Naina Devi Temple: এই মন্দিৰ দৰ্শন কৰিলে উপশম হয় চকুৰ ৰোগ! ইয়াৰ আঁৰৰ বিশ্বাস সম্পৰ্কে জানক…

Naina Devi Mandir :ভাৰতত বহুতো প্ৰাচীন আৰু অলৌকিক মন্দিৰ আছে।ভাৰতত এনে এটা মন্দিৰো আছে য'ত গ'লে মানুহৰ চকুৰ সৈতে সম্পৰ্কিত সকলো সমস্যা দূৰ হয়।

Naina Devi Temple: এই মন্দিৰ দৰ্শন কৰিলে উপশম হয় চকুৰ ৰোগ! ইয়াৰ আঁৰৰ বিশ্বাস সম্পৰ্কে জানক...

এই মন্দিৰ দৰ্শন কৰিলে উপশম হয় চকুৰ ৰোগ!

Published: 

10 Nov 2024 10:50 AM

Naina Devi Temple Shakti Peeth :ভাৰতত দেৱ-দেৱীৰ বহুতো প্ৰাচীন মন্দিৰ আছে। এই মন্দিৰবোৰৰ সৈতে সম্পৰ্কিত বিশ্বাসৰ বাবে গোটেই বছৰজুৰি এই মন্দিসমূহত ভক্তৰ ভিৰ দেখা যায়। আপুনি জানেনে, ভাৰতত এনে এটা মন্দিৰ আছে য’ত দেৱী মাৰ দৰ্শন কৰিলে মানুহৰ চকুৰ সৈতে সম্পৰ্কিত সকলো সমস্যা নোহোৱা হয়। মানুহে এইটোও বিশ্বাস কৰে যে সেই মন্দিৰত ভক্তসকলৰ সকলো মনোকামনা পূৰণ হয়।

ক’ত আছে এই মন্দিৰটো?

দেৱী মাৰ এই অনন্য মন্দিৰটো উত্তৰাখণ্ডৰ দেৱভূমিৰ নয়নিতাল হ্ৰদৰ উত্তৰ প্ৰান্তত অৱস্থিত। এই মন্দিৰটোৰ নাম নয়না দেৱী মন্দিৰ। এই মন্দিৰটো মাতা সতীৰ ৫১টা শক্তিপীঠৰ ভিতৰত অন্যতম।

মা সতীৰ চকু 

জনবিশ্বাস অনুসৰি, যেতিয়া ভগৱান শিৱ মাতাৰ মৃতদেহ লৈ কৈলাশলৈ গৈ আছিল, মাৰ শৰীৰৰ অংশবোৰ বিভিন্ন স্থানত পৰিছিল। সেই অংশবোৰ য’তেই পৰিছিল, সেই ঠাইবোৰ মাৰ শক্তিপীঠলৈ ৰূপান্তৰিত হৈছিল। এই মন্দিৰত পৰিছিল মা সতীৰ চকু। সেয়েহে এই মন্দিৰত দুটা চকুৰ ৰূপত মাক পূজা কৰা হয়।

লগতে পঢ়ক: ভাৰতৰ এই ঠাইত কৰিব পাৰি যমৰাজৰ দৰ্শন, চিত্ৰগুপ্তই কৰে ভাল-বেয়া কৰ্মৰ হিচাপ!

চকুৰ চিকিৎসা

নয়না দেৱী মন্দিৰৰ ওপৰত মানুহৰ অটল বিশ্বাস আছে। ভক্তসকলে চকুৰ ৰোগ লৈ আহে নয়না দেৱী মন্দিৰলৈ যায় আৰু মাৰ আশীৰ্বাদত তেওঁলোকৰ চকুৰ সৈতে সম্পৰ্কিত সকলো সমস্যা আঁতৰ হয়। এই মন্দিৰত সকলো ধৰণৰ চকুৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়। এই বিশ্বাসৰ বাবে ইয়াত গোটেই বছৰ ধৰি মন্দিৰটোৰ অসংখ্য ভক্তৰ ভিৰ দেখা যায়।

বাবা গণেশ

এই মন্দিৰত গৰ্ভগৃহত মা বিৰাজমান। মাৰ সৈতে আছে ভগৱান গণেশ আৰু মা কালী।

বাৰ্ষিক উৎসৱ

এই মন্দিৰত প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত নন্দ অষ্টমীৰ দিনা নয়না দেৱী মহোৎসৱৰ আয়োজন কৰা হয়। যিটো ৮ দিন ধৰি অনুষ্ঠিত হয়। এই সময়ছোৱাত ৰাতিপুৱা ব্ৰহ্মা মুহূৰ্তত ভক্তসকলৰ দৰ্শনৰ বাবে মাতা সুনন্দাৰ দোলা মন্দিৰৰ চোতালত ৰখা হয়। তাৰ ৩-৫ দিনৰ পিছত ইয়াক সমগ্ৰ চহৰখনত ঘূৰোৱা হয় আৰু নিশা নয়নি হ্ৰদত বিসৰ্জন দিয়া হয়। ইয়াৰ লগতে ওচৰৰ খেলপথাৰত এখন মেলাৰো আয়োজন কৰা হয়।

লগতে পঢ়ক: ভাৰতৰ এইসমূহ মন্দিৰত পূজা কৰা হয় মহাভাৰতৰ ‘খলনায়ক’ক! কেনেদৰে যাব পাৰিব জানক…

 

(স্পষ্টীকৰণ: ওপৰোক্ত তথ্যবোৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। টিভি 9য়ে ইয়াৰ নিশ্চিতি প্ৰদান কৰা নাই)

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস