দেৱীক বলি-বিধান দিয়াটো উচিত নে অনুচিত…শ্ৰীমদ্ভগৱতগীতা আৰু মাৰ্কণ্ডেয় পুৰাণে কি কয়?
সমগ্ৰ দেশতে এনে বহুতো মন্দিৰ আছে, য’ত পশু বলি দিয়াটো বাধ্যতামূলক। ইয়াত বলিদান অবিহনে পূজা সম্পূৰ্ণ বুলি গণ্য কৰা নহয়। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে দেৱী মাক সন্তুষ্ট কৰিবলৈ কোনো প্ৰাণী বলি দিয়াটো উচিত নে অনুচিত? এই প্ৰশ্নৰ উত্তৰ আমি বিভিন্ন গ্ৰন্থত বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছোঁ।
নৱৰাত্ৰিৰ সময়ত দেৱীক বলি দিয়াটো এটা পৰম্পৰাত পৰিণত হৈছে। বহু সংখ্যক লোকে মাতা ৰাণীৰ সন্মুখত কামনা কৰে আৰু ইচ্ছা পূৰণ হ’লে জীৱ-জন্তু বলি দিয়ে। কিন্তু পৌৰাণিক গ্ৰন্থ আৰু বেদতো বলি নিষিদ্ধ কৰা হৈছে। যজ্ঞৰ পৰম্পৰাৰ বিৰোধিতা কৰা হৈছে যৰ্জুৰ্বেদত। যৰ্জুৰ্বেদৰ মন্ত্ৰ ‘इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदाम्। त्वष्टु: प्रजानां प्रथमं जानिन्नमग्ने मा हिश्सी परमे व्योम।।’ উট আৰু অন্যান্য চাৰিঠেঙীয়া জীৱ-জন্তু আৰু চৰাইক কোনো কাৰণতে হত্যা কৰিব নালাগে বুলি স্পষ্টকৈ কোৱা হৈছে।
পৌৰাণিক গ্ৰন্থতো এই প্ৰথাক নিন্দা কৰা হৈছে। বলি সন্দৰ্ভত শ্ৰীমদ্ভগতত কোৱা হৈছে যে মানুহে নিজৰ স্বাৰ্থপৰতাৰ বাবে দেৱীৰ ওপৰত এনে জঘন্য পাপ জাপি দিছে। মহৰ্ষি বেদ ব্যাসে এই মহান গ্ৰন্থখনত বৰ্ণনা কৰিছে।
কোৱা হয় যে যেতিয়া জড় ভৰতক ভীলসকলে বন্দী কৰি মাকৰ সন্মুখত বলি দিবলৈ চেষ্টা কৰিছিল, ভদ্ৰকালী নিজে ওলাই আহিছিল। মায়ে ভিলসকলক গালি পাৰিছিল আৰু তেওঁলোকক বলি বিচাৰি শাস্তি দিছিল। এইদৰে মাতৃ ভদ্ৰকালিয়ে ভৰতক ভীলৰ পৰা মুক্ত কৰিলে। মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তশতী খণ্ডত প্ৰথম অধ্যায়ত এঠাইত বলিৰ বৰ্ণনা পোৱা যায়।
বিভিন্ন সময়ত বহুলোকে বলি-বিধানক লৈ প্ৰতিবাদ কৰি আহিছে, কিয়নো জীৱ হত্যা মহাপাপ। কিন্তু ইয়াৰ পিছতো আজিও বিভিন্ন স্থানত এই প্ৰথা চলি আছে।
হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গাপূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা, বিহাৰ আৰু ঝাৰখণ্ডত দুৰ্গাপূজা সৰ্বাধিক জাকত-জিলিকা হয় আৰু পাঁচদিন-জোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গাপূজা পালন কৰে।
সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ শাক্তবাদ পৰম্পৰাত দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ উৎসৱ। কলকাতাৰ দুৰ্গা পূজা ২০২১ চনত ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত সন্নিবিষ্ট হৈছে।
ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা উচিত হ’ব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই।
দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে। আৰু এই সময়খিনিত তেওঁ তিনি বাগ্ভব বীজ জপ কৰে, লগতে আহাৰ আৰু শ্বাস গ্ৰহণ পৰিত্যাগ কৰি বছৰ-বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে। আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক। মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছোঁ। বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা।”
‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা।[3] দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে। আই দুৰ্গা দেৱীৰ ৰূপ ন-বিধ। শাস্ত্ৰত বৰ্ণনা কৰামতে সেইবোৰৰ নাম আৰু বৈশিষ্ট্য হ’ল— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।
(স্পষ্টীকৰণঃ ওপৰোক্ত কথাখিনি ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ লগত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই বা ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই)