শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যত অন্যতম শিৱ মন্দিৰসমূহৰ বিষয়ে জানো আহক, য’ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি

মহাশিৱৰাত্ৰি উপলক্ষে বুধবাৰৰ দিনটোত ৰাজ্যৰ প্ৰতিটো শিৱ মন্দিৰত পূজা কৰা হয়। হাতে হাতে ধূপ-চাকি-নৈবদ্য লৈ ভক্তই লৈছে সেৱা। কিছুমান মন্দিৰত দুদিন আৰু কিছুমানত চাৰি দিনীয়াকৈ অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি।

ৰাজ্যত অন্যতম শিৱ মন্দিৰসমূহৰ বিষয়ে জানো আহক, য’ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি
ৰাজ্যত অন্যতম শিৱ মন্দিৰসমূহৰ বিষয়ে জানো আহক
barasha-misra
Barasha Misra | Published: 27 Feb 2025 14:12 PM

সমগ্ৰ ৰাজ্যত বুধবাৰে অনুষ্ঠিত হয় মহাশিৱৰাত্ৰি। ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰীৰ উপবাস পালন কৰা হয়। এই দিনটোত ভগৱান শিৱ আৰু মা পাৰ্বতীক পূজা কৰা হয়। কোৱা হয় যে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ আজিৰ দিনটোতে হৈছিল, সেয়েহে কোনো কোনো ঠাইত মহাদেৱৰ বিবাহ শোভাযাত্ৰা উলিওৱাৰ পৰম্পৰা আছে। ভিন্ন স্থানত এই মহাশিৱৰাত্ৰি দুদিনীয়াকৈ অনুষ্ঠিত হৈছে।

শিৱৰাত্ৰিৰ প্ৰথম প্ৰহৰ পূজাৰ সময় সন্ধিয়া ০৬:১৯ বজাৰ পৰা নিশা ০৯:২৬ বজালৈ আছিল। দ্বিতীয় প্ৰহৰ পূজাৰ সময় ২৭ ফেব্ৰুৱাৰীৰ পুৱা ০৯:২৬ বজাৰ পৰা ১২:৩৪ বজালৈ। তৃতীয় প্ৰহৰ পূজাৰ সময় ২৭ ফেব্ৰুৱাৰীৰ নিশা ১২:৩৪ বজাৰ পৰা ০৩:৪১ বজালৈ আৰু চতুৰ্থ প্ৰহৰ পূজাৰ সময় ২৭ ফেব্ৰুৱাৰীৰ পুৱা ০৩:৪১ বজাৰ পৰা পুৱা ০৬:৪৮ বজালৈ।

মহাশিৱৰাত্ৰি উপলক্ষে বুধবাৰৰ দিনটোত ৰাজ্যৰ প্ৰতিটো শিৱ মন্দিৰত পূজা কৰা হয়। হাতে হাতে ধূপ-চাকি-নৈবদ্য লৈ ভক্তই লৈছে সেৱা। কিছুমান মন্দিৰত দুদিন আৰু কিছুমানত চাৰি দিনীয়াকৈ অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি।

ৰাজ্যত অন্যতম শিৱ মন্দিৰসমূহৰ বিষয়ে জানো আহক

শিৱদৌল

শিৱসাগৰত ঐতিহাসিক শিৱদৌলত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পূজা আৰু মেলা।বিগত বৰ্ষৰ দৰে এইবাৰো বিশেষভাৱে উদযাপন কৰা হৈছে। এই মেলাত প্ৰায় পাঁচসহস্ৰাধিক অস্থায়ী বিপনি আহিছে।

২৬ ফেব্ৰুৱাৰী নিশা প্ৰায় ৯.১৩ বজাত পূজা আৰম্ভ হৈছে আৰু ২৭ ফেব্ৰুৱাৰী পুৱা ৯.৩০ বজাত পূজা সমাপ্ত হ’ব। ২৮ ফেব্ৰুৱাৰীৰ নিশা মুখ্য আকৰ্ষণ হিচাপে থাকিব জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ আছে সংগীতানুষ্ঠান।

এই মন্দিৰটো শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰী ভগ্নী দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩১ খৃঃত সোণৰ কলচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা প্ৰায় ১৮০ ফুট(প্ৰায় ৫৫.৫১ মিটাৰ) আৰু ভেটিৰ প্ৰস্থ প্ৰায় ১৯৫ ফুট (৬০.১৪ মিটাৰ) । দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় ৮ ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল, কিন্তু কলচীটো বা সোণখিনি খহাব নোৱাৰিলে। ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়।

মহাভৈৰৱ মন্দিৰ

মহাভৈৰৱ মন্দিৰত ভক্তৰ ভিৰ। তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে মহাশিৱৰাত্রি। তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মান কৰা হৈছিল। কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটো ৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ।

মৰিগাঁৱৰ মহেশধাম

মৰিগাঁৱৰ মহেশধামত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শিৱৰাত্ৰি। দ্বিতীয় দিনাও মহেশধামত অগণন ভক্তৰ ভিৰ। কুমৈ আমকাটা পাহাৰৰ শিখৰত আছে এই মহেশধাম। ১৩০ বছৰ গৰকা মহেশধামলৈ দূৰ-দূৰণিৰ পৰা আহিছে ভক্ত।

মহামৃত্যুঞ্জয় মন্দিৰ

ইয়াৰ পিছত নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ অন্যতম । বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। প্ৰতিবছৰে মহাশিৱৰাত্ৰিৰ দিনটোত মহাদেৱৰ আশিষ ল’বলৈ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত ভিৰ কৰে ভক্তই। মহা মৃত্যুঞ্জয় মন্দিৰ (Mrityunjay Temple) অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ১২৬ ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ।

ঘুগুহা দৌল

ঘুগুহা লাংকুৰি দৌল অসমৰ হাবুংৰ চিল-কং-মুখৰ ওচৰৰ গঙমুখ গাওঁ (বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহা)ত অৱস্থিত এক মধ্যযুগীয় দৌল যত আম-চ্যু-চীন ধৰ্মৰ তাওবাদী দেৱতা লাংকুৰিৰ আৰাধনাৰ বাবে স্থাপন কৰা হৈছিল। বুৰঞ্জীবিদ সকলৰ মতে এই দৌল চাওফা চ্যু-ডাং-ফাই নিজৰ মাতৃ নাং ঘুগু কুঁৱৰীৰ স্মৃতিত তেওঁক ডাঙৰ দীঘল কৰা হাবুং অঞ্চলত স্থাপন কৰিছিল। ধেমাজি জিলাৰ সদৰৰপৰা তেইশ কিলোমিটাৰ পশ্চিমে এই দৌল অৱস্থিত। আহোমৰ ঐতিহ্য ঐতিহাসিক ঘূগুহা দৌলত দুদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে ঘূগুহা দ’ল উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ৭৩ সংখ্যক মহা শিৱৰাত্ৰি মহোৎসৱ অনুষ্ঠিত হৈছে ।