৰাশিফলৰ জৰিয়তে চাওক আজিৰ দিনটো কেনে যাব আপোনাৰ।

মেষ ৰাশি : পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শুভ মুহূৰ্ত পাৰ কৰিব । টকা-পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ’ব । ব্যৱসায়ত লাভ । জীৱনৰ সৈতে জড়িত বিষয়ত সিদ্ধান্ত লওতে চিন্তা কৰিব । শিক্ষাৰ্থীৰ বাবে সফলতাৰ যোগ ।

বৃষ ৰাশি :  এই ৰাশিৰ লোকসকলে কামৰ পৰা সুফল পাব । পাৰিবাৰিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চেষ্টা কৰক । শৈক্ষিক সফলতাৰ বাবে পৰিশ্ৰম কৰক । স্বাস্থ্যৰ প্ৰতি চিন্তা বাঢ়িব । বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগ হ’ব । নতুন ব্যৱসায়ৰ যোগ ।

মিথুন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ দক্ষতাক প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব । ব্যৱসায়ত নতুনত্ব অনাৰ চেষ্টা কৰিব পাৰে। আৰ্থিক অৱস্থা উন্নত । শিক্ষাৰ ক্ষেত্ৰত ভাল । পাৰিবাৰিক ক্ষেত্ৰত শুভ যোগ । চাকৰিয়াল সকলৰ পদোন্নতিৰ যোগ ।

কৰ্কট ৰাশি : এই ৰাশি জাতৰ-জাতিকাসকলে আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে । ভ্ৰমণৰ যোগ । পৰিয়ালৰ সমস্যা সমাধানত সফল হ’ব । প্ৰেমত শুভ । পৰিয়ালত সুখ আৰু শান্তি থাকিব । ব্যৱসায়ত ভাল ।

সিংহ ৰাশি : এই ৰাশিৰ লোকসকলে দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব । উপাৰ্জন নতুন উৎস লাভ কৰিব । আপোনাৰ কামে অফিচৰ জ্যেষ্ঠসকলক আকৰ্ষিত কৰিব । পিতৃ-মাতৃ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব বাঢ়িব । ব্যৱসায় অনুকূল ।

কন্যা ৰাশি : খৰচ নিয়ন্ত্ৰণ কৰক, বজাৰ কৰাত সাৱধান হ’ব । নতুন ব্যৱসায়ৰ যোগ । চাকৰি প্ৰত্যাশীয়ে ভাল খবৰ লাভ কৰিব পাৰে । স্বাস্থ্যৰ যতন লওক । প্ৰতিদিনে পুৱা যোগাভ্যাস কৰক ।

তুলা ৰাশি : স্বাস্থ্য বৰ ভাল নহ’ব । প্ৰেম জীৱনত ভাল সমৰ্থন লাভ কৰিব । দিনটোৰ কামবোৰ সফলতাৰে সম্পন্ন কৰিব পাৰিব । বহু দিনীয়া সমস্যা সমাধানৰ যোগ । পাৰিবাৰিক জীৱন সুখৰ হ’ব ।

বৃশ্চিক ৰাশি: আৰ্থিক দিশটো টনকীয়াল হ’ব । কামৰ প্ৰতি গুৰুত্ব বাঢ়িব । নতুন কামৰ দায়িত্ব বাঢ়িব পাৰে । দিনটো অধিক ব্যস্ততাৰে পাৰ কৰিব । প্ৰেমত শুভ । স্বাস্থ্যৰ যতন লওক ।

ধনু ৰাশি : অপ্ৰয়োজনীয় যুক্তি-তৰ্কৰ পৰা আঁতৰি থাকক । কামৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিবলগীয়া হ’ব পাৰে । পৰিয়ালৰ সৈতে কোনো কথাত মত বিৰোধ হ’ব পাৰে । সঞ্চয় প্ৰয়োজনীয়তা বাঢ়িব । পৰীক্ষাত সফলতা লাভ কৰাৰ যোগ । খৰচৰ ওপৰত গুৰুত্ব দি আয়ৰ বাবে চিন্তা কৰক ।

মকৰ ৰাশি : এই ৰাশি লোকসকলৰ ভাগ্য ফুলিব পাৰে । আৰ্থিক উন্নতিৰ যোগ । ঘৰলৈ অতিথি আগমন হ’ব । ঘৰ নিৰ্মাণৰ কামআৰম্ভ কৰাৰ বাবে দিনটো শুভ । সামাজিক চেতনা বাঢ়িব । নতুন কামত হাত দিব পাৰে ।

কুম্ভ ৰাশি: আপোনজনৰ সৈতে শুভ মুহূৰ্ত উপভোগ কৰিব । পেছাদাৰী জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে । তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক । গাড়ী চলোৱা সময়ত সাৱধান হওক । অবিবাহিত লোকসকলে সংগী লাভ কৰাৰ যোগ ।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলে আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব । পেছাদাৰী জীৱনত সফলতাৰ যোগ । আপুনি আপোনাৰ প্ৰিয়তমাৰ বাবে বিশেষ পৰিকল্পনা কৰিব পাৰে । প্ৰয়োজনত আনৰ পৰা আৰ্থিক সহায় লাভ কৰিব ।

(স্পষ্টীকৰণঃ ওপৰোক্ত তথ্যৰ সত্যাসত্য আমাৰ হাতত নাই। এই লেখাত দিয়া তথ্য সম্পূৰ্ণ সত্য আৰু সঠিক বুলি আমি দাবী নকৰো । জ্যোতিষ শাস্ত্ৰৰ মান্যতা আৰু বিশ্বাস অনুসৰি এই লেখাটো লিখা হৈছে। প্ৰয়োজন হ’লে সংশ্লিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক ।)

Latest News