Mah korai: মাহ কৰাই খাওঁ বাটে বাটে যাওঁ… মাঘ বিহুত মাহ কৰাই খোৱাৰ পৰম্পৰাৰ বিষয়ে জানো আহক
মাঘ বিহুত মাহ কৰাই খোৱাৰো পৰম্পৰা আছে। মাহ-কৰাই হৈছে তিল, গোটা মগু, কোমল চাউল তেলত ভাজি তাত নিমখ দি প্ৰস্তুত কৰা এবিধ জুতিলগা মিশ্ৰণ । বিহুৰ দিনা ইয়াক পোৰা মোৱা আলু বা ভজা কাঠআলুৰ সতেও খোৱা হয় ।
অসমৰ জাতীয় উৎসৱসমূহৰ ভিতৰত মাঘ বিহু অন্যতম। এই সময়ত মকৰ ৰাশিত অৱস্থান কৰে সেয়ে ইয়াক উত্তৰায়ণ সংক্রান্তি বুলি কোৱা হয় আৰু ইয়াক মাঘী সংক্রান্তি বুলি কোৱা হয় । উৰুকাৰ পাছৰ দিনটো সমগ্ৰ ৰাজ্যতে মাঘ বিহু হিচাপে পালন কৰা হয়।
আনন্দ-স্ফূর্তিৰে চেঙেলীয়া ল’ৰাহঁতে পথাৰত থকা শুকান নৰাবোৰ গোটাই এটা সুন্দৰ ঘৰ সাজে। যাক কোৱা হয় মেজিঘৰ বা ভেলাঘৰ। কামৰূপত ইয়াক ‘হাৰলী ঘৰ’ নামেৰে জনা যায়। নামনি অসমত কোনো কোনো অঞ্চলত ইয়াক ‘মেজি পুজি” বা ভেলা পুঁজি’ বুলি কয়। হাবি বা জংঘলৰ পৰা কাঠৰ টুকুৰা সংগ্ৰহ কৰি চেঙেলীয়াহঁতে সাজি উলিয়ায় মেজি। নামনিৰ কোনো কোনো ঠাইত গছৰ ডাল-পাতেৰে মেজি তৈয়াৰ কৰা হয়। উদ্দেশ্য-শীতৰ প্ৰকোপৰ পৰা হাত সাৰিবৰ বাবে অগ্নি দেৱতাক পূজা কৰা।
চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল। ৰজাসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জানিব পৰা যায়।
মেজি জ্বলোৱাৰ সময়ত গোৱা অগ্নিপুৰাণৰ মন্ত্ৰটো হৈছে-
অগ্নি প্রজ্জ্বলিতং বন্দে চতুবৰ্ণ হতাশনম,
সুবৰ্ণ বৰ্ণমমলং জ্যোতি ৰূপায়তে নমঃ।।
দোক্মোকালিৰ সময়ত এজনে গা-পা ধুই এযোৰ পাণ-তামোল আৰু টকা এটা মেজিটোৰ তলত অৰ্পণ কৰে আৰু জয়ধ্বনি দি অগ্নিদেৱতালৈ প্ৰাৰ্থনা জনাই মেজি জ্বলায়। তাৰ পিছত মাহ কৰাই-ধুপ দি সেৱা কৰে আৰু লাৰু-পিঠা খায়। অগ্নিক দিয়াৰ পিছতহে মাহ কৰাই সকলোৱে খাই। মাহ কৰাই খোৱাৰ সময়ত গাঁৱৰ শিশুসকলে আৰু ৰাইজে মিলি আনন্দতে গীত জুৰে-
মাহ কৰাই খাওঁ বাটে বাটে যাওঁ,
আমাৰ লগত যি যায় তাকো এগাল দিওঁ।
মাহ কৰাই খোৱাৰো পৰম্পৰা
মাঘ বিহুত মাহ কৰাই খোৱাৰো পৰম্পৰা আছে। মাহ কৰাই মাঘ বিহুত মাটি মাহৰ দাইল আৰু মাহ কৰাই খোৱাটো অসমীয়া মানুহৰ নিয়ম ৷ তাৰ পূৰ্বে প্ৰথমে মেজিত জুই দিহে মাহ কৰাই খায় সকলোৱে। মাঘ বিহু বুলিলেই সমগ্ৰ অসমতে মাহ-কৰাই খোৱাৰ নিয়ম প্ৰচলন হৈ আহিছে । মাহ-কৰাই হৈছে তিল, গোটা মগু, কোমল চাউল তেলত ভাজি তাত নিমখ দি প্ৰস্তুত কৰা এবিধ জুতিলগা মিশ্ৰণ । বিহুৰ দিনা ইয়াক পোৰা মোৱা আলু বা ভজা কাঠআলুৰ সতেও খোৱা হয় ।
মাটি মাহ আৰু চাউল একেলগে ভাজি মাহ কৰাই বনোৱা হয়। বহুতে মাহ কৰাই সুস্বাদু কৰিবলৈ সৰু সৰুকৈ আদা আৰু নাৰিকল কাটি দিয়ে। সম্প্রতি পশ্চিমীয়া সংস্কৃতিক অন্ধভাৱে আঁকোৱালি লৈ বহুতে নিজৰ শিপাকে পাহৰি পেলাইছে।
উল্লেখ্য যে, বিহুৰ দিনা পুৱা জ্বলোৱা মেজিত দিবৰ বাবে নিয়া মাহকৰাই মেজিত উৎসগা কৰি তাৰে এটা অংশ ঘৰলৈ লৈ আনে আৰু সেইবোৰ আম-কঁঠাল, কলকল-নাৰিকল, তামোল-লাও আদি গুটি লগা গছত গুটি বেছিকৈ লাগিবলৈ ছটিয়াই দিয়ে। ভঁৰালৰ ধান সুৰক্ষিত অৱস্থাত থাকিবৰ বাবে আৰু যাতে কোনেও বাণ মাৰিব বা অপায়-অমংগল ঘটাব নোৱাৰে, তাৰ বাবেও ভঁৰাল আৰু ঘৰত সেইবোৰ ছটিওৱাৰ লগতে সমৃদ্ধিৰ কথাও ভৱা হয়। একে বিশ্বাসতে মেজিৰ আধাপুৰা খৰি আনি বাৰীৰ চাৰি চুকত পোতা হয়।
সময় বাগৰাৰ লগে-লগে অসমীয়াৰ হেপাঁহৰ মাঘ বিহুটিয়ে নিজস্বতা হেৰুওৱাই পেলাইছে ৷ লাহে লাহে বজাৰত বনোৱা মাহ কৰাই, মেজি আদি সকলো উপলব্দ হৈছে। গাঁৱৰ প্ৰায়সংখ্যক লোক এতিয়া চহৰমুখী হ’ল।