Magh Month 2025: মাঘ মাহত কি কৰা উচিত আৰু কি কৰা অনুচিত? সবিশেষ জানক…
Magh Month 2025: সনাতন ধৰ্মত মাঘ মাহক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। এই নিৰ্দিষ্ট মাহত স্নান, দান, উপবাস আৰু তপস্যাৰ বিশেষ মহত্ব আছে। ধৰ্মীয় পৰম্পৰা অনুসৰি, মাঘ মাহত শ্ৰীহৰি, দেৱী লক্ষ্মী আৰু তুলসী মাতাৰ পূজা কৰিলে জীৱনলৈ সুখ-সমৃদ্ধি আহে। জানুৱাৰীত মাঘ মাহ কেতিয়া আৰম্ভ হ'ব আৰু কিমান দিন চলিব জানো আহক..
হিন্দু ধৰ্মত মাঘ মাহক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। স্নান, দান, উপবাস আৰু তপস্যাৰ বিশেষ মহত্ব আছে। মাঘ মাহত বহু লোকে মন্দিৰলৈ গৈ ভগৱানৰ আশীষ লয়। ধৰ্মীয় পৰম্পৰা অনুসৰি, মাঘ মাহত শ্ৰীহৰি, দেৱী লক্ষ্মীৰ পূজা কৰিলে জীৱনলৈ সুখ আহে। লগতে মাঘ মাহত তুলসীৰ পূজা কৰিলে ধনৰ অভাৱ দূৰ হয়।
ধৰ্মীয় বিশ্বাস অনুসৰি, মাঘ মাহৰ নিয়সমূহ পালন নকৰিলে জীৱনত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত, মাঘ মাহ সম্পৰ্কীয় নিয়মবোৰ অনুসৰণ কৰাটো অধিক গুৰুত্বপূৰ্ণ। মাঘ মাহ কেতিয়া আৰম্ভ হ’ব? এই মাহটোত কি কৰিব লাগে আৰু কি কৰিব নালাগে সবিশেষ জানো আহক
হিন্দু বৰ্ষপঞ্জীত মাঘ মাহ কেতিয়া?
হিন্দু বৰ্ষপঞ্জি মতে মাঘ বছৰৰ ১১তম মাহ। আৰু অসমীয়া বৰ্ষপঞ্জি মতে মাঘ ১০তম মাহ।মাঘ মাহত ভগৱান বিষ্ণু আৰু ভগৱান কৃষ্ণক পূজা কৰা হয়। দান কৰাৰ ক্ষেত্ৰত মাঘ মাহটো অতি শুভ আৰু ফলপ্ৰসূ বুলি গণ্য কৰা হয়। মাঘ মাহৰ পিছত ফাগুন মাহ আৰম্ভ হয়।
মাঘ মাহত কাক পূজা কৰা উচিত?
মাঘা মাহত সূৰ্য দেৱতাৰ লগতে ভগৱান বিষ্ণুক পূজা কৰা উচিত। এই মাহটোত কৰা কামবোৰৰ পৰা শুভ ফল লাভ হয়। মাঘ মাহত দৈনিক গীতা পাঠ কৰাটো ফলপ্ৰসূ বুলি গণ্য কৰা হয়। মাঘ মাহত পবিত্ৰ নদীত গা ধুব লাগে।
২০২৫ চনত মাঘ মাহ কেতিয়া? (Magh Month 2025 Start Date and end Date)
হিন্দু বৰ্ষপঞ্জী অনুসৰি, মাঘ মাহ প্ৰতি বছৰে মকৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হয়। এই বছৰ মাঘ মাহ ১৪ জানুৱাৰী ২০২৫ তাৰিখে আৰম্ভ হ’ব। একে সময়তে, মাঘ মাহ ১২ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে সমাপ্ত হ’ব। অসমীয়া কেলেণ্ডাৰ অনুসৰি এই বছৰ ১৫ জানুৱাৰী ২০২৫ৰ পৰা মাঘ মাহ আৰম্ভ হ’ব আৰু ১৩ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব।
মাঘ মাহত কি কৰা উচিত? (What to do in Magh month)
- মাঘ মাহত সদায় ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীক পূজা কৰা উচিত।
- মাঘ মাহত বিশেষ বস্তু দান কৰিব লাগে।
- মাঘ মাহত পূজাৰ সময়ত গীতা পাঠ কৰা উচিত।
- মাঘ মাহৰ পৱিত্ৰ তিথিত পবিত্ৰ নদীত গা ধুব লাগে।
- মাঘ মাহত সদায় তুলসী মাতাক পূজা কৰিব লাগে।
মাঘা মাহত কি কৰিব নালাগে? (What not to do in Magh month)
- মাঘ মাহত তামসিক বস্তু খাব নালাগে।
- মাঘ মাহত কাৰো সৈতে বেয়া শব্দৰ ব্যৱহাৰ নকৰিব।
- মাঘ মাহত জ্যেষ্ঠ আৰু মহিলাসকলক অপমান কৰা উচিত নহয়।
- মাঘ মাহত ঘৰ আৰু মন্দিৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে।
- মাঘ মাহত ঘৰত আৰু পৰিয়ালত কোনো বাদ-বিবাদ হোৱাটো উচিত নহয়।
স্পষ্টীকৰণ: ইয়াত দিয়া তথ্যসমূহ জ্যোতিষশাস্ত্ৰ, ধৰ্মীয় বিশ্বাস আৰু লোকবিশ্বাসৰ ওপৰত আধাৰিত, ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই।