শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমৰ সকলো দৌলতকৈ ওখ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, এই দৌলৰ ইতিহাস জানেনে আপুনি ?

মহাশিৱৰাত্ৰিলৈ কিছুদিন বাকী আছে। প্ৰতি বছৰে মহাশিৱৰাত্ৰিৰ সময়ত শিৱদৌলত পূজাৰ লগতে বিশাল মেলাৰো আয়োজন কৰা হয়। শিৱসাগৰৰ শিৱদৌলৰ আছে বহু মাহাত্ম্য। জানক এই মন্দিৰৰ ইতিহাস আৰু নিৰ্মাণশৈলীৰ বিষয়ে।

অসমৰ সকলো দৌলতকৈ ওখ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, এই দৌলৰ ইতিহাস জানেনে আপুনি ?
অসমৰ সকলো দৌলতকৈ ওখ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলImage Credit source: Social media Image
barasha-misra
Barasha Misra | Updated On: 21 Feb 2025 14:37 PM

ঐতিহাসিক শিৱসাগৰত মহাশিৱৰাত্রি আৰু মেলাৰ চলিছে ব্যাপক আয়োজন। আগন্তুক ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব মেলা।বিগত বৰ্ষৰ দৰে এইবাৰো বিশেষভাৱে উদযাপন কৰা হ’ব। এই মেলাত প্ৰায় পাঁচসহস্ৰাধিক অস্থায়ী বিপনি আহিব।

২৬ ফেব্ৰুৱাৰী নিশা প্ৰায় ৯.১৩ বজাত পূজা আৰম্ভ হ’ব আৰু ২৭ ফেব্ৰুৱাৰী পুৱা ৯.৩০ বজাত পূজা সমাপ্ত হ’ব। ২৮ ফেব্ৰুৱাৰীৰ নিশা মুখ্য আকৰ্ষণ হিচাপে থাকিব জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ সংগীতানুষ্ঠান।

শিৱসাগৰৰ শিৱদৌলৰ আছে বহু মাহাত্ম্য। মহাশিৱৰাত্ৰিৰ সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীসকলে আহি পূজা আগবঢ়ায়। আজি এই মন্দিৰটোৰ ইতিহাস আৰু ভাস্কৰ্য্যৰ বিষয়ে জানো আহক।

শিৱদৌলৰ ইতিহাস

এই মন্দিৰটো শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰী ভগ্নী দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩১ খৃঃত সোণৰ কলচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা প্ৰায় ১৮০ ফুট(প্ৰায় ৫৫.৫১ মিটাৰ) আৰু ভেটিৰ প্ৰস্থ প্ৰায় ১৯৫ ফুট (৬০.১৪ মিটাৰ) । দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় ৮ ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল, কিন্তু কলচীটো বা সোণখিনি খহাব নোৱাৰিলে। ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দৌলটোত সদায়ে শিৱৰ পূজা অৰ্চনা হয়।

মন্দিৰৰ স্থাপত্য-ভাস্কৰ্য্য

শিৱদৌল শিখৰা স্থাপত্য ( Shikhara architecture)ৰ আৰ্হিত নিৰ্মিত বুলি জনা যায়। ইয়াৰ কেন্দ্ৰত এটা গম্বুজ আছে। এই গম্বুজৰ উচ্চতা ১০৪ ফুট বা ৩২ মিটাৰ। দৌলটোৰ তলৰ অংশৰ পৰিধি ১৯৫ ফুট (৫৯ মিটাৰ)। মন্দিৰটো শিল আৰু ইটাৰে নিৰ্মাণ কৰা হৈছে। দৌলৰ ভিতৰচ’ৰাত এটা শিৱ লিংগ আছে। ইয়াৰ মুকুটত সোণেৰে নিৰ্মিত কলচী আছে। গম্বুজটোত সমান্তৰাল শিখৰ আৰু খাদেৰে নিৰ্মাণ কৰা হৈছে। গম্বুজৰ তলৰ অংশৰ কাষে কাষে চাৰিটা সৰু সৰু একে ধৰণৰ গম্বুজ আছে, এইবোৰক অংগশিকাৰ বুলি জনা যায়। মন্দিৰৰ বাহিৰৰ দেৱালবোৰ ভাস্কৰ্য্য আৰু ফুলৰ ডিজাইনেৰে সজাই তোলা হৈছে।