5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মন্দিৰে দিয়ে পৃথিৱীৰ আয়ুস সমাপ্তিৰ ইংগিত! ক’ত আছে এই বিশেষ মন্দিৰ, চাওক….

আমাৰ দেশৰ বহু মঠ-মন্দিৰ স্থাপত্য, লোক বিশ্বাসৰ বাবে সততে আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে বিবেচিত হৈ আহিছে। লোক বিশ্বাসৰ সৈতে জড়িত এনে ৰহস্যজনক মন্দিৰসমূহ বিশ্বব্যাপী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ভাৰতত থকা এনে এটা মন্দিৰে পৃথিৱী ধ্বংস হোৱাৰ ইংগিত দিয়ে বুলি মানুহে বিশ্বাস কৰে।

মন্দিৰে দিয়ে পৃথিৱীৰ আয়ুস সমাপ্তিৰ ইংগিত! ক’ত আছে এই বিশেষ মন্দিৰ, চাওক….
মহাৰাষ্ট্ৰৰ কেদাৰেশ্বৰ গুহা মন্দিৰ
monjit-dutta
Monjit Dutta | Published: 21 Nov 2024 18:03 PM

ভাৰতীয় সংস্কৃতিত মঠ-মন্দিৰ আৰু পৌৰাণিক ধৰ্মীয় আখ্যানসমূহে সদায়েই এক গুৰুত্বপূৰ্ণ স্থান গ্ৰহণ কৰি আহিছে। দেশৰ ভিন্ন প্ৰান্তত অৱস্থিত মঠ-মন্দিৰসমূহ ধৰ্মীয় উপাসনাস্থলী হিচাপে ভক্ত বা তীৰ্থযাত্ৰী আকৰ্ষণস্থলী হিচাপে বিবেচিত হোৱাৰ লগতে কিছুমান মঠ-মন্দিৰ স্থাপত্য, লোক বিশ্বাসৰ বাবে সততে আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে বিবেচিত হৈ আহিছে। আমাৰ দেশতে আছে লোক বিশ্বাসৰ সৈতে জড়িত এনে এক ৰহস্যজনক মন্দিৰ। এই মন্দিৰটোৱে পৃথিৱী ধ্বংস হোৱাৰ ইংগিত দিয়ে বুলি মানুহে বিশ্বাস কৰে।

ইয়াৰ সমান্তৰালকৈ এই মন্দিৰৰ সৈতে জড়িত আন কিছুমান ৰহস্যও আছে। এনে ৰহস্যসমূহে এই মন্দিৰক আন মন্দিৰৰ পৰা পৃথক কৰি তুলিছে। এই মন্দিৰটো মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ পাহাৰীয়া দুৰ্গ হৰিশচন্দ্ৰগড়ত অৱস্থিত। মন্দিৰটোৰ নাম কেদাৰেশ্বৰ গুহা মন্দিৰ। এই মন্দিৰৰ অলৌকিক সৌন্দৰ্য্যৰ লগতে ইয়াৰ সৈতে জড়িত ৰহস্যই বছৰ বছৰ ধৰি মানুহক আকৰ্ষণ কৰি আহিছে।

এই মন্দিৰৰ গঠন অতি ৰহস্যময়। এই অলৌকিক মন্দিৰটো বছৰ বছৰ ধৰি মাত্ৰ এটা স্তম্ভত থিয় হৈ আছে। কোৱা হয় যে এই মন্দিৰটো ষষ্ঠ শতিকাত কলাচুৰি বংশই নিৰ্মাণ কৰিছিল। কিন্তু গড়টোৰ গুহাসমূহ একাদশ শতিকাত পোৱা গৈছিল। অৱশ্যে এই মন্দিৰটোত চাৰিটা স্তম্ভই দেখা যায়। কিন্তু মাত্ৰ এটা খুঁটা মাটিৰ লগত সংযুক্ত হৈ থকাৰ বিপৰীতে বাকী খুঁটা তিনিটা ইতিমধ্যে ভাঙি গৈছে।

মন্দিৰৰ এই স্তম্ভবোৰে চাৰিটা যুগক- সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলিযুগ, প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰে তিনিটা খহি যোৱাৰ বাবে মন্দিৰটো এতিয়া এটা স্তম্ভৰ ওপৰত থিয় হৈ আছে। বিশ্বাস কৰা হয় যে যদি শেষৰ স্তম্ভটো ভাঙি যায় তেতিয়া পৃথিৱী ধ্বংস হ’ব। ইয়াৰ উপৰিও পৰিৱৰ্তিত যুগ অনুসৰি এই স্তম্ভবোৰৰ উচ্চতা সলনি হৈ থাকে বুলিও আন এক লোক বিশ্বাস আছে।

এই মন্দিৰত অলৌকিক স্তম্ভ থকাই নহয়, ইয়াৰ শিৱলিংগও প্ৰাকৃতিকভাৱে গঢ় লৈ উঠিছে। এই মন্দিৰটো দুৰ্গৰ ভিতৰত প্ৰায় ৪,৬৭১ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে। মন্দিৰৰ ওচৰত তিনিটা গুহা আৰু সোঁ গুহাত বৰফৰ ঠাণ্ডা পানীৰ মাজত ৫ ফুট উচ্চতাৰ শিৱলিংগ এটা অৱস্থিত। বিশ্বাস মতে গ্ৰীষ্মকালত ইয়াৰ পানী বৰফৰ দৰে ঠাণ্ডা হৈ পৰে আৰু শীতকালত কুহুমীয়া পানী হৈ পৰে। এই পানীত ডুব দিলে সকলো পাপ আৰু দুখ-কষ্টৰ পৰা মুক্তি পোৱা যায় বুলিও বিশ্বাস কৰা হয়।

Latest News