Mahakumbh last snan: মহাশিৱৰাত্ৰিত মহাকুম্ভৰ শেষৰ পবিত্ৰ স্নান, প্ৰায় ৬০ কোটি ভক্তৰ সমাগম ঘটিত সংগমত…
Mahakumbh last snan: ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভৰ আজি শেষ দিনা। শিৱৰাত্ৰিৰ দিনা ১ কোটিৰো অধিক ভক্তই ত্ৰিবেণী সংগমত কৰিলে পবিত্ৰ স্নান।

এবছৰ দুবছৰ নহয়, পবিত্ৰ স্নানৰ বাবে পুনৰ ভক্তপ্ৰাণ ৰাইজে অপেক্ষা কৰিব লাগিব ১৪৪ বছৰ! উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা পবিত্ৰ মহাকুম্ভৰ আজি শেষ দিন। অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীত মহাকুম্ভৰ ত্ৰিবেণী সংগমত শেষৰ স্নান কৰিব ভক্তপ্ৰাণ ৰাইজে। হিন্দু ধৰ্মত মহাকুম্ভৰ যথেষ্ঠ মহত্ব আছে। এনে পৰিস্থিতিত মহাশিৱৰাত্ৰিৰ দিনাই মহাকুম্ভৰ পবিত্ৰ স্নান সমাপ্ত হ’ব।
১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মহাকুম্ভত ৬৫ কোটিৰো অধিক ভক্তই স্নান কৰাৰ অনুমান কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, যেতিয়ালৈকে সূৰ্য মকৰ ৰাশিত থাকে আৰু সূৰ্য এটা ৰাশিত কমেও এমাহ থাকে তেতিয়া অৰ্থাৎ পুহৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মাঘ পূৰ্ণিমালৈ চলে। যাৰ বাবে মাঘী পূৰ্ণিমাৰ পাছতেই সাধু সন্ত, নগা সাধু আদিয়ে নিজৰ নিজৰ স্থানলৈ উভতি গৈছে।
জানিব পৰা মতে, মাঘী পূৰ্ণিমাত মহাকুম্ভৰ সময় শেষ হ’লেও মহাশিৱৰাত্ৰিলৈকে স্নান কৰিব পাৰি বুলি কোৱা হয়। এই দিনটোত শিৱ আৰু পাৰ্বতীৰ বিয়া হৈছিল। অৱশ্যে কেৱল বিবাহতে এই দিনটো সীমিত নহয়, ধৰ্মীয় মান্যতা অনুসৰি এই দিনটোত শিৱই নিৰাকাৰ ৰূপৰ পৰা বাস্তৱ ৰূপলৈ আহিছিল। যাৰ বাবে এই দিনটোত কুম্ভত স্নান কৰিলে বিশেষ ফল লাভ কৰা হয় বুলি এক বিশ্বাস আছে। ২০২৫ চনৰ মহাকুম্ভৰ আজি অন্তিম স্নান, তথ্য অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা ১ কোটিতকৈ অধিক ভক্তই ত্ৰিবেণী সংগমত স্নান কৰে।
স্নানৰ মহত্ব
ধৰ্মীয় মান্যতা অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা মহাকুম্ভত স্নান কৰিলে সকলো পাপ খণ্ডন হয় আৰু মৃত্যুৰ পাছত শিৱলোক প্ৰাপ্তি হয়। যাৰ বাবে মহাকুম্ভত স্নান কৰিবলৈ দেশ বিদেশৰ বহু ভক্তই প্ৰয়াগৰাজত ভিৰ কৰে।
আগন্তুক মহাকুম্ভ
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি প্ৰয়াগৰাজৰ পাছত আগন্তুক কুম্ভ মেলা ২০২৭ চনত মহাৰাষ্ট্ৰৰ নাছিকত অনুষ্ঠিত হ’ব। এই মেলা নাছিকৰ গোদাবৰীৰ পাৰত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২০১৫ চনত নাছিকত কুম্ভ মেলা অনুষ্ঠিত হৈছিল। প্ৰতি ১২ বছৰৰ মূৰে মূৰে নাছিক আৰু উজ্জৈনক পূৰ্ণ কুম্ভ মেলা আয়োজন কৰা হয়। ইয়াৰ বিপৰীতে হৰিদ্বাৰ প্ৰয়াগৰাজত কুম্ভ মেলা, অৰ্ধ কুম্ভ মেলা, পূৰ্ণ কুম্ভ আৰু মহাকুম্ভ অনুষ্ঠিত হয়। ইয়াৰোপৰি প্ৰয়াগৰাজত ২০৩০ চনক অৰ্ধকুম্ভ মেলা আয়োজন কৰা হ’ব।
তথ্য অনুসৰি ১২ বছৰৰ মূৰে মূৰে প্ৰয়াগৰাজত কুম্ভৰ আয়োজন কৰা হয়। শেষৰ কুম্ভ ২০১৩ চনত হৈছিল। ইয়াৰোপৰি যেতিয়া ১২ টা সম্পূৰ্ণ কুম্ভ অনুষ্ঠিত হয় তাৰ পাছত মহাকুম্ভ অনুষ্ঠিত কৰিব পাৰি। এই মহাকুম্ভ ১৪৪ বছৰ পাছত হয়। প্ৰয়াগৰাজত প্ৰতি ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা কুম্ভক মহাকুম্ভ বুলি কোৱা হয়।
অন্য খবৰ পঢ়কঃ আজিৰ পৰা আৰম্ভ মহাকুম্ভ ২০২৫ঃ ত্ৰিবেণী সংগমত লাখ লাখ ভক্তই কৰিব অমৃত স্নান…