Barpeta Holi Celebration: বৰপেটা সত্ৰত কিমান দিন উদযাপন হ’ব দৌলযাত্ৰা মহোৎসৱ? জানক বৰপেটাৰ দৌলৰ বিষয়ে
Barpeta Holi 2025 Date and Time : এইবাৰ ফল্গুৎসৱ ১৪ মাৰ্চত সমগ্ৰ দেশতে আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হ'ব। আবিৰেৰে ৰঙীণ হৈ পৰিব চৌদিশ। কিন্তু বৰপেটাৰ ক্ষেত্ৰত হোলী কিছু পৃথক। জানো আহক বৰপেটা সত্ৰত কিমান দিন উদযাপন কৰা হ'ব দৌলযাত্ৰা মহোৎসৱ।

বৰপেটা সত্ৰত কিমান দিন উদযাপন হ'ব দৌলযাত্ৰা মহোৎসৱ?
হোলীৰ বাবে গোটেই বছৰটো অপেক্ষা কৰি থাকে সকলোৱে। হিন্দু কেলেণ্ডাৰ অনুসৰি, ফাগুণ মাহৰ পূৰ্ণিমা তিথি আৰম্ভ হ’ব ১৩ মাৰ্চ বৃহস্পতিবাৰে পুৱা ১০.৩৫ বজাত। পূৰ্ণিমা পিছদিনা ১৪ মাৰ্চৰ দুপৰীয়া ১২.২৩ বজাত শেষ হ’ব। গতিকে এইবাৰ হোলী ১৪ মাৰ্চত সমগ্ৰ দেশতে আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হ’ব।
দুষ্টক দমন কৰি শান্তক পালন কৰা, অশুভ শক্তিক দাহ কৰি নিজ শুদ্ধিৰে ন-জীৱন লোৱা, প্ৰেমৰ দেৱতা কামদেৱৰ বলিদানক স্বীকৃতি দিয়া ফাগুন পূৰ্ণিমাৰ এই পবিত্ৰ উৎসৱ সমূহ ভাৰতীয়ৰ আকাংশিত আৰু মৰমৰ উৎসৱ ৷ ৰাধা আৰু কৃষ্ণৰ স্বৰ্গীয় প্ৰেমৰ পাৰ্থিৱ উদযাপন এয়া ৷
হোলীৰ দিনটোত ইজনে সিজনক লগাব আবিৰ। হোলী ৰাজ্যৰ ভিন্ন স্থানত ১৪ মাৰ্চতে উদযাপন কৰিব, কিন্তু বৰপেটাত ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ হোলী উদযাপন কৰিব। এতিয়া তুংগত বৰপেটাত দৌল উৎসৱৰ প্ৰস্তুতি। বৰপেটাৰ হাটীয়ে হাটীয়ে চলিছে হোলী গীতৰ আখৰা।
বৰপেটা সত্ৰৰ হোলী
হোলী গীতৰ আখৰাৰে দৌল উৎসৱলৈ সাজু হৈছে বৰপেটাবাসী। এই দিনটোত ৰঙে-ৰসে একাকাৰ হৈ পৰিব বৰপেটা সত্ৰ। পৰম্পৰাগত হোলীগীত আৰু ঘোষা কীৰ্তনেৰে মুখৰিত হৈ পৰিব চৌদিশ। এইবাৰ শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ ২৮, ২৯ ফাগুন আৰু ১, ২ চ’তত উদযাপন কৰা হ’ব। অৰ্থাৎ ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ উদযাপন কৰা হ’ব।
২৮ ফাগুন ( ১৩ মাৰ্চ) বৃহস্পতিবাৰে গোন্ধ যাত্ৰা, ২৯ ফাগুন আৰু ১ চ’তত ( ১৪ মাৰ্চ আৰু ১৫ মাৰ্চ) ত ভৰদৌল আনহাতে ২ চ’ত (১৬ মাৰ্চ)ত সুঁৱেৰী বা ফাকুৱা উদযাপন কৰা হ’ব।
বৰপেটাৰ গোন্ধ যাত্ৰা, ভৰদৌল আৰু সুঁৱেৰীৰ বিষয়ে জানো আহক…
গোন্ধ যাত্ৰাঃ গোন্ধ যাত্ৰাৰ দিনা বৰপেটাৰ ২২খন হাটীৰ উপৰি ইয়াৰ উপকণ্ঠ অঞ্চলত ভক্তসকলে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আদি আনি সত্ৰৰ টুপৰ চোতালত এটা মেজি সাজে। আবেলি এক নিৰ্দিষ্ট ক্ষণত দৌলগোবিন্দ মহাপ্ৰভুক ভাজঘৰৰ পৰা গায়ন-বায়ন, ঢুলিয়া সমন্বিতে পূব দুৱাৰেদি উলিয়াই অনা হয়। ইয়াৰ পিছত সন্ধিয়ালৈ গোসাঁইক (শ্ৰীকৃষ্ণ) গায়ন-বায়ন আৰু বৰঢুলীয়াৰে সৈতে ভক্তবৃন্দই টুপৰ চোতালত সজা মেজিৰ কাষলৈ নিয়ে। প্ৰজ্জ্বলিত মেজিৰ চাৰিওফালে গোসাঁইক সাতপাক ঘূৰোৱা হয়। এই সময়ত ঢোল, খোল, দবা, শংখ, ঘণ্টা আদিৰ শব্দৰ লগতে হোলীগীতো গায়। লগতে চাৰিওফালে স্থানীয় আতচবাজী প্ৰদৰ্শন কৰা হয়।
ভৰ দেউলঃ গন্ধৰ পিছৰ দিনাখন ভৰদৌল বা ভৰদেউল। সেই দিনা পুৱা যোগমোহন গৃহত আইসকল আৰু বাপুসকলে প্ৰসংগৰ পিছত বংশৰা বা হাটী গোটৰ গায়ন-বায়নসকলে গুৰুঘাট বজাই শ্যাম ৰাগৰ দুটা ‘পুৱাৰ গীত’ আৰু ললিতা ৰাগৰ ‘যশোমতী পেখিতে নয়ন জুৰাই’ গীতটো গায়।
সুঁৱেৰীঃ ভৰদৌলৰ পিছদিনা ফাকুৱা বা হোলী। স্থানীয়ভাৱে ফাকুৱাক ইয়াত ‘সুঁৱেৰী’ বা ‘সৌৰী’ বোলা হয়। সেইদিনা ফাকু গুৰি ছটিয়াই সকলোৱে আনন্দ কৰে। ভৰদৌলৰ নিশা দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলৰ পৰা নমাই কীৰ্ত্তন ঘৰৰ ভিতৰত ৰখা হয়। সুঁৱৰীৰ দিনা আৱেলি পুনৰাই গোসাঁইক মঠৰ চোতাললৈ আনি পূজা কৰা হয়। ইয়াৰ পিছত গোসাঁইক বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ নিয়ে। তাতে গোসাঁইৰ দোলা পৱিত্ৰ ভূমিত ৰখা হয়। ভক্তগণে গোসাঁইৰ সন্মুখত এবিধ বনৰীয়া মাহ আগবঢ়াই। ইয়াৰ পিছত পুনৰ বৰপেটা সত্ৰলৈ অনা হয়। ইয়াৰ পিছতে সত্ৰৰ মূল প্ৰৱেশ পথত টুপৰ চোতালত ‘বাঁহ ভঙা’ কাৰ্য অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছত পুনৰ গোসাঁই মণিকূটত প্ৰৱেশ কৰে আৰু দেউল উৎসৱৰ সামৰণি পৰে।