শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Eid 2025 Moon Sighting: চৌদি আৰৱত দেখা গ’ল চন্দ্ৰ, জানক ভাৰতত ঈদ কোনদিনা পালন কৰিব

আজি অৰ্থাৎ ২৯ মাৰ্চত মানুহে আগ্ৰহেৰে অপেক্ষা কৰি আছিল চৌদি আৰৱত ঈদৰ চন্দ্ৰ চাবলৈ।বহু অপেক্ষাৰ অন্তত অৱশেষত দেখা গ'ল ঈদৰ চন্দ্ৰ। এতিয়া চৌদি আৰৱত ৩০ মাৰ্চত উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ।

Eid 2025 Moon Sighting: চৌদি আৰৱত দেখা গ’ল চন্দ্ৰ, জানক ভাৰতত ঈদ কোনদিনা পালন কৰিব
ভাৰতত ঈদ কোনদিনা পালন কৰিব
barasha-misra
Barasha Misra | Published: 29 Mar 2025 21:35 PM

ৰমজান মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে সকলোৱে আনন্দ মনেৰে ঈদ পালন কৰে। কোৱা হয় যে, ঈদ ৰমজান মাহত ৰোজা ৰখা আৰু নামাজ পঢ়াসকলৰ বাবে আল্লাহৰ উপহাৰ। এই সময়ত সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ চকু আকাশত নিবদ্ধ হৈ আছে আৰু ইয়াৰ কাৰণ হৈছে ঈদৰ চন্দ্ৰ।

প্ৰতি বছৰে ভাৰততকৈ এদিন আগত চৌদি আৰৱত ঈদ পালন কৰা হয়। আজি ২৯ মাৰ্চত সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছিল চৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখালৈ, বহু অপেক্ষাৰ অন্তত অৱশেষত দেখা গ’ল ঈদৰ চন্দ্ৰ। এতিয়া চৌদি আৰৱত ৩০ মাৰ্চত উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ।

চৌদি আৰৱত ৩০ তাৰিখে, ভাৰতত ৩১ মাৰ্চত ঈদ উদযাপন কৰা হ’ব

চৌদি আৰৱত ২৯ মাৰ্চ অৰ্থাৎ আজি ঈদৰ চন্দ্ৰ দেখা গৈছে আৰু এতিয়া ৩০ মাৰ্চ অৰ্থাৎ দেওবাৰে ঈদ পালন কৰা হ’ব। আনহাতে, ভাৰতত ৩০ মাৰ্চত চন্দ্ৰ দেখা যাব আৰু ৩১ মাৰ্চ সোমবাৰে ঈদ-উল-ফিতৰ উদযাপন কৰা হ’ব। প্ৰতি বছৰে চৌদি আৰৱত ভাৰততকৈ এদিন আগতে ঈদ পালন কৰা হয়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল চৌদি আৰৱত ৰমজান এদিন আগতে অৰ্থাৎ ১ মাৰ্চৰ পৰা আৰম্ভ হৈছিল, আনহাতে ভাৰতত ২ মাৰ্চৰ পৰা ৰমজান আৰম্ভ হৈছিল।

ঈদৰ চন্দ্ৰ দেখাটো কিয় গুৰুত্বপূৰ্ণ?

ইছলামিক কেলেণ্ডাৰ চন্দ্ৰৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয় আৰু প্ৰতিটো হিজৰী মাহৰ আৰম্ভণি চন্দ্ৰ দৰ্শনৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। ইছলামিক শ্বাৱাল মাহৰ প্ৰথম দিনটোত ঈদ-উল-ফিতৰ উদযাপন কৰা হয়। চন্দ্ৰৰ মতে এমাহত ২৯ বা ৩০ দিন থাকে, সেয়েহে প্ৰতি বছৰে ঈদৰ তাৰিখ সলনি হয়। ইছলামৰ পণ্ডিতসকলে চন্দ্ৰ চাই ঈদৰ তাৰিখ নিৰ্ণয় কৰে।

ক’ত দেখা যায় প্ৰথম ঈদৰ চন্দ্ৰ?

চৌদি আৰৱত প্ৰথম দেখা যায় ঈদৰ চন্দ্ৰ। চৌদি আৰৱত ঈদ উদযাপন হ’লেহে ঈদ কেতিয়া পালন কৰা হ’ব সেই সিদ্ধান্ত লোৱা হয়। বহু মুছলমান দেশে চৌদি আৰৱে নিৰ্ধাৰণ কৰা তাৰিখত ঈদ পালন কৰে। চৌদি আৰৱত ঈদৰ পিছদিনা ভাৰত, পাকিস্তান, বাংলাদেশৰ দৰে দেশত ঈদ পালন কৰা হয়। কিন্তু ছিয়া জনসংখ্যা বৃহৎ দেশ ইৰাণত ঈদৰ তাৰিখ চৰকাৰে নিৰ্ধাৰণ কৰে।