Happy Holi 2025: আজি সমগ্ৰ দেশে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা, কেনেকৈ হৈছিল ইয়াৰ আৰম্ভণি?
Happy Holi 2025: ভাৰতত আজি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হ'ব ৰঙৰ উৎসৱ ফাকুৱা। বিশেষকৈ ফাগুন মাহৰ পূৰ্ণিমাৰ দিনটোত আবিৰেৰে হোলী খেলা হয়। কিন্তু কেনেকৈ আৰম্ভ হ’ল জানেনে?

এই দিনটো সমগ্ৰ দেশে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। লোকাৰণ্য হৈ পৰিছে ৰাজ্যৰ সত্ৰসমূহ। আধ্যাত্মিক পৰিৱেশৰ মাজেৰে বৰপেটা, মাজুলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌলোৎসৱ।
Happy Holi 2025: হিন্দুসকলৰ অন্যতম প্ৰধান উৎসৱ হোলী আজি সমগ্ৰ দেশে উদযাপন কৰিব। হোলীত অশুভৰ ওপৰত শুভৰ জয়ৰ প্ৰতীক। দেশৰ বহু ঠাইত বসন্তৰ আগমনৰ লগে লগে হোলী উৎসৱ আৰম্ভ হয়। হোলী কেৱল উৎসৱ নহয় বৰঞ্চ সামাজিক সম্প্ৰীতি আৰু সকলোকে সমান বুলি গণ্য কৰাৰ প্ৰতীক। আজিৰ দিনটোত মানুহে নিজৰ মতানৈক্য পাহৰি ইজনে সিজনক মৰমেৰে আলিংগন কৰি আবিৰ সানে।
হোলী কেনেকৈ আৰম্ভ হ’ল?
ৰঙেৰে হোলী খেলাৰ পৰম্পৰা ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত। ক’লা ৰঙৰ বাবেই ভগৱান শ্ৰীকৃষ্ণৰ সন্দেহ আছিল যে ৰাধা আৰু গোপীয়ে তেওঁক ভাল পাবনে নাপাব। মা যশোদাই কৃষ্ণক পৰামৰ্শ দিলে যে তেওঁ ৰাধা আৰু তাইৰ বন্ধু-বান্ধৱীৰ ওপৰত ৰং লগাব পাৰে। এই পৰম্পৰাই পিছলৈ ৰঙেৰে হোলীৰ ৰূপ ল’লে। আজিও বৃন্দাবন, মথুৰা, বৰসাণা আৰু নন্দগাঁৱত এই পৰম্পৰা অতি আনন্দৰে পালন কৰা হয়।
কেনেকৈ পালন কৰা হয় হোলী?
প্ৰতিবছৰে দুদিনীয়াকৈ পালন কৰা হয় হোলী উৎসৱ। প্ৰথম দিনাই হোলিকা দহন, হোলিকা দহনে বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক। দ্বিতীয় দিনা ৰঙৰ হোলী খেলা হয়, য’ত মানুহে ইজনে সিজনৰ ওপৰত ৰং প্ৰয়োগ কৰে। কিন্তু দেশৰ ভিন্ন প্ৰান্তত ৪ বা ৫ ৰ লগতে বৰসানাত ১ মাহ জোৰা হোলী খেলা হয়। হোলীৰ দিনা মানুহে ইজনে সিজনৰ ঘৰলৈ গৈ মিঠাই বিতৰণ কৰে। হোলী উৎসৱ ঐক্য আৰু ভাতৃত্ববোধৰ প্ৰতীক। এই উৎসৱে আমাক শিকাইছে যে বেয়াৰ ওপৰত ভালৰ জয়ৰ বাবে আমি সদায় সমৰ্থন কৰা উচিত।
হোলীৰ পৌৰাণিক কাহিনী
পৌৰাণিক আখ্যানত এই দিনটোক ‘কাম দহনৰ দিন’ বুলি উল্লেখ কৰিছে। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল। কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যাত বিলীন হৈ আছিল। তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক ‘কামবাণ’ নিক্ষেপ কৰিবলৈ দিছিল। মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে। তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়। কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে।
আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ’ল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়।