শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Mahashivratri 2025: নামনি অসমৰ ঐতিহ্যমণ্ডিত শৈৱপীঠ পৰিহৰেশ্বৰ দেৱালয়, এই দেৱালয়ৰ ইতিবৃত্ত জানো আহক

শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় হৈছে অসমৰ বৰপেটা জিলাৰ পাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁৱত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাৰ ডুবিৰ তাম্ৰলিপিয়ে এইখন পীঠস্থানৰ মহত্ত্ব আৰু গৰিমা বহন কৰি আহিছে।

Mahashivratri 2025: নামনি অসমৰ ঐতিহ্যমণ্ডিত শৈৱপীঠ পৰিহৰেশ্বৰ দেৱালয়, এই দেৱালয়ৰ ইতিবৃত্ত জানো আহক
নামনি অসমৰ ঐতিহ্যমণ্ডিত শৈৱপীঠ পৰিহৰেশ্বৰ দেৱালয়
barasha-misra
Barasha Misra | Published: 26 Feb 2025 19:59 PM

আজি মহাশিৱৰাত্ৰি উপলক্ষে মহাদেৱৰ শ্ৰীচৰণত আশিষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ ভিৰ । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হৈছে পূজা । বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে চলিছে মহাশিৱৰাত্ৰিৰ মহা আয়োজন । নামনি অসমৰ ঐতিহ্যমণ্ডিত শৈৱপীঠ পৰিহৰেশ্বৰ দেৱালয়, এই দেৱালয়ৰ সৈতে জড়িত হৈ আছে বহু কাহিনী আৰু প্ৰবাদ।

শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় হৈছে অসমৰ বৰপেটা জিলাৰ পাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁৱত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাৰ ডুবিৰ তাম্ৰলিপিয়ে এইখন পীঠস্থানৰ মহত্ত্ব আৰু গৰিমা বহন কৰি আহিছে। অসমৰ পুৰাতত্ত্ব আৰু ইতিহাস, এই দেৱালয়খনৰ সৈতে গভীৰভাৱে প্ৰযুক্ত আৰু ই অসমৰ এক গৌৰৱময় কীৰ্তিস্তম্ভ।

পাঠশালা নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দক্ষিণে ডুবি গাঁৱত ২৬ ডিগ্ৰী ২৯ মিনিট (২৬°২৯’) উত্তৰ অক্ষাংশ আৰু ৯১ ডিগ্ৰী ৯ মিনিট ৪৫ চেকেণ্ড (৯১°৯’৪৫’) পূৱ দ্ৰাঘিমাংশ সংযোগস্থলত এই দেৱালয় অৱস্থিত। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইয়াৰ দূৰত্ব ৪ কিলোমিটাৰ আৰু উত্তৰ পূৱ সীমান্ত ৰেলপথৰ পৰা ইয়াৰ দূৰত্ব ৩ কিলোমিটাৰ। গুৱাহাটীৰ পৰা ইয়াৰ দূৰত্ব ১০৩ কিলোমিটাৰ পশ্চিমে আৰু বৰপেটা নগৰৰ পৰা ৩৭ কিলোমিটাৰ পূৱত। নিকটৱৰ্তী ৰাষ্ট্ৰ ভূটানৰ নাংলমৰ পৰা ইয়াৰ দূৰত্ব ৫৩ কিলোমিটাৰ দক্ষিণে।

এই মন্দিৰৰ পৌৰাণিক কাহিনী

ভাৰতবৰ্ষৰ সকলো ঠাইতে থকা শক্তিপীঠ আৰু শিৱধাম সমূহৰ প্ৰতিষ্ঠাৰ একো-একোটা পৌৰাণিক কাহিনী বা জনশ্ৰুতি আছে। সতীৰ দেহত্যাগৰ পিছত শিৱই সতীৰ শৰীৰ কান্ধত তুলি যেতিয়া ঘূৰি ফুৰিছিল, তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহটো কাটি কাটি মাটিত পেলাইছিল। সতীৰ দেহৰ অংগ পৰা সেই ঠাইসমূহত শক্তিপীঠ আৰু শিৱই জিৰোৱা ঠাইসমূহত শিৱধাম গঢ়ি উঠিছিল। ডুবিৰ দুৰ্বলা গিৰিত শিৱই জিৰাইছিল বাবে পৰিহৰেশ্বৰ দেৱালয় গঢ়ি উঠিছিল বুলি জনশ্ৰুতি আছে।

ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠ সমূহৰ ভিতৰত প্ৰাচীন, ঐতিহ্যপূৰ্ণ আৰু জাগ্ৰতৰূপে খ্যাত অন্যতম দেৱালয়। ইয়াৰ ঐতিহাসিক পটভূমি অনেক পুৰণি। ইয়াত থকা ভাস্কৰ বৰ্মাৰ তাম্ৰলিপিৰ পৰা এই দেৱালয়ৰ বৈশিষ্ট্য আৰু প্ৰাচীনতাৰ উমান পোৱা যায়। দেৱালয়ৰ মূল মন্দিৰৰ নিৰ্মাণ সামগ্ৰী আৰু আন্তঃগাঁথনিলৈ চাই ইয়াৰ নিৰ্মাণকাল ষষ্ঠ-সপ্তম শতিকাতে নিৰ্মাণ হোৱা বুলি ধাৰণা কৰিব পাৰি। এই মন্দিৰত পূজা-অৰ্চনা কৰা পুৰোহিত সকললৈ কুমাৰ ভাস্কৰ বৰ্মাই ভূমিদান দিয়াৰ কথা তাম্ৰলিপিত পোৱা যায়। অৱশ্যে কিবা কাৰণত মাজতে এই মন্দিৰৰ অস্তিত্ব বিলুপ্ত হৈছিল আৰু ওঠৰশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে ধৰ্মবৰ নামৰ ব্ৰাহ্মণ এজনে কপিলী গাই এজনীয়ে বিৰিণা এজোপাৰ ওপৰত গাখীৰ দান কৰাৰ পম খেদি দেৱালয়ৰ বিগ্ৰহটো আৱিষকাৰ কৰে। আহোম ৰজা শিৱসিংহৰ ৰাজত্ব কালত ১৭৩০ খ্ৰীষ্টাব্দত মন্দিৰৰ বিগ্ৰহটো পুনৰুদ্ধাৰ হয় আৰু ৰজা লক্ষমী সিংহৰ দিনত ১৭৭০ খ্ৰীষ্টাব্দত মন্দিৰটি নতুনকৈ সজোৱা হয়।

ডুবি নামৰ উৎপত্তি সম্পৰ্কে দুটা জনশ্ৰুতি আছে। পৰিহৰেশ্বৰ দেৱালয়ৰ বিগ্ৰহ খোদিত অঞ্চল দুৰ্বলা নামৰ এখন সৰু পাহাৰেৰে আবৃত আছিল। কালক্ৰমত সেই পাহাৰ কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহি যায়। গোটেই অঞ্চলটো ডুবি যোৱা বাবে এই অঞ্চলৰ নাম ডুবি নামেৰে জনাজাত হয়। আনহাতে ডুবি শব্দৰ আভিধানিক অৰ্থ হ’ল নৈ বা বিলৰ মাজৰ দ-ঠাই। ডুবি গাঁৱৰ ওচৰেদি পুষ্পভদ্ৰা নামেৰে এখন নদী বৈ যোৱাৰ চিন পোৱা যায়। জনশ্ৰুতিমতে, ডুবি অঞ্চলটো সেই পুষ্পভদ্ৰা নদীৰে কোনোবা এটুকুৰা দ-ঠাই।

দেৱদাসী নৃত্য

শ্ৰীশ্ৰী পৰিহৰেশ্বৰ দেৱালয়ৰ পাইক প্ৰথা অনুসৰি স্বৰ্গদেউ শিৱসিংহৰ দিনৰে পৰা এই দেৱালয়ত তিনি প্ৰহৰে দেৱদাসী নৃত্য প্ৰদৰ্শন কৰা হৈছিল। অৱশ্যে এই পূৰ্বৰে পৰা চলি অহা জনপ্ৰবাদ মতে, ডুবি দেৱালয়ত দেৱদাসী নৃত্য এই সময়ছোৱাৰ বহু আগৰেপৰা প্ৰচলিত হৈ আছিল। ডুবিত দেৱদাসী নৃত্যৰ প্ৰচলন কৰাবলৈ কনৌজৰ পৰা ব্ৰাহ্মণ বা পূজাৰী, হাজোৰ পৰা মালাকৰ আৰু দেৰগাঁও নেঘেৰিটিঙৰ পৰা গায়ন-বায়ন আৰু দেৱদাসী অনা হৈছিল। প্ৰতিদিনে মন্দিৰত নৃত্য আৰম্ভ হোৱাৰ আগতে দবাত কোব দিয়া হৈছিল। ৰাতিপুৱা বজোৱা দবাৰ শব্দক বাহিদবা, মধ্যাহ্ণ পৰত বজোৱা দবাক হাউ দবা আৰু সন্ধিয়া আৰতিৰ পৰত বজোৱা দবাক আৰতি দবা বুলি কোৱা হৈছিল। বাহিদবাৰ কোব শুনিলেই দেৱদাসীসকল পুখুৰীত গা-ধুবলৈ নামিছিল। গা-ধুই আহি সাজ-পোছাক, আ-অলংকাৰ পিন্ধি আহি মন্দিৰৰ সন্মুখত উপস্থিত হৈছিলহি। পূজাৰীয়ে মন্দিৰত পূজা আৰম্ভ কৰাৰ লগে লগে দেৱদাসীসকলে উপাস্য দেৱতাক স্তুতি কৰিছিল আৰু পূজা শেষ হোৱাৰ লগে লগে গায়ন-বায়নৰ বাজনাত দেৱদাসীসকলে নৃত্য আৰম্ভ কৰিছিল। খোলৰ বাজনা অনুসাৰে নাচৰ মুদ্ৰা প্ৰয়োগ কৰি নাচনীসকলে নাচিছিল। দুলিয়ান দিয়া, ওলোটাখৰ দিয়া আদি ভিন্ন ভংগীৰে শিৱৰ সন্তুষ্টিৰ বাবে অংগৰে পূজা কৰি নৰ্তকীসকল ভাগৰি পৰে আৰু প্ৰভুৰ চৰণত পৰি বন্দনা কৰে। এইদৰে তিনিও ক্ষণতে দেৱদাসীসকলে নৃত্য কৰিছিল। অৱশ্যে কোনো অজ্ঞাত কাৰণত পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্য বন্ধ হৈ যায়।

বৰ্তমান সময়ত পৰিহৰেশ্বৰ দেৱালয়ত প্ৰচলিত দেৱদাসী নৃত্যৰ ২২টা নৃত্যৰ ভংগীমা আৰু ১২টা তালৰ বোল পুনৰুদ্ধাৰ কৰিব পৰা গৈছে।

দেৱদাসী নৃত্য পৰিৱেশিত কলাৰ ভিতৰত অন্যতম। এই কলা শিৱসাধনাৰ বাবে পৰিৱেশন কৰা হৈছিল। প্ৰাচীন কালত এই নৃত্য মন্দিৰ নৃত্য ৰূপেহে খ্যাত আছিল। বৰ্তমান অসমত পৰিৱেশিত দেৱদাসী নৃত্যৰ আৰ্হি পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্যৰ আলমতেই প্ৰাণ পাই উঠা।