শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Numerology: আপোনাৰ জন্মৰ তাৰিখ জানেনে? তেন্তে জানি লওক জীৱনৰ ডাঙৰ ৰহস্য…

Numerology: বহু মানুহে সংখ্যাবিজ্ঞানত বিশ্বাস কৰে। সংখ্যাবিজ্ঞানৰ ফালৰ পৰা ক'বলৈ হ'লে আপোনাৰ জন্ম তাৰিখে ক'ব পাৰে আপোনাৰ জীৱনৰ উদ্দেশ্য। এই সংখ্যাতেই নিহিত হৈ থাকে জীৱনৰ ডাঙৰ ৰহস্য!

Numerology: আপোনাৰ জন্মৰ তাৰিখ জানেনে? তেন্তে জানি লওক জীৱনৰ ডাঙৰ ৰহস্য…
আপনাৰ জন্ম তাৰিখত আছে ডাঙৰ ৰহস্য Image Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 27 Jan 2025 15:33 PM

মান্যতা অনুসৰি, এই পৃথিৱীত জন্ম গ্ৰহণৰ সকলোৰে এক বিশেষ কাৰণ থাকে। কিন্তু বিভিন্ন সময়ত এনে কাৰণৰ পৰা আঁতৰি অহা যায়। আপোনাৰ লগতো এনে হৈছে নেকি? অৱশ্যে আপোনাৰ জন্ম তাৰিখেও ক’ব পাৰে আপোনাৰ জীৱনৰ উদ্দেশ্যৰ বিষয়ে। ইয়াৰ বিষয়ে জানিবলৈ হ’লে প্ৰথমে আপোনাৰ সফলতাৰ নম্বৰটো উলিয়াই লওক। আপোনাৰ সফলতাৰ সংখ্যা জানিবলৈ প্ৰথমে জন্ম তাৰিখ আৰু জন্ম মাহৰ সংখ্যা যোগ কৰি একক সংখ্যাৰ ফল উলিয়াওক। ধৰি লওক আপোনাৰ জন্ম ১৯ ফেব্ৰুৱাৰীত। অৰ্থাৎ আপোনাৰ সফলতাৰ সংখ্যা হ’ব ১৯+২=২১ , এতিয়া  ২+১=৩। তলত এই সফলতাৰ সংখ্যাৰ বিষয়ে উল্লেখ কৰা হ’ল।

  1. সফলতাৰ সংখ্যা ১ হোৱাৰ অৰ্থ হ’ল এই সংখ্যাৰ অধিকাৰীসকল অতি স্বাধীন মনোভাৱৰ। তেওঁলোকৰ বহুত উদ্ভাৱনীমূলক ধাৰণা আৰু গুণ আছে। জীৱনত যি লাভ কৰিব বিচাৰে সেয়া তেওঁলোকে নোপোৱা পৰ্যন্ত চেষ্টা কৰে।
  2. যিসকলৰ সফলতাৰ সংখ্যা ২ হয়, তেওঁলোকৰ কূটনৈতিক বুদ্ধি প্ৰখৰ হয়। তেওঁলোক দয়ালু আৰু সকলোৰে সৈতে মিলি থাকি ভাল পায়। তেওঁলোকে কিবা কাম হাতত ললে সেয়া নিষ্ঠাৰে কৰে।
  3. যিসকলৰ সফলতাৰ সংখ্যা ৩ হয়, তেওঁলোক আনক আনন্দ দিব পাৰে। তেওঁলোকক মুৰ্খ বুলি ভৱা ভুল। তেওঁলোক প্ৰকৃততে বুদ্ধিমান। তেওঁৰ বহু প্ৰতিভাসম্পন্ন হয় লগতে তেওঁলোকৰ শিল্পৰ প্ৰতি অতি তীক্ষ্ণ জ্ঞান থাকে।
  4. যিসকলৰ সফলতাৰ সংখ্যা ৪ হয় তেওঁলোক যিকোনো অনুষ্ঠান আয়োজন বা পৰিচালনা কৰাত ভাল। তেওঁলোক সততা আৰু আনুগত্য ৰাখি কাম কৰে।
  5. যিসকলৰ সফলতাৰ সংখ্যা ৫ হয় তেওঁলোকৰ স্বভাৱ আনতকৈ বেলেগ। জীৱনৰ প্ৰতিটো ক্ষণত নিৰ্ভয়ে আগবাঢ়ি যোৱা তেওঁলোকৰ বৈশিষ্ট। এনে ব্যক্তিসকলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে।
  6. যিসকলৰ সফলতাৰ সংখ্যা ৬ হয়, তেওঁলোকৰ চৰিত্ৰৰ বৈশিষ্ট্য হ’ল ভাল বুদ্ধিমত্তা, বিবেক, অধ্যৱসায়, কঠোৰ পৰিশ্ৰম, আৰু বিচক্ষণতা। এনে লোকসকলে সদায় পৰিয়ালৰ ঐকবদ্ধ কৰি ৰখাৰ চেষ্টা কৰে।
  7. যিসকলৰ সফলতাৰ সংখ্যা ৭ হয়,তেওঁলোক অতি বুদ্ধিমান। তেওঁলোকে তথ্য বিশ্লেষণ, কৌশলগত চিন্তাধাৰা, আনতকৈ পৃথক চিন্তা কৰা তেওঁলোকৰ জন্মগত স্বভাৱ। এনে মানুহৰ সান্নিধ্যই আপোনাৰ জীৱনৰ দৃষ্টিভংগী সলনি কৰিব পাৰে।
  8. যিসকলৰ সফলতাৰ সংখ্যা ৮ হয় তেওঁলোক আত্মবিশ্বাস, শক্তি আৰু ক্ষমতাৰ প্ৰতীক। সমাজৰ দিক নিদৰ্শনত এনলোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এওঁলোকৰ নেতৃত্বই বিভিন্নজনক আকৰ্ষিত কৰে।
  9. যিসকলৰ সফলতাৰ সংখ্যা ৯ হয় তেওঁলোকৰ ওপৰত ইশ্বৰৰ আশীৰ্বাদ সদায় থাকে। মানৱতাই তেওঁলোকৰ সৰ্বোচ্চ শক্তি, আৰু তেওঁলোক য’তেই নাথাকক কিয় নেতৃত্ব তেওঁলোকৰ স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰে।