5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Navratri 2024: আজিৰ পৰা আৰম্ভ নৱৰাত্ৰি, জানক এই দিনটোৰ মহত্ব আৰু কাক পূজা কৰা হয়

Navratri 2024: আজিৰ পৰা মা দুৰ্গাৰ ৯ টা ৰূপক পূজা কৰা হ'ব। এই ৯ দিনৰ প্ৰতিটো দিনত ভক্তই মাক বেলেগ বেলেগ ধৰণৰ প্ৰসাদ আৰু পূজা আগবঢ়ায়। মা দুৰ্গাৰ ৯ টা ৰূপ হৈছে- মা দুৰ্গা, ব্ৰহ্মচাৰিনী, চন্দ্ৰঘান্ত, কুশমাণ্ড, স্কন্দমাতা, কাত্যয়নী, কলৰাত্ৰী, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। 

Navratri 2024: আজিৰ পৰা আৰম্ভ নৱৰাত্ৰি, জানক এই দিনটোৰ মহত্ব আৰু কাক পূজা কৰা হয়
নৱৰাত্ৰি
barasha-sarma
Barasha Sarma | Updated On: 03 Oct 2024 06:59 AM

আজিৰ পৰা আৰম্ভ নৱৰাত্ৰি। বছৰৰ বিভিন্ন উৎসৱৰ ভিতৰত শাৰদীয় নৱৰাত্ৰি অন্যতম উৎসৱ। এই উৎসৱ ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে। আজিৰ পৰা মা দুৰ্গাৰ ৯ টা ৰূপক পূজা কৰা হ’ব। এই ৯ দিনৰ প্ৰতিটো দিনত ভক্তই মাক বেলেগ বেলেগ ধৰণৰ প্ৰসাদ আৰু পূজা আগবঢ়ায়। মা দুৰ্গাৰ ৯ টা ৰূপ হৈছে- মা দুৰ্গা, ব্ৰহ্মচাৰিনী, চন্দ্ৰঘান্ত, কুশমাণ্ড, স্কন্দমাতা, কাত্যয়নী, কলৰাত্ৰী, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।  প্ৰথম নৱৰাত্ৰিত মা শৈলপুত্ৰীক পূজা কৰা হয়। ইয়াৰোপৰি ৯ অক্টোবৰৰ পৰা পালন কৰা হ’ব দুৰ্গোৎসৱ।

হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি মা শৈলপুত্ৰীৰ জন্ম হৈছিল পাৰ্বতাৰাজ হিমালয়ৰ ঘৰত। সেইবাবেই তেওঁক শৈলপুত্ৰী বুলি জনা যায়। মাতৃৰ এই ৰূপটোক মমতা আৰু মৰমৰ প্ৰতীক বুলি গণ্য কৰা হয়। মাতৃ শৈলপুত্ৰীৰ মুখত উজ্জ্বল জিলিকনি দেখা  যায়। মা শৈলপুত্ৰীয়ে বাওঁহাতত পদুম ফুল আৰু সোঁহাতত ত্ৰিশূল, তেওঁৰ বাহন বৃষভ। বিশ্বাস অনুসৰি মা শৈলপুত্ৰী দেৱীয়ে নিজৰ ভক্তক ৰক্ষা কৰে আৰু তেওঁলোকৰ দুখ দূৰ কৰে।

শুভ সময়

শাৰদীয় নৱৰাত্ৰিৰ প্ৰথম দিনটোত ঘট প্ৰতিষ্ঠা কৰাৰ বাবে দুটা শুভ সময় আছে। ঘট স্থাপনৰ প্ৰথম শুভ সময় পুৱা ৬:১৫ বজাৰ পৰা ৭:২২ বজালৈ অৰ্থাৎ ১ ঘণ্টা ৬ মিনিট সময় পাব।

ঘট স্থাপনৰ বাবে দ্বিতীয় শুভ সময় অভিজিত মুহুৰ্তত দুপৰীয়াও পৰিছে এই সময়ত সবাতোকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। দিনৰ ১১:৪৬ বজাৰ পৰা ১২:৩৩ বজাৰ ভিতৰত যিকোনো সময়তে ঘট স্থাপন কৰিব পাৰিব। দুপৰীয়া  ইয়াৰ বাবে ৪৭ মিনিটৰ শুভ সময় পাব।

মহত্ব

কোৱা হয়, মা শৈলপুত্ৰীক পূজা কৰিলে জীৱনত স্থিৰতা আহি পৰে। মা শৈলপুত্ৰীৰ সঠিক মতে পূজা কৰিলে বিবাহিত জীৱন সুখময় হৈ পৰে আৰু ঘৰলৈ সমৃদ্ধ হৈ থাকে। লগতে নৱৰাত্ৰিৰ প্ৰথম দিনা মাতৃ শৈলপুত্ৰীক পূজা কৰিলে চন্দ্ৰ সম্পৰ্কীয় সকলো ধৰণৰ দোষ দূৰ হৈ সৌভাগ্য লাভ কৰা হয়।

মা শৈলপুত্ৰী চন্দ্ৰৰ লগত সম্পৰ্ক। সেয়ে তেওঁক বগা ৰঙৰ খাদ্য সামগ্ৰী যেনে গোল্লা, পতাছা আদি আগবঢ়োৱা হয়। সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে গৰুৰ ঘিউ বা গৰুৰ ঘিউৰ পৰা তৈয়াৰী মিঠাই মা শৈলপুত্ৰীৰ আগত আগবঢ়োৱা হয়।

পৌৰাণিক কথা

কিংবদন্তি অনুসৰি এবাৰ প্ৰজাপতি দক্ষই যজ্ঞ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ইয়াৰ বাবে সকলো দেৱ- দেৱীক নিমন্ত্ৰণ জনাইছিল।  কিন্তু তেওঁ নিজ কন্যা সতী আৰু জোঁৱাই ভগৱান শিৱক নিমন্ত্ৰণ কৰা নাছিল। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছিল সতী। শিৱই বাৰে বাৰে বাধা দিয়াৰ পাছতো সতীয়ে তেওঁৰ কথা শুনা নাছিল আৰু গৈছিল পিতৃ গৃহলৈ।

সতী পিতৃ প্ৰজাপতি দক্ষৰ ঘৰত পোৱাৰ পাছত কোনোৱে তেওঁক ভাল ব্যৱহাৰ কৰা নাছিল। তেওঁক আৰু স্বামীক উপহাস কৰিছিল। এই আচৰণত দেৱী সতী গভীৰভাৱে আঘাত পাইছিল। স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি খঙত সতীয়ে যজ্ঞৰ জুইত জঁপিয়াই পৰিছিল। কোৱা হয় যে ইয়াৰ পিছত দেৱী সতিয়ে নিজেই হিমালয়ৰ কন্যা পাৰ্বতী হিচাপে জন্ম লয়। হিমালয়ৰ কন্যা হোৱাৰ বাবে দেৱী পাৰ্বতীক শৈলপুত্ৰী নামেৰে জনা যায়।

 

( স্পষ্টীকৰণঃ ওপৰত উল্লেখিত লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ লগত TV অসম ৰ সম্পৰ্ক নাই বা কোনো সত্যাসত্য নিৰূপন কৰা হোৱা নাই।)

Latest News