শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Jagannath Temple: পুৰীৰ জগন্নাথ মন্দিৰৰ অলৌকিক শক্তি! কিয় বতাহৰ বিপৰীত দিশত উৰে জগন্নাথ মন্দিৰৰ পতাকা?

জগন্নাথ পুৰী মন্দিৰত প্ৰতিদিনে ধ্বজ (পতাকা) সলনি কৰাৰ পৰম্পৰাই ধৰ্মীয়, সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে গভীৰ তাৎপৰ্য বহন কৰিছে। এই পৰম্পৰা প্ৰায় ৮০০ বছৰ ধৰি চলি আহিছে আৰু ইয়াৰ লগত বহুতো বিশ্বাস আৰু ৰহস্য জড়িত হৈ আছে। জগন্নাথ মন্দিৰৰ ওপৰত অৱস্থিত ২০ ফুট দৈৰ্ঘ্যৰ ত্ৰিকোণীয় পতাকাখন প্ৰতিদিনে সলনি কৰা হয়।

Jagannath Temple: পুৰীৰ জগন্নাথ মন্দিৰৰ অলৌকিক শক্তি! কিয় বতাহৰ বিপৰীত দিশত উৰে জগন্নাথ মন্দিৰৰ পতাকা?
barasha-misra
Barasha Misra | Published: 22 Apr 2025 18:50 PM

জগন্নাথ মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থস্থান। ভাৰতৰ একমাত্ৰ এই মন্দিৰ য’ত কৃষ্ণৰ ভগ্নী সুভদ্ৰাক তেওঁৰ ভাতৃ জগন্নাথ আৰু বলভদ্ৰৰ সৈতে পূজা কৰা হয়। মন্দিৰৰ তথ্য অনুসৰি অৱন্তীৰ ৰজা ইন্দ্ৰদ্যুম্নে পুৰীত জগন্নাথৰ মূল মন্দিৰ নিৰ্মাণ কৰিছিল। দশম শতিকাৰ পৰা আৰম্ভ কৰি পূব গংগা বংশৰ প্ৰথম ৰজা অনন্তবৰ্মন চোদাগংগাই মূল জগন্নাথ মন্দিৰক বাদ দি চৌহদৰ পূৰ্বতে থকা মন্দিৰসমূহৰ স্থানত বৰ্তমানৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। য’ত জগন্নাথ নিজে বাস কৰে। চাৰি ধামৰ ভিতৰত পুৰী অন্যতম। পুৰী ওড়িশাত অৱস্থিত জগন্নাথ মন্দিৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত উৎসৰ্গিত। বাকী তিনি ধাম হৈছে দ্বাৰকা , বদ্ৰীনাথ আৰু ৰামেশ্বৰম । হিন্দু আধ্যাত্মিক শিক্ষা মতে পুৰী দৰ্শন অবিহনে কোনো তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ বুলিব নোৱাৰি ।

মন্দিৰৰ এই ৰহস্যৰ বিষয়ে জানক

আজিও এই মন্দিৰৰ ৰহস্য দেখি বিজ্ঞানীসকল আচৰিত হৈ যায়। এই মন্দিৰত বহু ৰহস্য লুকাই আছে, যাৰ বাবে ভগৱান জগন্নাথ মন্দিৰক সমগ্ৰ বিশ্বৰ লোকে বিশ্বাস কৰে।

মন্দিৰৰ ওপৰেৰে উৰিব নোৱাৰে চৰাই আৰু বিমান

জনবিশ্বাস মতে, জগন্নাথ পুৰী মন্দিৰৰ ৰক্ষা গৰুড় চৰাইয়ে কৰে। গৰুড়ক চৰাইৰ ৰজা বুলি গণ্য কৰা হয়। এনে ক্ষেত্ৰত এই মন্দিৰৰ ওপৰেৰে আন চৰাই উৰি নাযায়। আনহাতে জগন্নাথ পুৰী মন্দিৰৰ ওপৰৰ অংশত আঠ ধাতুৰে নিৰ্মিত এটা চক্ৰ আছে।

অষ্ট ধাতুৰে নিৰ্মিত এই চক্ৰটোক ‘নীলচক্ৰ’ বুলিও কোৱা হয়। ইয়াক এনেদৰে নিৰ্মাণ কৰা হৈছে যে, পুৰীৰ যিকোনো কোণৰ পৰা দেখা যায় আৰু যিকোনো দিশৰ পৰাও দেখা যায়। এইটো চালে এনে অনুভৱ কৰিব যে এই চক্ৰটো আপোনাৰ ফালে মুখ কৰি আছে। এই চক্ৰই মন্দিৰৰ ওপৰেৰে উৰি যোৱা বিমানবোৰত বাধাৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়। সেইবাবেই এই মন্দিৰৰ ওপৰেৰে কোনো বিমান উৰিব নোৱাৰে।

বিশ্বৰ আটাইতকৈ ডাঙৰ পাকঘৰ

শ্ৰী জগন্নাথ মন্দিৰত অৱস্থিত পাকঘৰটোক বিশ্বৰ সৰ্ববৃহৎ পাকঘৰ বুলি জনা যায়। এই পাকঘৰত প্ৰতিদিনে প্ৰায় ৫০০ ৰান্ধনী আৰু প্ৰায় ৩০০ সহকৰ্মীয়ে খাদ্য প্ৰস্তুত কৰে। প্ৰসাদ প্ৰস্তুত কৰিবলৈ ৭টা বাচন একেলগে এটাৰ ওপৰত আনটোৰ উঠাই জুহালত খাদ্য প্ৰস্তুত কৰে। আপুনি জানি আচৰিত হ’ব যে, ওপৰত ৰখা পাত্ৰৰ খাদ্যখিনি প্ৰথমে প্ৰস্তুত হয় আৰু তাৰ যিটো পাত্ৰ একেবাৰে তলত জুইত লাগি থাকে সেইটোৰ খাদ্য শেষতহে প্ৰস্তুত হয়।

পতাকা সলনি কৰাৰ ধৰ্মীয় তাৎপৰ্য

জগন্নাথ পুৰী মন্দিৰত প্ৰতিদিনে ধ্বজ (পতাকা) সলনি কৰাৰ পৰম্পৰাই ধৰ্মীয়, সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে গভীৰ তাৎপৰ্য বহন কৰিছে। এই পৰম্পৰা প্ৰায় ৮০০ বছৰ ধৰি চলি আহিছে আৰু ইয়াৰ লগত বহুতো বিশ্বাস আৰু ৰহস্য জড়িত হৈ আছে। জগন্নাথ মন্দিৰৰ ওপৰত অৱস্থিত ২০ ফুট দৈৰ্ঘ্যৰ ত্ৰিকোণীয় পতাকাখন প্ৰতিদিনে সলনি কৰা হয়। এই কামটো ‘চোলা’ পৰিয়ালে কৰে। তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই পৰম্পৰাক আগুৱাই লৈ গৈছে। কোৱা হয় যে এবাৰ ভগৱান জগন্নাথে এজন ভক্তৰ সপোনত আবিৰ্ভাৱ হৈ তেওঁৰ পতাকা পুৰণি আৰু ফাটি যোৱা বুলি কৈছিল। পিছদিনা যেতিয়া মন্দিৰৰ পুৰোহিতসকলে দেখিলে, সঁচাকৈয়ে পতাকাখন একেই আছিল। তেতিয়াৰ পৰাই এই পৰম্পৰা আৰম্ভ হয় যে প্ৰতিদিনে এখন নতুন পতাকা আঁৰি দিয়া হ’ব। গতিকে এই কামটো প্ৰতিদিনে ভক্তি আৰু শ্ৰদ্ধাৰে সম্পন্ন কৰা হয়।

জগন্নাথ পুৰীত বিপৰীত দিশত বলে বতাহ

জগন্নাথ মন্দিৰৰ পতাকা বতাহৰ বিপৰীত দিশত উৰে। পৌৰাণিক কাহিনী অনুসৰি ভগৱান বিষ্ণুৰ সাগৰৰ শব্দৰ বাবে জিৰণি ল’বলৈ কৰিবলৈ কষ্ট হৈছিল। হনুমানs সাগৰক নিজৰ শব্দ বন্ধ কৰাৰ কথা কৈছিল, কিন্তু সাগৰে সেই সময়ত বতাহৰ অবিহনে সম্ভৱ নহয় বুলি কৈছিল। তেতিয়া হনুমানে পৱন দেৱক মন্দিৰৰ ওলোটা দিশত বতাহ বলিবলৈ আবেদন জনায়, কিন্তু পৱন দেৱেও এইটো অসম্ভৱ বুলি কৈছিল। শেষত হনুমানে মন্দিৰৰ চাৰিওফালে বতাহৰ এটা চক্ৰ সৃষ্টি কৰিছিল যাৰ ফলে সাগৰৰ শব্দ মন্দিৰৰ ভিতৰত নাযায় আৰু বাহিৰতে ঘূৰি থাকে। সেয়ে মন্দিৰৰ বিপৰীত দিশত পতাকাখন উৰে।

জগন্নাথ মন্দিৰৰ ছাঁ গঠন নহয়

এই মন্দিৰটো পৃথিৱীৰ আটাইতকৈ ওখ আৰু ধুনীয়া মন্দিৰ। ইয়াৰ উচ্চতা প্ৰায় ২১৪ ফুট আৰু ই ৪ লাখ বৰ্গফুটত বিস্তৃত এক আচৰিত মন্দিৰ। কিন্তু এই মন্দিৰৰ গম্বুজৰ ছাঁ আপুনি দেখা নাপায়। এই মন্দিৰটো এতিয়াও বহু ৰহস্যৰে ভিৰি আছে।

(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)