Mahashivratri 2025: মহাশিৱৰাত্ৰি কিয় পালন কৰা হয় জানেনে? জানক ইয়াৰ আঁৰৰ ৰহস্য…
Mahashivratri 2025: মাজত মাত্ৰ এটা দিন বাকী। ২৬ ফেব্ৰুৱাৰীৰ নিশা সমূহ ধৰ্মপ্ৰাণ ৰাইজে উদযাপন কৰিব মহাশিৱৰাত্ৰি। প্ৰতি বছৰে ফাগুন মাহত মহাশিৱৰাত্ৰি কিয় পালন কৰা হয় জানেনে? ইয়াৰ আঁৰত আছ এক বিশেষ কাহিনী।

মাজত মাত্ৰ এটা দিন বাকী। ২৬ ফেব্ৰুৱাৰীৰ নিশা সমূহ ভক্তপ্ৰাণ ৰাইজে উদযাপন কৰিব মহাশিৱৰাত্ৰি (Mahashivratri 2025)। হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ বিশেষ মহত্ব আছে। কোৱা হয়, এই দিনটোত শিৱক শুদ্ধ মনেৰে প্ৰাৰ্থনা কৰিলে সকলো কামনা পূৰণ হয়। শিৱক প্ৰতিদিনে পূজা কৰিব পাৰি। কিন্তু ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিৰ দিনা শিৱৰাত্ৰিৰ বিশেষ গুৰুত্ব আছে। যাৰ বাবে এই শিৱৰাত্ৰিক মহাশিৱৰাত্ৰি বুলি কোৱা হয়।
শুভ সময়
হিন্দু পঞ্জিকা অনুসৰি ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্থী তিথিৰ আৰম্ভণি ২৬ ফেব্ৰুৱাৰী, বুধবাৰে পুৱা ১১ বাজি ৮ মিনিটৰ পৰা হ’ব। লগতে এই তিথিৰ সমাপ্তি ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮ বাজি ৫৪ মিনিটত হ’ব। মহাশিৱৰাত্ৰিৰ পূজা ৰাতি কৰা হয়। যাৰ বাবে চলিত বৰ্ষত শিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত হ’ব। পূজাৰ নিশিত কাল ২৬ ফেব্ৰুৱাৰীৰ নিশা ১২:০৯ বজাৰ পৰা ১২:৫৯ বজালৈ থাকিব। এই সময়খিনিয়ে শিৱক পূজা কৰাৰ শুভ সময়।
শাস্ত্ৰ মতে, এই দিনটোত শিৱক পূজা প্ৰদোষ কালত ৪ প্ৰহৰত কৰা হয় । মহাশিৱৰাত্ৰিৰ দিনা সমগ্ৰ দেশৰ১২টা জ্যোতিৰ্লিংগকে ধৰি শিৱ মন্দিৰত ভক্তৰ বিপুল জনসমাগম হয়। কিন্তু এই মহাশিৱৰাত্ৰি কিয় উদযাপন কৰা হয় আপুনি জানেনে? এই লেখাটোত ইয়াৰ বিষয়ে উল্লেখ কৰা হ’ল-
শিৱৰাত্ৰি কিয় পালন কৰা হয়
মহাশিৱৰাত্ৰি পালন কৰা সন্দৰ্ভত বহু কাহিনী তথা বিশ্বাস জড়িত হৈ আছে। মহাশিৱৰাত্ৰিৰ অৰ্থ হৈছে ‘শিৱৰ ৰাতি’। পৌৰাণিক কথা অনুসৰি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীত জ্যোতিৰ্লিংগত প্ৰথমবাৰৰ বাবে ভগৱান শিৱ আবিৰ্ভাৱ হৈছিল। যাৰ বাবে এই দিনটোত মহাশিৱৰাত্ৰি পালন কৰা হয়। সহজ ভাষাত ক’বলৈ হ’লে মহাশিৱৰাত্ৰিৰ নিশা ভগৱান শিৱ নিৰাকাৰৰ পৰা বাস্তৱ ৰূপলৈ আহিছিল।
শিৱ পুৰাণ অনুসৰি মহাশিৱৰাত্ৰি কিয় পালন কৰা হয়
মহাশিৱৰাত্ৰি সন্দৰ্ভত শিৱ পুৰাণত বিশেষ তথ্য আছে। শিৱ মহাপুৰণৰ মতে, ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল। ফাগুনৰ কৃষ্ণ চতুৰ্দশী তিথিত ভগৱান শিৱই বৈৰাগী জীৱন ত্যাগ কৰি দেৱীৰ সৈতে পাৰিবাৰিক জীৱন আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ স্মৃতিত মহাশিৱৰাত্ৰি পালন কৰা হয়।
কি কি কৰিব লাগে
- পুৱা সোনকালে উঠি গা পা ধুৱ লাগে।
- মন্দিৰটো গংগা জল দি শুদ্ধ কৰি লওক।
- বিধি সন্মতভাৱে পূজা অৰ্চনা কৰক।
- নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে।
- খাদ্য, ধন আদি দান কৰিব লাগে।
- শিৱ লিংগত পানী, গাখীৰ আদি অৰ্পন কৰিব লাগে।
- শিৱক বেলপাত অৰ্পন কৰিব লাগে।
- শিৱৰ প্ৰিয় বস্তু অৰ্পন কৰি লাগে।
(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই।)
অন্য খবৰ পঢ়কঃ Mahashivratri 2025 Date: মহাশিৱৰাত্ৰি কেতিয়া? জানক পূজাৰ দিন, শুভ সময়, কি কি অৰ্পন কৰিব লাগে…