5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Merry Christmas: যীশুৰ এই ১০ টা বাণীয়ে ধন্য কৰিব আপোনাৰ জীৱন, পাব অনুপ্ৰেৰণা…

আজি সমগ্ৰ বিশ্বত খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰিছে পৱিত্ৰ বৰদিন। এই বৰদিন উপলক্ষে আজি পুৱাই খ্ৰীষ্টান ধৰ্মৰ লোকসকলে গীৰ্জা ঘৰত গৈ প্ৰাৰ্থনা কৰিছে। ঘৰসমূহ খ্ৰীষ্টমাছ ট্ৰী, ৰঙীণ লাইটেৰে সজাই তুলিছে। চাৰিওফালে যেন বৰদিনৰ উল্লাস।

Merry Christmas: যীশুৰ এই ১০ টা বাণীয়ে ধন্য কৰিব আপোনাৰ জীৱন, পাব অনুপ্ৰেৰণা…
যীশুImage Credit source: northeast news
barasha-sarma
Barasha Sarma | Published: 25 Dec 2024 09:45 AM

আজি পৱিত্ৰ বৰদিন।  ২৫ ডিচেম্বৰৰ এই বিশেষ দিনটোত সমগ্ৰ বিশ্বই পালন কৰিছে বৰদিন।খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মূল ধৰ্মীয় উৎসৱ বৰদিন। অৱশ্যে কেৱল খ্ৰীষ্টান ধৰ্মৰ লোকসকলেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু লোকে এই বৰদিন পালন কৰে। বৰদিনৰ দিনা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ ঘৰৰ আগত দেখা যায় খ্ৰীষ্টমাছ ট্ৰী, ঘৰবোৰ সজাই তোলা হয় ৰঙীণ লাইট, ষ্টাৰ, আদিৰে। ইয়াৰোপৰি সজাই থয় ছান্টা ক্লজৰ উপহাৰৰ টোপোলা। আজি পুৱাৰে পৰা প্ৰতিটো গীৰ্জা ঘৰত শুনিবলৈ পোৱা গৈছে কেৰলৰ ধ্বনি, মানুহে গীৰ্জা ঘৰলৈ যায় প্ৰাৰ্থনা কৰিছে।

প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ দিনটো বৰদিন হিচাপে পালন কৰা হয়। মান্যতা অনুসৰি এই দিনটোতেই প্ৰভু যীশুৰ জন্ম হৈছিল। যাৰ বাবে এই দিনটোত বৰদিন পালন কৰা হয়। অৱশ্যে বৰদিন পালন কৰা সন্দৰ্ভত সমাজত বহু কাহিনী প্ৰচলিত হৈ আছে। যাৰ বাবে প্ৰকৃততে কোনটো কাহিনী সঁচা বা কেতিয়াৰ পৰা আৰু কিয় এই বৰদিন পালন কৰা হৈছিল সেয়া কোৱা টান।

আজিৰ দিনটোত খ্ৰীষ্টান ধৰ্মৰ লোকসকলে যীশুক প্ৰাৰ্থনা কৰে। কোৱা হয়, যীশুখ্ৰীষ্ট আছিল খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক। তেওঁৰ ধৰ্মৰ বাণীসমূহ পাছলৈ বাইবেল হিচাপে ৰূপান্তৰিত হয়। মানৱ প্ৰেম হৈছে তেওঁৰ ধৰ্মৰ মূল বাণী। গতিকে আজিৰ এই পৱিত্ৰ দিনটোত যীশুখ্ৰীষ্টৰ কেইটামান বাণী উল্লেখ কৰা হ’ল-

  • যীশু খ্ৰীষ্টই কৈছিল, এজন ধনী ব্যক্তিৰ বাবে স্বৰ্গত স্থান পোৱাটো অতি কঠিন। সেইবাবে মই কওঁ যে এজন ধনী মানুহে স্বৰ্গত স্থান লাভ কৰাতকৈ সহজ কাম হ’ল উটৰ বেজীৰ ফুটাৰে যোৱা।
  • যীশুয়ে কৈছিল, আপোনাৰ ভিতৰত যি আছে সেইটোৱেই আপোনাক ৰক্ষা কৰিব। গতিকে আপোনাৰ ভিতৰত যি আছে তাক উলিয়াই অনা দৰকাৰ। নহ’লে সি আপোনাক ধ্বংস কৰিব।
  • মানুহে ৰুটিৰ বাবে জীয়াই থাকে। কিন্তু কেৱল ৰুটিৰ বাবে জীয়াই থকা উচিত নহয়। ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰতিটো বাক্য অনুসৰি জীয়াই থকা উচিত।
  • সদায় তুমি তোমাৰ শত্ৰুক মৰম কৰিবা। যিয়ে তোমাক অত্যাচাৰ কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিবা। ইয়াৰ দ্বাৰাই তুমি স্বৰ্গত থকা পিতাৰ সন্তান হ’ব পাৰিবা।
  • যিসকল মানুহে নিজতকৈ আনৰ মংগলৰ বিষয়ে বেছি চিন্তা কৰে তেওঁলোকে বঞ্চনাৰ সন্মুখীন হৈও সদায় সন্তুষ্ট হয়। এই হাত দুখন হিংসাৰ বাবে নহয় আনক সহায় কৰিবলৈ উঠাব লাগে।
  • মানুহে লোভ কৰিব নালাগে, মানুহে হিংসা কৰিব নালাগে। চুৰি কৰিব নালাগে আৰু চুবুৰীয়াক নিজৰ বুলি ভাল পাব লাগে।
  • মই তোমাক এক আদেশ দিও- সকলোকে প্ৰেম কৰা। যেনেকৈ মই তোমাক কৰো।
  • যদি মোক ভালপোৱা, মোৰ আজ্ঞা পালন কৰা।
  • মই জগতৰ পোহৰ। যিয়ে মোৰ অনুসৰণ কৰিব তাৰ জীৱনত কেতিয়াও অন্ধকাৰ নাথাকিব। জীৱন জিলিকি উঠিব।
  • নিজৰ ভগৱানক সমস্ত হৃদয়, মনেৰে প্ৰেম কৰা।
  • জীৱন আৰু সত্যৰ মইয়েই মূল পথ। মোৰ যোগেদিহে কেৱল পিতৃৰ ওচৰলৈ আহিব পাৰিবা।
  • যি সকলে ক্লান্ত আৰু চাপ অনুভৱ কৰিছা সকলো মোৰ ওচৰলৈ আহা। মই তোমালোকক বিশ্ৰাম দিম।
  • যিসকলে শৰীৰক হত্যা কৰে কিন্তু আত্মাক হত্যা কৰিব নোৱাৰে, সেইসকলক ভয় নকৰিবা। বৰঞ্চ নৰকত আত্মা আৰু শৰীৰ উভয়কে ধ্বংস কৰিব পৰাজনক ভয় কৰিবা।

Latest News