শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মাহেকীয়াৰ সময়ত মহিলা নাগা সন্ন্যাসীসকলে কেনেকৈ গংগাত গা ধোৱে? ফটো…

Female Naga Sadhu Mahakumbh: ১৩ জানুৱাৰীৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে মহাকুম্ভ ২০২৫। এই কুম্ভত দেশ বিদেশৰ পৰা কোটি কোটি ভক্ত আহি পবিত্ৰ স্নান কৰিছে। মহাকুম্ভত ভিৰ কৰিছে মহিলা নাগা সাধুসকলেও। কিন্তু প্ৰশ্ন হয়, মাহেকীয়াৰ সময়ত কেনেকৈ স্নান কৰে মহিলা নাগা সাধুসকলে?

মাহেকীয়াৰ সময়ত মহিলা নাগা সন্ন্যাসীসকলে কেনেকৈ গংগাত গা ধোৱে? ফটো…
মহিলা নাগা সাধু Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 15 Jan 2025 11:43 AM

বৰ্তমান সময়ত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ ২০২৫ (Mahakumbh 2025) । ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভত দেশ- বিদেশৰ লাখ লাখ ভক্তই অংশ গ্ৰহণ কৰি পবিত্ৰ স্নান কৰিছে। মকৰ সংক্ৰান্তিৰ দিনা ৩.৫ কোটি ভক্তই শাহী স্নান কৰে। এই সময়চোৱাত ১৩ খন আখৰাৰ পৰা নাগা সাধু আৰু মহিলা সন্ন্যাসী উপস্থিত হয়। প্ৰথমে নাগা সাধুসকলে স্নান কৰে আৰু পাছত মহিলাসকলে স্নান কৰে। মানুহৰ মনত প্ৰায়েই এই প্ৰশ্ন উত্থাপন হয় যে মহাকুম্ভৰ সময়ত মহিলাসকলৰ ঋতুস্ৰাৱ হ’লে কেনেকৈ স্নান কৰে? ইয়াৰ উত্তৰ এই লেখাটোত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, মহিলা নাগা সাধুসকলে ঋতুস্ৰাৱ নোহোৱা দিনতহে গংগাত স্নান কৰে। কুম্ভৰ সময়ত যদি কোনো মহিলা নাগা সাধুৰ মাহেকীয়া হয় তেতিয়া তেওঁ নিজৰ ওপৰত গংগা পানী ছটিয়াই দিয়ে। এনেদৰে গংগা পানী ছটিয়াই দিয়াটোকে মহিলা সন্ন্যাসীয়ে গংগাত গা ধুৱা বুলি ধৰি লয়।

নাগা সাধুৰ পাছত স্নান

বিশেষ কথা এয়াই যে,নাগা সাধুসকলে স্নান কৰাৰ পাছতহে মহিলা সন্ন্যাসীসকলে স্নান কৰে। আখৰাৰ মহিলা নাগা সন্ন্যাসীসকলক মাই, অভধুতনি বা নাগিন বুলি কোৱা হয়। নাগা সাধু হোৱাৰ আগতে মহিলাসকলে নিজৰ পিণ্ডদান দিব লাগে আৰু মূৰৰ চুলি খুৰাব লাগে। ইয়াৰোপৰি বিবাহ হোৱাৰ পাছতহে মহিলাসকলে নাগা সাধুৰ সন্ন্যাস ল’ব পাৰে। মহিলা নাগা সাধুসকল পুৰুষ নাগা সাধুতকৈ বহুত পৃথক। মহিলা নাগা সাধুসকলে বস্ত্ৰহীনভাৱে নাথাকে। তেওঁলোকে গেৰুৱা ৰঙৰ এটুকুৰা নিচিলোৱা বস্ত্ৰ পৰিধান কৰে। সেয়ে মাহেকীয়াৰ সময়ত তেওঁলোকৰ বিশেষ কোনো অসুবিধা নহয়। ইয়াৰোপৰি মাহেকীয়াৰ সময়ত তেওঁলোকে কেৱল নিজৰ গাত গংগা পানী ছটিয়াই দিয়ে।

Mahila

মহাকুম্ভ

কেনেকৈ মহিলাই হয় নাগা সাধু

নগা সাধু বা সন্ন্যাসী হ’বলৈ হ’লে ১০ৰ পৰা ১৫ বছৰলৈকে কঠোৰ বৈবাহিক জীৱন মানি চলিব লাগে। মহিলাসকলে গুৰুক আশ্বাস দিব লাগিব যে তেওঁলোক নাগা সাধু হোৱাৰ যোগ্য আৰু সংসাৰৰ সকলো মোহ মায়া ত্যাগ কৰিছে। ইয়াৰ পাছত গুৰুৱে তেওঁলোকক নাগা সাধু হোৱাৰ অনুমতি প্ৰদান কৰে। মহিলাসকলে নাগা সাধু হিচাপে সন্ন্যাস গ্ৰহণ কৰাৰ সময়ত এই বিশ্বাস দিব লাগে যে তেওঁলোক অতীতৰ জীৱনৰ পৰা মুক্তি হৈছে আৰু ইশ্বৰৰ নামত জীৱন উছৰ্গা কৰা সিদ্ধান্ত লৈছে। সেয়ে নাগা সাধু হোৱাৰ আগতে মহিলাই জীৱিত অৱস্থাতে নিজৰ পিণ্ডদান দিব লাগে।

Mahila1

মহিলা নাগা সাধু

কি খায়

পিণ্ডদান কৰি মহিলা নাগা সাধুই নিজৰ মূৰৰ চুলি খুৰায়। পাছত ভগৱানৰ নাম জপ কৰিবলৈ আৰম্ভ কৰে। পুৰুষৰ দৰে মহিলা নাগা সাধুইও শিৱক পূজা কৰে। পুৱা ব্ৰহ্ম মুহুৰ্তত সাৰ পাই শিৱৰ নাম জপ কৰে আৰু সন্ধিয়া দত্তত্ৰেয়ক পূজা কৰে। দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ সময়ত পুনৰ শিৱৰ নাম জপ কৰিবলৈ আৰম্ভ কৰে। মহিলা নাগা সাধুসকলে ফল, বনৌষধি, বিভিন্ন ধৰণৰ পাত আদি খায়। মহিলা নাগা সাধুসকলৰ থকাৰ বাবে অন্য আখৰাৰ ব্যৱস্থা কৰা হয়।

Mahila2

মহিলা নাগা সাধু

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত বহু মহিলা নাগা সন্ন্যাসীয়ে অংশ গ্ৰহণ কৰা দেখা গৈছে। বিশেষকৈ নাগা সাধু আৰু অঘোৰী বাবাসকলে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ত্ৰিবেণী সংগমৰ পবিত্ৰ স্থানত স্নান কৰিবলৈ কোটি কোটি লোকে অংশ গ্ৰহণ কৰিছে। কোৱা হয়, মহাকুম্ভত স্নান কৰিলে সকলো পাপ খণ্ডন হয়।

 

 

অন্য খবৰ পঢ়কঃ Aghori baba: কি খাই, কেনেকৈ থাকে! জানক অঘোৰী বাবাৰ বিষয়ে বহু নজনা কথা…

 

Latest News