Lakshmi puja 2024: লক্ষ্মী পূজাৰ সময়ত ভুলতো নকৰিব এই কাম! জানক পূজাৰ শুভ সময়... | lakshmi puja 2024 know time What not to do during lakshmi puja Assam news - Assam Tv9

Lakshmi puja 2024: লক্ষ্মী পূজাৰ সময়ত ভুলতো নকৰিব এই কাম! জানক পূজাৰ শুভ সময়…

Lakshmi puja 2024: দুৰ্গা পূজাৰ পাছতে আহিছে লক্ষ্মী পূজা। বিশ্বাস অনুসৰি লক্ষ্মী পূজাৰ দিনা দেৱীয়ে ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। এই দিনটোত লক্ষ্মী মাৰ পূজা কৰি ভক্তই তেওঁৰ পৰা আশীৰ্বাদ বিচাৰে।

Lakshmi puja 2024: লক্ষ্মী পূজাৰ সময়ত ভুলতো নকৰিব এই কাম! জানক পূজাৰ শুভ সময়...

লক্ষ্মী পূজা

Updated On: 

15 Oct 2024 19:07 PM

দুৰ্গা পূজাৰ পাছতে আহিছে লক্ষ্মী পূজা। ইয়াকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে প্ৰস্তুতি। হিন্দু ধৰ্মত লক্ষ্মী পূজাৰ মহত্ব অধিক। হিন্দুসকলৰ ত্ৰিদেৱীৰসমূহৰ অন্যতম ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী লক্ষ্মী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা। বিশ্বাস অনুসৰি লক্ষ্মী পূজাৰ দিনা দেৱীয়ে ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে।

পূজাৰ সময়

পঞ্জিকা অনুসৰি পূৰ্ণিমা ১৬ অক্টোবৰ বুধবাৰৰ পৰা নিশা ০৮:৪১ বজাৰ পৰা আৰম্ভ হ’ব। পিছদিনা ১৭ অক্টোবৰ বৃহস্পতিবাৰে বিয়লি ০৪:৫৩ বজাত ইয়াৰ অন্ত পৰিব। এনে পৰিস্থিতিত ১৬ অক্টোবৰত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হ’ব। পূৰ্ণিমাৰ চন্দ্ৰ উদয় সন্ধিয়া ৫.০৫ বজাত হ’ব। পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱী পূজাৰ শুভ সময় দিনৰ ১১:৪২ বজাৰ পৰা ১২:৩২ বজালৈ হ’ব। এই সময়ত পূজা কৰিলে শুভ ফল পোৱা যাব।

গুপ্তপ্ৰেছ কেলেণ্ডাৰ অনুসৰি ১৬ অক্টোবৰ সন্ধিয়া ৭:৪২:৩৭ বজাৰ পৰা আৰম্ভ হ’ব পূৰ্ণিমা তিথি আৰু ১৭ অক্টোবৰ সন্ধিয়া ৫:১৭:৩৬ বজাত পূৰ্ণিমা তিথি শেষ হ’ব। গুপ্তপ্ৰেছ পাঞ্জিকা অনুসৰি লক্ষ্মী দেৱীক পূজা কৰাসকলে, এই সময়ত পূজা কৰিব পাৰিব।

সিদ্ধান্ত পাঞ্জিকাৰ মতে ১৬ অক্টোবৰৰ নিশা ৮:৪১ বজাৰ পৰা কোজাগৰী পূৰ্ণিমা তিথি আৰম্ভ হ’ব আৰু ১৭ অক্টোবৰৰ সন্ধিয়া ৪:৫৬ বজাত অন্ত পৰিব।  আনহাতে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা অনুসৰি ১৬ অক্টোবৰ সন্ধিয়া ৭:৪১:১৫ বজাৰ পৰা পূৰ্ণিমা আৰম্ভ হৈ ১৭ অক্টোবৰ সন্ধিয়া ৫:১৬:১৫ বজাত অন্ত পৰিব। গতিকে এই সময়চোৱাত পূজা কৰিব পাৰিব।

 

এনে ঘৰত লক্ষ্মীয়ে বাস নকৰে

বিশ্বাস অনুসৰি য’ত চাফ- চিকুন থাকে তাতেই মা লক্ষ্মীয়ে বাস কৰে। গতিকে ঘৰ এখন সদায় চাফ- চিকুন কৰি ৰখাত গুৰুত্ব দিব লাগে। ইয়াৰোপৰি যিসকলো নিশা পাকঘৰত খোৱা বাচন- বৰ্তন আদি থৈ দিয়ে তেনে ঘৰতো লক্ষ্মীয়ে বাস নকৰে।

ঝাড়ু

হিন্দু ধৰ্মত সূৰ্য অস্তৰ পাছত ঝাড়ু দিয়া শুভ নহয়, কিয়নো এই সময়চোৱাত মা লক্ষ্মীৰ আগমন বুলি ধৰা হয়। যদি সন্ধিয়া ঝাড়ু লগাই তেতিয়া লক্ষ্মী মা অসন্তুষ্ট হয়।

দেৰিলৈকে শুৱা

কিছুমান মানুহৰ পুৱা দেৰিলৈকে শুৱাৰ অভ্যাস আছে। যিসকল লোকে দেৰিলৈকে শুই থাকে তেনে ঘৰত লক্ষ্মী মাই থাকিব নিবিচাৰে। যাৰ বাবে পুৱা সোনকালে উঠাৰ অভ্যাস গঢ়ি তুলিব লাগে।

কাজিয়া

যি ঘৰত সকলো সময়তে কাজিয়া হৈ থাকে তেনে ঘৰত লক্ষ্মীয়ে বাস নকৰে। যি ঘৰত বৃদ্ধ আৰু মহিলাক সন্মান কৰা নহয় সেই ঘৰতো লক্ষ্মী নাথাকে। যাৰ বাবে ধনৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে।

 

(স্পষ্টীকৰণঃ ওপৰোক্ত লিখনিটো ধৰ্মীয় মান্যতা আৰু জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ লগত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই বা ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।)

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?