5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Chandra Grahan: আজি বছৰৰ শেষৰটো চন্দ্ৰ গ্ৰহণ, জানক সময় আৰু কি ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব

Chandra grahan: আজি বছৰৰ শেষৰটো তথা দ্বিতীয় চন্দ্ৰ গ্ৰহণ। এই চন্দ্ৰ গ্ৰহণৰ প্ৰভাৱ কেইবাটা ৰাশিৰ ওপৰত পৰিব। জ্যোতিষ শাস্ত্ৰত ইয়াৰ বিশেষ মান্যতা আছে। প্ৰায় ৫ ঘন্টা সময় থাকিব এই চন্দ্ৰ গ্ৰহণ।

Chandra Grahan: আজি বছৰৰ শেষৰটো চন্দ্ৰ গ্ৰহণ, জানক সময় আৰু কি ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব
চন্দ্ৰ গ্ৰহণ (chandra grahan (Image Credit source: Getty Images)
Follow Us
barasha-sarma
Barasha Sarma | Published: 18 Sep 2024 11:18 AM

আজি বছৰৰ দ্বিতীয় তথা শেষৰটো চন্দ্ৰগ্ৰহণ। জ্যোতিষ শাস্ত্ৰত চন্দ্ৰগ্ৰহণৰ বিশেষ মান্যতা আছে। ইয়াৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ লোকৰ ওপৰত পৰে বুলি কোৱা হয়। ইয়াৰোপৰি চন্দ্ৰ গ্ৰহণৰ সময়ত বহুলোকে বহু নিয়ম মানি চলে। একাংশই চন্দ্ৰ গ্ৰহণৰ সময়ত খাদ্য গ্ৰহণ নকৰে আৰু চন্দ্ৰ গ্ৰহণ হোৱাৰ পাছতে গা ধুই চাফ চিকুন হয়। আজিৰ পৰা পিত্ৰপক্ষৰ আৰম্ভ হৈছে। জ্যেতিশ শাস্ত্ৰ অনুসৰি এনে সময়ত পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব নালাগে।

ভাৰতীয় সময় অনুসৰি ১৮ ছেপ্টেম্বৰৰ পুৱা ৬ বাজি ১১ মিনিটৰ পৰা এই চন্দ্ৰ গ্ৰহণ আৰম্ভ হয় আৰু ১০ বাজি ১৭ মিনিটত ই শেষ হয়। পুৱা ০৭:৪২ বজাত হয় আংশিক চন্দ্ৰগ্ৰহণ ,  পুৱা ০৮:১৪ বজাত চন্দ্ৰগ্ৰহণৰ শিখৰত উপনীত হয় আৰু পুৱা ১০:১৭ বজাত ই  সমাপ্ত হয়। এইবাৰ ভাৰতত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হোৱা নাই। কিয়নো এই সময়ত ভাৰতত পুৱাৰ সময় আছিল। যাৰ বাবে এই চন্দ্ৰ গ্ৰহণৰ প্ৰভাৱ ভাৰতত বেছি নপৰে। এইবাৰ ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে পিত্ৰ পক্ষ। চন্দ্ৰগ্ৰহণো এই দিনটোতে সংঘটিত হৈ আছে। হিন্দু ধৰ্মত চন্দ্ৰ গ্ৰহণক নেতিবাচক বুলি গণ্য কৰা হয়। যিহেতু ভাৰতত চন্দ্ৰ গ্ৰহণ দৃশ্যমান নহয়, গতিকে ইয়াৰ কোনো প্ৰত্যক্ষ প্ৰভাৱ নপৰে।

কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

জ্যোতিষ শাস্ত্ৰৰ মতে চন্দ্ৰগ্ৰহণৰ দিনটোত বৃহস্পতি বৃষ ৰাশিত, মংগল গ্ৰহ মিথুন ৰাশিত, বুধ সিংহ ৰাশিত, সূৰ্য্য, শুক্ৰ আৰু কেতু কন্যা ৰাশিত,  শনি কুম্ভ ৰাশিত আৰু গ্ৰহণৰ চন্দ্ৰ আৰু ৰাহু মীন ৰাশিত আছে। জ্যোতিষৰ মতে এই চন্দ্ৰ গ্ৰহণে মেষ, সিংহ, মকৰ আৰু মীন ৰাশিৰ বাবে ক্ষতিকাৰক হ’ব। আৰ্থিক লোকচানৰ উপৰিও চাকৰি আদিৰ ক্ষেত্ৰতো লোকচানৰ সন্মুখীন হ’ব লাগিব। একে সময়তে শুক্ৰ, তুলা ৰাশি আদি ৰাশিৰ উপকাৰ হ’ব। তেওঁলোকৰ আৰ্থিক অৱস্থাতো উন্নতি হ’ব।

কি কি কৰিব নালাগে

বিশ্বাস অনুসৰি চন্দ্ৰ গ্ৰহণৰ সময়ত তলত দিয়া কামসমূহ কৰিব নালাগে

  • খাব নালাগে
  • শুৱ নালাগে
  • পূজা কৰিব নালাগে
  • যাত্ৰা কৰিব নালাগে
  • গৰ্ভৱতী মহিলা বিশেষ সাৱধান হব লাগে

বিজ্ঞানৰ মতে চন্দ্ৰগ্ৰহণ হ’ল এনে এক পৰিঘটনা য’ত পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি চন্দ্ৰৰ পৃষ্ঠত ছাঁ পৰে। যাৰ ফলত সম্পূৰ্ণ, আংশিক বা পেনুম্ব্ৰেল সূৰ্যগ্ৰহণ হ’ব পাৰে। আংশিক সূৰ্যগ্ৰহণৰ ক্ষেত্ৰত চন্দ্ৰৰ এটা অংশহে পৃথিৱীৰ ছাঁত আৱৰি থাকে। এই সময়ছোৱাত চন্দ্ৰত এটা সুন্দৰ ৰঙা ছাঁৰ সৃষ্টি হয়।

(ওপৰত উল্লেখিক কথাখিনি ধৰ্মীয় মান্যতাৰ ওপৰত আধাৰিত। ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই)

 

Latest News