5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Shortest Day of the Year: বছৰৰ আটাইতকৈ চুটি দিনটো কি জানেনে? চাওঁ আহক এই দিনটোৰ বাবে জ্যোতিষ শাস্ত্ৰৰ বিধান…

প্ৰাকৃতিক নিয়মানুসাৰেই প্ৰতিটো বছৰত থাকে এটা আটাইতকৈ চুটি দিন। ইংৰাজীত এই দিনটোক ‘Winter Solstice’ বুলি কোৱা হয়। বছৰৰ আটাইতকৈ চুটি এই দিনটো ডিচেম্বৰ মাহত। আৰু কিছুদিন পিছতেই আহিব বছৰৰ আটাইতকৈ চুটি দিনটো। জ্যোতিষ শাস্ত্ৰত এই দিনটোৰ সন্দৰ্ভত কি কোৱা হৈছে চাওঁ আহক।

Shortest Day of the Year: বছৰৰ আটাইতকৈ চুটি দিনটো কি জানেনে? চাওঁ আহক এই দিনটোৰ বাবে জ্যোতিষ শাস্ত্ৰৰ বিধান…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 12 Dec 2024 20:53 PM

চলিত ২০২৪ বৰ্ষটি বিদায় ল’বলৈ মাজত আৰু মাত্ৰ কেইতিমান দিন। এই বৰ্ষটিত সমগ্ৰ বিশ্ব সাক্ষী হ’ল বহু ঘটনাৰাজিৰ। সাক্ষী হ’ল বহু প্ৰাকৃতিক ঘটনা-মুহূৰ্তৰ। প্ৰাকৃতিক নিয়মানুসাৰেই প্ৰতিটো বছৰত থাকে এটা আটাইতকৈ চুটি দিন। ইংৰাজীত এই দিনটোক ‘Winter Solstice’ বুলি কোৱা হয়। বছৰৰ আটাইতকৈ চুটি এই দিনটো ডিচেম্বৰ মাহত। আৰু কিছুদিন পিছতেই আহিব বছৰৰ আটাইতকৈ চুটি দিনটো। ২১ ডিচেম্বৰত এই বিশেষ দিনটোৰ সাক্ষী হয় সমগ্ৰ বিশ্ব।

এই দিনটোত সূৰ্য পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত শিখৰত উপনীত হয়। জ্যোতিষ মতে বছৰৰ আটাইতকৈ চুটি দিনটোলৈকে ভগৱান সূৰ্য ধনু ৰাশিত প্ৰৱেশ কৰে। এই সময়ত ভগৱান সূৰ্যই দক্ষিণায়নৰ পৰা উত্তৰায়ণলৈ যাবলৈ সাজু হয়। জ্যোতিষ শাস্ত্ৰ মতে মকৰ সংক্ৰান্তিক ভগৱান সূৰ্য্যৰ উত্তৰায়ণৰ আৰম্ভণি বুলি গণ্য কৰা হয়। উত্তৰায়ণ হৈছে ধনাত্মক শক্তিৰ সময়। সূৰ্যক জীৱনৰ কাৰক বুলি গণ্য কৰা হয়।

ইফালে বছৰৰ আটাইতকৈ চুটি দিনটোত সূৰ্যৰ শক্তি অতি কম হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষ শাস্ত্ৰ মতে দুৰ্বল সূৰ্যই আত্মবিশ্বাস আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। অৱশ্যে এই সময় আধ্যাত্মিকতা আৰু জ্ঞান দুয়োটা দিশতে ভাল বুলিও কোৱা হয়। কাৰণ এই সময়লৈকে সূৰ্য ধনু ৰাশিলৈ পৰিৱৰ্তিত হয় আৰু এই ৰাশি বৃহস্পতিৰ প্ৰভাৱত আছে।

বছৰৰ আটাইতকৈ চুটি দিনটোক আন্ধাৰৰ পৰা পোহৰলৈ যোৱাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই সময়ত নেতিবাচক শক্তি আৰু অভ্যাস ত্যাগ কৰি জীৱনত নতুন সংকল্প লোৱা উচিত। বছৰৰ আটাইতকৈ চুটি দিনটোত ধৰ্মীয় বিশ্বাস অনুসৰি দান দিয়া হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত খাদ্য, কাপোৰ-কানি, ধন দান কৰাটো শুভ। দুৰ্বল সূৰ্যক শক্তিশালী কৰিবলৈ ‘অম সূৰ্যয় নমঃ’ মন্ত্ৰ জপ কৰিব লাগে বুলি কোৱা হৈছে।

সমান্তৰালকৈ এই দিনটোত গায়ত্ৰী মন্ত্ৰ জপ কৰাটোও উপকাৰী বুলি কোৱা হৈছে। আয়ুৰ্বেদৰ মতে বছৰৰ আটাইতকৈ চুটি দিনটোৱে শাৰীৰিক বিশুদ্ধতা আৰু আগন্তুক ঠাণ্ডাৰ পৰা ৰক্ষা পোৱাৰ ইংগিত দিয়ে। সূৰ্যৰ দুৰ্বলতাৰ বাবে শৰীৰত শক্তি কমি যাব পাৰে। গতিকে এই দিনটোত কেৱল সাত্বিক খাদ্যহে খাব লাগে।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাটোত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উল্লেখ কৰা হৈছে।

Latest News