Magh Purnima Snan 2025: মাঘী পূৰ্ণিমাত ঘৰতে এইদৰে কৰক স্নান আৰু পূজা, পাব পূণ্যফল!

Magh Purnima Snan 2025 : মাঘী পূৰ্ণিমাক দেৱ পূৰ্ণিমা বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে আজিৰ দিনটোত সকলো দেৱতাই গংগা নদীত স্নান কৰিবলৈ মৰ্ত্যলৈ নামি আহে। এই দিনটোত পবিত্ৰ নদীত স্নান কৰিলে পূণ্যফল লাভ কৰে বুলি কোৱা হয়। মাঘী পূৰ্ণিমাৰ দিনা মহাকুম্ভৰ পঞ্চম স্নান কৰা হ’ব।

Magh Purnima Snan 2025: মাঘী পূৰ্ণিমাত ঘৰতে এইদৰে কৰক স্নান আৰু পূজা, পাব পূণ্যফল!

মাঘী পূৰ্ণিমা

Updated On: 

12 Feb 2025 07:32 AM

হিন্দু ধৰ্মত মাঘী পূৰ্ণিমাৰ বিশেষ গুৰুত্ব আছে। মাঘ মাহৰ শুক্ল পক্ষৰ অন্তিমটো তিথিক মাঘী পূৰ্ণিমা হিচাপে পালন কৰা হয়। মাঘ মাহত হোৱা বাবে এই পূৰ্ণিমাক মাঘী পূৰ্ণিমা বুলি কোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি মাঘী পূৰ্ণিমাৰ দিনা গংগা, যমুনা আৰু সৰস্বতী বা যিকোনো পবিত্ৰ নদীৰ সংগম স্থানত স্নান কৰিলে পাপ নাশ হয় আৰু মোক্ষ লাভ হয়। আজিৰ দিনটোত দান-বৰঙণি আৰু ধৰ্মীয় কাম-কাজৰো বিশেষ গুৰুত্ব আছে। মাঘী পূৰ্ণিমাত বিভিন্ন ঠাইত হোম-যজ্ঞ অনুষ্ঠিত কৰা হয।

এই দিনটোত স্নান কৰি দান-বৰঙণিৰ পূণ্যফল বহুগুণে বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। চলি থকা মহাকুম্ভৰ পঞ্চম স্নান মাঘী পূৰ্ণিমাৰ দিনা অনুষ্ঠিত হ’ব। এই স্নানৰ বাবে প্ৰয়াগৰাজত আজি বিশাল জনসমাগম দেখা গৈছে। যদি আপুনি মহাকুম্ভত স্নান কৰাৰ পূণ্যফল লাভ কৰিব বিচাৰে, কিন্তু বিপুল জনসমাগমৰ বাবে বা আন কোনো কাৰণত প্ৰয়াগৰাজলৈ যাব পৰা নাই, তেন্তে ঘৰতে স্নান আৰু পূজা কৰি মহাকুম্ভত স্নান কৰাৰ সমান পূণ্য অৰ্জন কৰিব পাৰিব।

মাঘী পূৰ্ণিমাৰ তিথি ২০২৫ (Magh Purnima Date 2025)

এইবাৰ মাঘ মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথি ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰী, বুধবাৰ অৰ্থাৎ আজিৰ দিনটোত পৰিছে। এই দিনটোতে মাঘী পূৰ্ণিমাৰ পবিত্ৰ উৎসৱ পালন কৰা হ’ব আৰু আজিৰ দিনটোতে মাঘী পূৰ্ণিমাৰ স্নান কৰা হ’ব।

মাঘী পূৰ্ণিমাত এনেদৰে ঘৰতে স্নান আৰু পূজা কৰক (Magh Purnima Snan 2025)

মাঘী পূৰ্ণিমাৰ দিনা পৱিত্ৰ নদীত স্নান কৰাৰ পৰম্পৰা আছে। কিন্তু স্নান কৰিব বাবে মহাকুম্ভলৈ নগ’লেও ঘৰতে স্নান কৰি মহাকুম্ভৰ দৰে পূণ্যফল লাভ কৰিব পাৰি। ইয়াৰ বাবে ৰাতিপুৱা সোনকালে উঠি ঘৰখন ভালদৰে পৰিষ্কাৰ কৰি ল’ব। ইয়াৰ পিছত অকণমান গংগাজল মিহলাই এই পানীৰে স্নান কৰিব। স্নান কৰাৰ সময়ত মা গংগাৰ ধ্যান কৰি তলত দিয়া মন্ত্ৰ জপ কৰক।

মন্ত্ৰ : ১
গংগা, যমুনে, চৈৱ, গোদাবৰী, সৰস্বতী। নৰ্মদা সিন্ধু কাবেৰী জলেস্মিন সন্নিধি কুৰু।

যদি আপুনি এই মন্ত্ৰ জপ কৰিব নোৱাৰে তেন্তে মা গংগাৰ আন আন মন্ত্ৰ জপ কৰিব পাৰে। যেনে: নমামী গংগে! বা ওম নমো গংগাই বিশ্বৰূপী নাৰায়ণী নমো নম:

বিশ্বাস অনুসৰি এই উপায়েৰে কৰি ঘৰতে স্নান কৰিলে মহাকুম্ভ বা পবিত্ৰ নদীত স্নান কৰি কৰাৰ দৰেই ফলাফল পোৱা যায়। স্নান কৰাৰ পিছত পূজা আৰু দান-বৰঙণিও অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াৰ বাবে স্নান কৰাৰ পিছত প্ৰথমে সূৰ্য্য দেৱতাক পূজা কৰি অৰ্ঘ্য অৰ্পণ কৰক। এতিয়া তুলসীক পানী আগবঢ়াওক। ইয়াৰ পাছতে ঘৰুৱা মন্দিৰত ধূপকাঠি আৰু চাকি জ্বলাই পূর্ণ ভক্তিৰে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক পূজা কৰি ব্ৰত। ইয়াৰ পিছত আৰ্তজন বা দৰিদ্ৰ লোকক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী দান দিব লাগে। এই দিনটোত অন্ন, তিল, গুড়, গৰম কাপোৰ ইত্যাদি দান কৰিব পাৰে।

(স্পষ্টীকৰণ: এই তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 অসমে এই কথাৰ নিশ্চিতি প্ৰদান কৰা নাই।)

লগতে পঢ়ক: মাঘী পূৰ্ণিমাৰ দিনা কি কৰিব আৰু কি নকৰিব? সঠিক নিয়ম জানক…

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?