আজিৰ পৰা আৰম্ভ মহাকুম্ভ ২০২৫ঃ ত্ৰিবেণী সংগমত লাখ লাখ ভক্তই কৰিব অমৃত স্নান…

Mahakumbh mela 2025: আজিৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ হৈছে মহাকুম্ভ মেলা। আজি প্ৰথম দিনটোতেই প্ৰায় ১ কোটি ভক্তই ত্ৰিবেণী সংগমত স্নান কৰাৰ সম্ভাৱনা আছে। পুৱা ৯ বজালৈ প্ৰায় ৬০ লাখ ভক্তই স্নান কৰা বুলি

আজিৰ পৰা আৰম্ভ মহাকুম্ভ ২০২৫ঃ ত্ৰিবেণী সংগমত লাখ লাখ ভক্তই কৰিব অমৃত স্নান...

মহাকুম্ভ

Published: 

13 Jan 2025 13:06 PM

আজি অৰ্থাৎ ১৩ জানুৱাৰীৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ হৈছে মহাকুম্ভ মেলা ২০২৫, আৰু এই মহাকুম্ভ ২৬ ফেব্ৰুৱাৰী, ২০২৫ লৈ চলিব। পুহৰ পূৰ্ণিমাত লাখ লাখ ভক্তই আজি প্ৰথম অমৃত স্নান কৰিছে। পুৱা ৯ বজালৈ প্ৰায় ৬০ লাখ ভক্তই স্নান কৰা বুলি জানিব পৰা গৈছে । অনুমান কৰা হৈছে যে আজি কমেও ১ কোটি ভক্তই প্ৰয়াগৰাজৰ মহাকুম্ভত স্নান কৰিব। এই ভক্তসকলৰ ওপৰত ২০ কুইন্টল ফুল অৰ্পন কৰা হ’ব। দাবী অনুসৰি, ১৪৪ বছৰ পাছত মহাকুম্ভ অনুষ্ঠিত হৈছে আৰু এই সময়খিনিত বহু দুৰ্লভ সংযোগৰ সৃষ্টি হৈছে।

জানিব পৰা মতে,ভক্তসকলৰ সুবিধাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে। ৰে’লৱে ষ্টেচনৰ পৰা ভক্তসকলে ১০-১২ কিলোমিটাৰ খোজ কাঢ়ি মহাকুম্ভত উপস্থিত হৈছে। নিৰাপত্তাৰ দিশটো লক্ষ্য ৰাখি প্ৰায় ৬০,০০০ জোৱান নিয়োজিত কৰা হৈছে।  দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ প্ৰায় ৩০  খন দেশৰ ভক্তই এই মহাকুম্ভত অংশ গ্ৰহণ কৰিব। তথ্য অনুসৰি মহাকুম্ভলৈ জাৰ্মানী, ব্ৰাজিল আজিৰ লগতে প্ৰায় ৩০ খন দেশৰ ভক্ত মহাকুম্ভত অংশ গ্ৰহণ কৰিব।

১৪৪ বছৰ পাছত মহাকুম্ভ, প্ৰকৃত সত্য কি?

মান্যতা অনুসৰি প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত স্নান কৰিলে ভক্তই অপৰিসীম আশীৰ্বাদ লাভ কৰে। কুম্ভ সময়ে সময়ে অনুষ্ঠিত হয় যদিও ১৪৪ বছৰ পাছত ইয়াৰ কাকতালীয় সংযোগ ঘটে। বিশ্বাস অনুসৰি, এই দুৰ্লভ সংযোগ ২০২৫ চনত পৰিছে। কিন্তু একাংশই কৈছে যে, ২০১৩ চনত প্ৰয়াগৰাজত মহাকুম্ভ হৈছিল আৰু ২০২৫ ৰ কুম্ভ সম্পূৰ্ণ কুম্ভ।

তথ্য অনুসৰি ১২ বছৰৰ মূৰে মূৰে প্ৰয়াগৰাজত কুম্ভৰ আয়োজন কৰা হয়। শেষৰ কুম্ভ ২০১৩ চনত হৈছিল। ইয়াৰোপৰি যেতিয়া ১২ টা সম্পূৰ্ণ কুম্ভ অনুষ্ঠিত হয় তাৰ পাছত মহাকুম্ভ অনুষ্ঠিত কৰিব পাৰিব। এই মহাকুম্ভ ১৪৪ বছৰ পাছত হয়। প্ৰয়াগৰাজত প্ৰতি ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা কুম্ভক মহাকুম্ভ বুলি কোৱা হয়।

কিন্তু ১৪৪ বছৰীয়া কুম্ভ কেতিয়া হ’ব তাৰ প্ৰকৃত তথ্য উল্লেখ কৰিব নোৱাৰি। কাৰণ প্ৰথম কুম্ভ কেতিয়া অনুষ্ঠিত হৈছিল সেই সম্পৰ্কে কোনো তথ্য উপলব্ধ নাই। প্ৰথম কুম্ভৰ তথ্য লাভৰ পাছতহে ইয়াৰ সঠিক হিচাপহে কৰিব পৰা যায়। অৱশ্যে ২০২৫ চনত প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা কুম্ভ মেলাক মহাকুম্ভ বুলি ধৰিব পাৰি। যাৰ বাবে বিশ্বৰ কোটি কোটি ভক্তই প্ৰয়াগৰাজত ভিৰ কৰা পৰিলক্ষিত হৈছে।

 

 

উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...