সপোনত পূৰ্বপুৰুষক দেখাটো শুভ নে অশুভ, জানক এই সপোনে কিহৰ সংকেত দিয়ে

Dead Ancestors In Dreams: সপোন শাস্ত্ৰত প্ৰতিটো সপোনৰ কিছুমান অৰ্থ থাকে। আমি দেখা সপোনে আমাক ভৱিষ্যতে ঘটিবলগা ঘটনাৰ বিষয়ে ইংগিত দিয়ে। কেতিয়াবা আমাৰ পূৰ্বপুৰুষেও সপোনৰ জৰিয়তে আমাক দেখা দিয়ে। কিন্তু আপুনি জানেনে সপোনত পূৰ্বপুৰুষক দেখাটো শুভ নে অশুভ।

সপোনত পূৰ্বপুৰুষক দেখাটো শুভ নে অশুভ, জানক এই সপোনে কিহৰ সংকেত দিয়ে

সপোনত পূৰ্বপুৰুষক দেখাটো শুভ নে অশুভ

Updated On: 

09 Jan 2025 18:09 PM

Seeing Dead Ancestors In Dreams: হিন্দু ধৰ্ম শাস্ত্ৰত কোৱা হৈছে যে, পূৰ্বপুৰুষক কেতিয়াও অবহেলা কৰিব নালাগে। বিশ্বাস অনুসৰি পূৰ্বপুৰুষ সুখী হ’লে ঘৰখনত এক ইতিবাচক পৰিবেশ বৰ্তি থাকে। পূৰ্বপুৰুষক সুখী কৰি ৰাখিলে দেৱতাৰ আশীৰ্বাদ লাভ কৰিব পাৰি। যদি পূৰ্বপুৰুষৰ খং উঠে, তেন্তে ঘৰৰ পৰা সুখ আঁতৰি যায় বুলি বিশ্বাস কৰে।

আমাৰ পূৰ্বপুৰুষসকলে বছৰত কোনোবা নহয় কোনোবা প্ৰকাৰে সন্তুষ্টি-অসন্তুষ্টিৰ সংকেত দিয়ে। বহুজনক সপোনো দেখুৱাই। আচলতে তেওঁলোকে সপোনৰ জৰিয়তে আমাক বহুতো সংকেত দিয়ে। আজি আমি আপোনালোকক সেই সপোনবোৰৰ বিষয়ে জনাম।

সপোনৰ শুভ লক্ষণ

  • সপোনৰ শাস্ত্ৰত কোৱা হৈছে যে, পূৰ্বপুৰুষসকলে মিঠাই বিতৰণ কৰা বা কিবা দিয়া দেখিলে শুভ লক্ষণ।
  • সপোনত পূৰ্বপুৰুষকলে কথা পতা দেখিলেও সপোনৰ শাস্ত্ৰৰ মতে শুভ লক্ষণ। ইয়াৰ অৰ্থ হ’ল, অদূৰ ভৱিষ্যতে আপুনি হয়তো ডাঙৰ সফলতা লাভ কৰিব।
  • সপোনত পূৰ্বপুৰুষক খাদ্য খুৱাই থকা দেখিলেও অতি উত্তম লক্ষণ বুলি গণ্য কৰা হয়। যদি আপুনি এনেকুৱা এটা সপোন দেখিছে, তেন্তে বুজি লওক যে, আপোনাৰ যথেষ্ঠ ভাল সময় আহিব।

এই সপোনবোৰে অশুভ সংকেত দিয়ে

  • সপোনত পূৰ্বপুৰুষৰ আভাস দেখা আৰু তৎক্ষণাৎ তেওঁলোকৰ অন্তৰ্ধান হোৱাটো অশুভ বুলি গণ্য কৰা হয়। এনে সপোন দেখাৰ অৰ্থ হ’ল আপুনি কিবা এটা ডাঙৰ বিপদত পৰিব।
  • সপোনত পূৰ্বপুৰুষক খঙত থকা দেখিলে অশুভ লক্ষণ। এনে সপোনৰ অৰ্থ হ’ল, সম্পত্তিৰ ক্ষতি হ’ব পাৰে।
  • সপোনত গালি দি থকা পূৰ্বপুৰুষক দেখিলে অশুভ বুলি ধৰা হয়। এনে সপোনৰ অৰ্থ হ’ল, আপোনাৰ পূৰ্বপুৰুষসকল আপোনাৰ ওপৰত সুখী নহয়।

(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য সপোন বিজ্ঞানৰ নিয়মৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?