Holi 2025: বৃন্দাবনৰ পৰা বৰপেটালৈ… কিদৰে উদযাপন কৰা হৈছে হোলী?
ৰঙে-ৰসে একাকাৰ হৈ পৰিছে সমগ্ৰ দেশ। পৰম্পৰাগত হোলীগীত আৰু ঘোষা কীৰ্তনেৰে মুখৰিত হৈ পৰিছে চৌদিশ। জানো আহক বৃন্দাবনৰ পৰা আৰম্ভ কৰি বৰপেটাৰ হোলীৰ বিষয়ে...

কিদৰে উদযাপন কৰা হৈছে হোলী?
আজি সমগ্ৰ দেশে উদযাপন কৰিছে ৰঙৰ উৎসৱ ফাকুৱা। হোলীৰ বাবে গোটেই বছৰটো অপেক্ষা কৰি থাকে সকলোৱে। আধ্যাত্মিক পৰিৱেশৰ মাজেৰে বৃন্দাবন, বৰষানা, বৰপেটা আৰু মাজুলী আদিত অনুষ্ঠিত দৌলোৎসৱ। হোলী গীতৰ ধ্বনি আৰু কৃষ্ণ বন্দনাৰে মুখৰ ভিন্ন প্ৰান্ত।
প্ৰথমে জানো আহক বৃদন্দাবনত কেনেকৈ উদযাপন হৈছে হোলী
বৃন্দাবনত হোলীৰ আনন্দ, ভক্তসকলে উৎসাহেৰে খেলিছে হোলী। মথুৰা-বৃন্দাবনত, পুৱাৰে পৰা ৰং লগাবলৈ আৰম্ভ কৰিছে সকলোৱে। বিভিন্ন মন্দিৰৰ বাহিৰত দেখা গৈছে ভক্তৰ ভিৰ আছে। প্ৰেম মন্দিৰৰ বাহিৰত বতাহত আবিৰ উৰি আছে।
বৃন্দাবনৰ ঠাকুৰ শ্ৰী বাঁকে বিহাৰী মন্দিৰত অতি উৎসাহেৰে হোলী উদযাপন কৰা হৈছে। হোলীৰ সামৰণি দিনটোত ভক্তসকলে তেওঁলোকৰ শ্ৰী বাঁকে বিহাৰীৰ সৈতে ৰঙৰ বৰষুণত তিতিছে। মন্দিৰত চৌদিশে মাথোঁ আবিৰ, যাৰ ফলত সমগ্ৰ পৰিৱেশটো ভক্তিময় আৰু আনন্দময় হৈ পৰিছে। এই অনন্য হোলীৰ অংশ হ’বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই মন্দিৰত উপস্থিত হয়। পুৱাৰে পৰা মন্দিৰ চৌহদত সমবেত হয় ভক্ত। মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে বাঁকে বিহাৰী জীক দৰ্শন কৰিবলৈ ভক্তৰ ভিৰ হয়। মন্দিৰৰ সেৱায়ত গোস্বামীয়ে ভক্তসকলৰ ওপৰত গুলাল আৰু ৰঙৰ বৰষুণ দিলে, যাৰ বাবে সকলোৱে ভক্তি আৰু প্ৰেমৰ ৰঙত নিমগ্ন হৈ পৰিছে। সেৱাত জ্ঞানেন্দ্ৰ কিশোৰ গোস্বামীয়ে কয় যে, ইয়াত হোলী ভক্তসকলৰ বাবে এক ঐশ্বৰিক অভিজ্ঞতা। বাংকেবিহাৰী জীয়ে নিজে ভক্তৰ সৈতে হোলী খেলে আৰু এই কাৰণেই দূৰ-দূৰণিৰ পৰা মানুহ ইয়ালৈ আকৰ্ষিত হয়। ইয়াৰ উপৰিও প্ৰেম মন্দিৰ আৰু ৰাধাবল্লভ মন্দিৰতো ভক্তৰ বিপুল ভিৰ দেখা গৈছিল। বাঁকে বিহাৰী মন্দিৰত সৰস্বতী পূজাৰ পিছতেই হোলীৰ আৰম্ভণি হৈছিল।
বৃন্দাবনত ৰাধা আৰু কৃষ্ণৰ পূজাৰ বাবে উৎসৰ্গিত শতাধিক মন্দিৰ আছে। নগৰখনৰ সৰ্বাধিক জনপ্ৰিয় স্থান হৈছে গোৱিন্দদেৱ মন্দিৰ, গোপীনাথ মন্দিৰ আৰু ৰংগনাথ মন্দিৰ। হোলীৰ সময়ত বৃন্দাবন মথুৰাত দেশ-বিদেশৰ পৰা বহু ভক্তৰ সমাগম ঘটে।
ইফালে অসমৰ প্ৰতিখন সত্ৰত হোলী উদযাপন কৰা হয়। বিশেষকৈ বৰপেটা,উত্তৰ গুৱাহাটী, শুৱালকুছি, বটদ্ৰৱা আৰু মাজুলীৰ হোলী অন্যতম। এইবাৰ জানো আহক বৰপেটাৰ হোলীৰ বিষয়ে।
বৰপেটাৰ হোলী
পৰম্পৰাগত হোলীগীত আৰু ঘোষা কীৰ্তনেৰে মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰৰ চৌদিশ। এইবাৰ শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ ২৮, ২৯ ফাগুন আৰু ১, ২ চ’তত উদযাপন কৰা হ’ব। অৰ্থাৎ ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ উদযাপন কৰিব। আজি ৰঙৰ উৎসৱ ফাকুৱা। ভিন্নৰঙী আবিৰৰ ৰং, হোলী গীতৰ মূৰ্ছনাৰে ৰাজ্যৰ চৌদিশে উখল–মাখল পৰিৱেশ। সত্ৰনগৰী বৰপেটা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত বুধবাৰৰ পৰাই আৰম্ভ হৈছে দৌলোৎসৱ। হোলী গীতৰ মূৰ্ছনাৰে সত্ৰ নগৰী বৰপেটাত আনন্দৰ লহৰ।