5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

India Famous Temples Dress Code : দেশৰ বহু বিখ্যাত মন্দিৰত আছে সাজ-পোছাকত কিছু নিষেধাজ্ঞা, জানক কি কি মন্দিৰত প্ৰযোজ্য নিয়ম

India Famous Temples : ভাৰতবৰ্ষত বহুতো প্ৰাচীন আৰু সুন্দৰ মন্দিৰ আছে। দেশৰ বিভিন্ন মন্দিৰত প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই দৰ্শন কৰে যদিও ভাৰতবৰ্ষত এনে বহু মন্দিৰ আছে য’ত সাজ-পোছাকৰ নিয়ম আছে। এই মন্দিৰসমূহত নিয়ম অনুসৰি কাপোৰ পিন্ধিলেহে মন্দিৰলৈ যাবলৈ অনুমতি দিয়ে। গতিকে জানক দেশৰ সেই মন্দিৰসমূহৰ বিষয়ে...

India Famous Temples Dress Code : দেশৰ বহু বিখ্যাত মন্দিৰত আছে সাজ-পোছাকত কিছু নিষেধাজ্ঞা, জানক কি কি মন্দিৰত প্ৰযোজ্য নিয়ম
barasha-misra
Barasha Misra | Published: 19 Dec 2024 11:17 AM

India Famous Temples : ভাৰতৰ বিভিন্ন ৰাজ্যত বহুতো ধুনীয়া আৰু আচৰিত মন্দিৰ আছে, এই মন্দিৰবোৰ সুন্দৰ হোৱাৰ উপৰিও অতি প্ৰাচীন আৰু হিন্দু ধৰ্মত ইয়াৰ গুৰুত্ব অতি বেছি। এই মন্দিৰবোৰলৈ প্ৰতিদিনে হাজাৰ হাজাৰ ভক্ত দৰ্শনৰ বাবে আহে। কিন্তু আপুনি জানেনে যে আমাৰ দেশত এনে বহু মন্দিৰ আছে য’ত দৰ্শনৰ বাবে ড্ৰেছ কোড দিয়া আছে। মন্দিৰ কতৃপক্ষই ধৰি দিয়া সাজ-পোছাক অনুসৰণ কৰিলেহে আপুনি মন্দিৰত দৰ্শন পাব। ভাৰতত কোনবোৰ মন্দিৰ য’ত সাজ-পোছাক প্ৰযোজ্য হয় জানক।

গুৰুবায়ুৰ কৃষ্ণ মন্দিৰ

কেৰালাত অৱস্থিত এইটো ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰ। এই মন্দিৰত ড্ৰেছ কোড দিয়া হৈছে। এই মন্দিৰত পুৰুষে পৰম্পৰাগত লুঙি পৰিধান কৰিহে ঈশ্বৰৰ দৰ্শন কৰিব পাৰে। আনহাতে মহিলাসকলে কেৱল শাৰী বা চুট পিন্ধি ঈশ্বৰৰ দৰ্শন ল’ব পাৰে।

মহাবলেশ্বৰ মন্দিৰ

এইটো ভগৱান শিৱৰ বিখ্যাত মন্দিৰ। এই মন্দিৰটো আছে কৰ্ণাটকত। জিন্স, পেণ্ট, পায়জামা, টুপী, কোট আৰু আদি পিন্ধি আহিলে ভক্তই এই মন্দিৰত ভগৱানৰ দৰ্শন কৰিব নোৱাৰে। মন্দিৰত এই সকলোবোৰ কাপোৰ পিন্ধাত নিষেধাজ্ঞা জাৰি কৰিছে। মন্দিৰত শিৱৰ দৰ্শন পাবলৈ পুৰুষে ধূতি আৰু মহিলাসকলে কেৱল শাৰী বা চুট পিন্ধিলেহে ভগৱানৰ দৰ্শন কৰিব পাৰিব।

ঘৃষ্ণেশ্বৰ মহাদেৱ মন্দিৰ

এই মন্দিৰক ভগৱান শিৱৰ ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। এই মন্দিৰ মহাৰাষ্ট্ৰৰ সম্ভাজী নগৰৰ দৌলাতাবাদ অঞ্চলত অৱস্থিত। ইয়াতো যদি আপুনি দৰ্শন কৰিব বিচাৰে তেন্তে ড্ৰেছ কোড মানি চলিব লাগিব। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি মহিলাসকলে যাব পাৰে। আনহাতে পুৰুষে ঈশ্বৰৰ দৰ্শন পাবলৈ ওপৰৰ কাপোৰ খুলিব লাগে। ইয়াৰ উপৰিও মন্দিৰত বেল্ট, পাৰ্চ আদি বস্তু কঢ়িয়াই নিয়াতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

মহাকাল মন্দিৰ

মহাকাল বা মহাকালেশ্বৰ মন্দিৰ অতি বিখ্যাত। ভগৱান শিৱৰ এই মন্দিৰটোও তেওঁৰ ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। এই মন্দিৰটো মধ্যপ্ৰদেশৰ উজ্জয়িনত অৱস্থিত। ভগৱান মহাকালৰ দৰ্শন কৰিবলৈ প্ৰতিদিনে এই মন্দিৰত এক বিশাল ভক্তৰ ভিৰ। এই মন্দিৰতো ড্ৰেছ কোড প্ৰযোজ্য। মন্দিৰত প্ৰভুৰ জলাভিষেকৰ বাবে পুৰুষে ধূতি-কূৰ্তা পিন্ধিব লাগে আৰু মহিলাই শাৰী পিন্ধিব লাগে।

তিৰুপতি বালাজী

অন্ধ্ৰ প্ৰদেশত অৱস্থিত এই মন্দিৰটো অতি সুন্দৰ। এই মন্দিৰতো ঈশ্বৰৰ দৰ্শন পাবলৈ সাজ-পোছাক মানি চলিব লাগে। ইয়ালৈ যিকোনো শ্বৰ্ট বা টি-চাৰ্ট পিন্ধি অহা লোকক দৰ্শন কৰিবলৈ দিয়া নহয়। আনহাতে মহিলাসকলে শাৰী বা চুট পিন্ধিহে মন্দিৰত দৰ্শন কৰিব পাৰে।

Latest News