শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মৌনি অমাৱস্যাৰ দিনা শিৱক এইসমূহ সামগ্ৰী অৰ্পন কৰিলে হয় ধনৰ শ্ৰীবৃদ্ধি…

Mauni amavasya: হিন্দু ধৰ্মত মৌনি অমাৱস্যাৰ বিশেষ মহত্ব আছে। কোৱা হয়, এই দিনটোত শিৱক পূজা কৰিলে আৰু বস্তু দান কৰিলে ভাল ফল লাভ কৰা যায়।

মৌনি অমাৱস্যাৰ দিনা শিৱক এইসমূহ সামগ্ৰী অৰ্পন কৰিলে হয় ধনৰ শ্ৰীবৃদ্ধি…
মৌনি অমাৱস্যাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 28 Jan 2025 15:30 PM

হিন্দু ধৰ্মত অমাবস্যাৰ বিশেষ মহত্ব আছে। এবছৰত ১২ টা অমাবস্যা হয় আৰু প্ৰতিটো অমাবস্যাৰে বিশেষ মহত্ব আছে। মাঘৰ মাহত হোৱা অমাবস্যাক মৌনি অমাবস্যা (Mauni amavasya) বুলি কোৱা হয়। মৌনি অমাবস্যা আধ্যাত্মিক দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি গন্য কৰা হয়। এই দিনটোত নদীত স্নান আৰু দান কৰিলে ভাল ফলাফল লাভ কৰা বুলি কোৱা হয়। যাৰ বাবে বহুলোকে এই দিনটোত দান কৰাৰ লগতে বহু নিয়ম পালন কৰি চলে।

বৰ্তমান উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ অনুষ্ঠিত হৈ আছে। প্ৰতিদিনে লাখ লাখ ভক্তই মহাকুম্ভত উপস্থিত হৈ ত্ৰিবেণী সংগমত স্নান কৰিছে। জানিব পৰা মতে ২৯ জানুৱাৰী মৌনি অমাবস্যাৰ দিনা মহাকুম্ভত প্ৰায় ১০ কোটিলোকে স্নান কৰিব।

মৌনি অমাবস্যাৰ সময়

আজি সন্ধিয়া ৭:৩৫ বজাৰ পৰা আৰম্ভ হ’ব মাঘা মাহৰ অমাবস্যা। এই অমাৱস্যাৰ সময় ২৯ জানুৱাৰী সন্ধিয়া ৬:০৫ বজাত শেষ হ’ব। এনে পৰিস্থিতিত উদয়তিথিৰ মতে অহা ২৯ জানুৱাৰীত মৌনি অমাবস্যা পালন কৰা হ’ব। এই দিনটোত বহুতে ব্ৰত ৰাখে।

ভগৱান শিৱক অৰ্পন কৰক এই বস্তু

  • মৌনি অমাবস্যাৰ দিনা স্নান কৰাৰ পাছত কুহিয়াৰৰ ৰসত বেলপাত দি ভগৱান শিৱক অৰ্পন কৰিব লাগে। এনে কৰিলে ভগৱান শিৱ অসন্তুষ্ট হয় আৰু ভক্তক আশীৰ্বাদ দিয়ে। ভগৱান শিৱই ভক্তক আৰ্থিক সমস্যাৰ পৰা সকাহ দিয়াত সহায় কৰে। লগতে সুখ সমৃদ্ধিৰে ভৰাই তোলে।
  • মৌনি  অমাবস্যাৰ দিনা কেঁচা গাখীৰত দৈ আৰু মৌ মিহলাই ভগৱান শিৱক অৰ্পন কৰিব লাগে। এনে কৰিলে ভগৱান শিৱ সন্তুষ্ট হয়।
  • মৌনি অমাবস্যাৰ দিনা ভগৱান শিৱক গাখীৰ আৰু ঘিউৰে অভিষেক কৰিব লাগে। এনে কৰিলে জীৱনৰ সুখ বৃদ্ধি পায়।
  • এই দিনটোত ভগৱান শিৱক বিশুদ্ধ মৌ অৰ্পন কৰিব লাগে। এনে কৰিলে সকলো কামনা পূৰণ হয়। লগতে সকলো কষ্ট আৰু দুখ নোহোৱা হয়।

স্নান

মৌনি অমাৱস্যাৰ দিনা সকলোৰে বাবে মহাকুম্ভত স্নান কৰা সহজ নহয়। সেয়ে আপুনি আন কোনো নদীতো গা ধুব পাৰে। যদি এয়াও সম্ভৱ নহয় তেন্তে ঘৰত গা ধুওঁতে গংগা পানী পানীত মিহলাই লওক। তাৰ পিছত সেই গংগা পানীৰে গা ধুব। স্নানৰ সময়ত ‘গংগে চা যমুনে চৈৱ গোদাবৰী সৰস্বতী। নৰ্মদা, সিন্ধু আৰু কাবেৰী জ্বলায় অস্মিন সন্নিধিম কুৰু। এই গংগা মন্ত্ৰ জপ কৰক। এনে কৰিলে মহা কুম্ভৰ অমৃত স্নানৰ সমতুল্য গুণ লাভ কৰিব পাৰি।

 

(স্পষ্টীকৰণঃ ওপৰৰ লেখাটো ধৰ্মীয় মান্যতাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা হৈছে। ইয়াৰ বৈধতাৰ লগত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই। )