Hanuman Chalisa: আকবৰৰ কাৰাগাৰত তুলসীদাসে কেনেকৈ ৰচনা কৰিছিল হনুমান চালিছা? ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী…

Hanuman Chalisa: হনুমান চালিছা পাঠ কৰিলে সকলো বিপদ দূৰ কৰাৰ লগতে আত্মবিশ্বাস বৃদ্ধি হয়। কিন্তু আপুনি জানেনে যে হনুমান চালিছাৰ ৰচনা মোগল শাসক আকবৰৰ বাবে হৈছিল। এই চালিছাৰ কাহিনী অতি আমোদজনক আৰু ঐতিহাসিক। প্ৰথমে এই হনুমান চালিছা আৱাধি ভাষাত লিখা হৈছিল, পিছলৈ বহু ভাৰতীয় ভাষালৈ ইয়াক অনুবাদ কৰা হৈছিল। ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক

Hanuman Chalisa: আকবৰৰ কাৰাগাৰত তুলসীদাসে কেনেকৈ ৰচনা কৰিছিল হনুমান চালিছা? ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী...

ভগৱান হনুমান

Updated On: 

20 Feb 2025 17:22 PM

হনুমান চলিছাক ভগৱান ৰামৰ পৰম ভক্ত হনুমানৰ আশীৰ্বাদ পোৱাৰ সৰ্বোত্তম স্তুতি বুলি বিশ্বাস কৰা হয়। হনুমান চালিছাত ৪০ টা শ্লোক আছে।।  সমগ্ৰ বিশ্বৰ লাখ লাখ সনাতনী লোকে প্ৰতিদিনে হনুমান চালিছা পাঠ কৰে। ইয়াত ভগবান হনুমানৰ সামৰ্থ্য, ৰামৰ প্ৰতি থকা ভক্তি আৰু তেওঁৰ কৰ্মৰ বিষয়ে কোৱা হৈছে। বিশ্বাস মতে হনুমান চালিছা পাঠ কৰিলে জীৱনৰ প্ৰতিটো সমস্যা আৰু সংকট নাইকিয়া হৈ যায়।

অবিৰতভাৱে হনুমান চালিছা পাঠ কৰিলে সকলো বিপদ দূৰ কৰাৰ লগতে আত্মবিশ্বাস বৃদ্ধি হয়। কিন্তু আপুনি জানেনে যে হনুমান চালিছাৰ ৰচনা মোগল শাসক আকবৰৰ বাবে হৈছিল। এই চালিছাৰ কাহিনী অতি আমোদজনক আৰু ঐতিহাসিক। প্ৰথমে এই হনুমান চালিছা আৱাধি ভাষাত লিখা হৈছিল, পিছলৈ বহু ভাৰতীয় ভাষালৈ ইয়াক অনুবাদ কৰা হৈছিল। ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক…

পুৰাণৰ মতে হনুমানক ভগৱান ৰামৰ আটাইতকৈ ডাঙৰ ভক্ত বুলি কোৱা হৈছিল আৰু এই কথা সময়ে সময়ে প্ৰমাণিত হৈছিল।  পুৰাণ আৰু শৈৱ পৰম্পৰাত কোৱা হৈছে যে হনুমান নিজেই ৰুদ্ৰৱতাৰ আছিল। হনুমান চালিছাৰ লেখক তুলসীদাস। তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল। হনুমান চালিছা কেনেকৈ ৰচনা কৰা হৈছিল ইয়াৰ আঁৰৰ কাহিনী অতি আমোদজনক। জনবিশ্বাস অনুসৰি ৰামচৰিত মানসৰ বাহিৰেও সুকীয়াকৈ হনুমান চালিছা লিখিছিল তুলসীদাসে। আকবৰৰ কাৰাগাৰত থাকোতে তেওঁ ৰচনা কৰিছিন হনুমান চালিছা।

মোগল সম্ৰাট আকবৰক বন্দী কৰি ৰখাৰ পৰাই তুলসীদাসে হনুমান চালিছা ৰচনা কৰিবলৈ অনুপ্ৰাণিত হৈছিল বুলি বিশ্বাস কৰা হয়।  কিংবদন্তি অনুসৰি এসময়ত মোগল সম্ৰাট আকবৰে গোস্বামী তুলসীদাসক ৰাজদৰবাৰলৈ মাতিছিল। তাতে তেওঁৰ আব্দুল ৰহিম খান-ই-খানা আৰু টোদাৰ মালৰ সৈতে সাক্ষাৎ হয়। আব্দুল ৰহিম খান-ই-খানা আৰু টোদাৰ মালে আকবৰৰ প্ৰশংসাত কিছু গ্ৰন্থ লিখিব বিচাৰিছিল। যিটো তুলসীদাসে লিখিবলৈ অস্বীকাৰ কৰিছিল। তাৰ পিছত আকবৰে তেওঁক কাৰাগাৰত ভৰাই থৈছিল।

সেই সময়ত এবাৰ সম্ৰাট আকবৰে তুলসীদাসক কাৰাগাৰৰ পৰা নিজৰ দৰবাৰলৈ মাতি আনি শ্ৰীৰামৰ লগত সাক্ষাৎ কৰাই দিবলৈ ক’লে। এই কথাত তুলসীদাসে উত্তৰ দিলে যে ভগৱান শ্ৰীৰামে কেৱল ভক্তকহে দৰ্শন দিয়ে। এই কথা শুনি আকবৰৰ খং উঠিল আৰু পুনৰ তুলসীদাসক কাৰাগাৰত ভৰাই থলে। তেতিয়া তুলসীদাসে কাৰাগাৰতে নিজেই হনুমান চালিছা লিখিলে। তুলসীদাসে আৱাধি ভাষাত হনুমান চালিছা লিখিছিল। কিন্তু সেই সময়ছোৱাত আন এটা ঘটনা ঘটিল যাৰ বাবে আকবৰে তুলসীদাসক কাৰাগাৰৰ পৰা মুক্ত কৰিব লগা হ’ল। তুলসীদাসে যেতিয়া হনুমান চালিছা ৰচনা কৰি আছিল, তেতিয়া ফতেহপুৰ ছিক্ৰিৰ কাৰাগাৰৰ চাৰিওফালে বহুত বান্দৰে আহি তাত বহু ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। এই দেখি মন্ত্ৰীসকলৰ পৰামৰ্শ অনুসাৰে সম্ৰাট আকবৰে তুলসীদাসক কাৰাগাৰৰ পৰা মুক্ত কৰিলে।

(স্পষ্টীকৰণ: এই তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 অসমে এই কথাৰ নিশ্চিতি প্ৰদান নকৰে।)

লগতে পঢ়ক: আপুনিও হনুমান চলিছা পাঠ কৰে নেকি? ইয়াৰ ধৰ্মীয় তাৎপৰ্য, উপযুক্ত সময়, সঠিক নিয়ম সম্পৰ্কে সবিশেষ জানক…

মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?
বাংলাদেশৰ বিপক্ষে আজি অনন্য মাইলষ্ট’ন স্পৰ্শৰ সুযোগ ৰোহিত আৰু কোহলীৰ হাতত