Ram Navami 2025: ২০২৫ৰ ৰাম নৱমী কেতিয়া? এই উৎসৱ পালনৰ উদ্দেশ্য, মহত্ব জানক…
Ram Navami 2025 Date and Time: ৰাম নৱমী হিন্দু ধৰ্মৰ এটা প্ৰধান উৎসৱ। ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ভগৱান ৰামৰ জন্মদিন হিচাপে পালন কৰা হয়। এই উৎসৱ চ'ত মাহৰ শুক্ল পক্ষৰ নৱমী তিথিত পালন কৰা হয়।

ৰামনৱমী হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। যিটো ভগৱান শ্ৰীৰামৰ জন্ম বাৰ্ষিকী হিচাপে পালন কৰা হয়। এই উৎসৱ চ’ত মাহৰ শুক্ল পক্ষৰ নৱমী তিথিত পালন কৰা হয়, যিটো সাধাৰণতে মাৰ্চ-এপ্ৰিল মাহত পৰে। এই দিনটোতে ভক্তসকলে ব্ৰত পালন, ৰামায়ণ পাঠ, ভজন-কীৰ্তনৰ আয়োজনৰ লগতে মন্দিৰত বিশেষ পূজা কৰা হয়। ভগৱান শ্ৰীৰামক মৰ্যাদা পুৰুষোত্তম বুলি কোৱা হয়, কাৰণ তেওঁ গোটেই জীৱন ধৰ্ম, সত্য আৰু কৰ্তব্য পালন কৰিছিল। ৰাম নৱমীৰ উৎসৱে ৰামৰ আদৰ্শ গ্ৰহণ কৰি সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। ২০২৫ চনত ৰাম নৱমীৰ উৎসৱ কেতিয়া পালন কৰা হ’ব জানো আহক।
এই বছৰ কেতিয়া হ’ব ৰাম নৱমী?
হিন্দু পঞ্জিকা অনুসৰি চ’ত মাহৰ শুক্ল পক্ষৰ নৱমী তিথি ৫ এপ্ৰিলৰ সন্ধিয়া ৭.২৬ বজাৰ পৰা আৰম্ভ হ’ব। এই তিথিৰ অন্ত পৰিব পিছদিনা অৰ্থাৎ ৬ এপ্ৰিলত সন্ধিয়া ৭:২২ বজাত। উদয়তিথিৰ মতে এইবাৰ ২০২৫ চনৰ ৬ এপ্ৰিলত ৰাম নৱমী উদযাপন কৰা হ’ব।
ৰাম নৱমীৰ গুৰুত্ব
হিন্দু ধৰ্মত ৰাম নৱমীৰ উৎসৱ অতি শুভ আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এয়া ধৰ্ম, সত্য, ন্যায় আৰু মৰ্যাদাৰ প্ৰতীক ভগৱান শ্ৰীৰামৰ জন্ম দিন। এই উৎসৱে ভক্তসকলক তেওঁলোকৰ আদৰ্শ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে আৰু জীৱনত গুণ গ্ৰহণৰ বাৰ্তা প্ৰদান কৰে। শ্ৰীৰামক ধৰ্ম্ম প্ৰতিষ্ঠা আৰু অধৰ্ম ধ্বংস কৰিবলৈ পৃথিৱীত জন্ম লোৱা ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ বুলি গণ্য কৰা হয়। এই দিনটোত ভক্তসকলে ৰামায়ণ আৰু ৰামচৰিতমানস পাঠ কৰে, ৰাম কাহিনী শুনি আৰু ভজন-কীৰ্তনৰ জৰিয়তে ঈশ্বৰক স্মৰণ কৰে।
ভগৱান ৰামে জীৱনত সত্য, ধৰ্ম আৰু মৰ্যাদা অনুসৰণ কৰিছিল। এই উৎসৱে আমাক শিকাই যে, আমি আমাৰ জীৱনত সত্য আৰু কৰ্তব্যৰ পথ অনুসৰণ কৰা উচিত। ৰাম নৱমীয়ে বিভিন্ন জনগোষ্ঠীক সংযোগ কৰাৰ লগতে সমাজত প্ৰেম, শান্তি আৰু সদিচ্ছাক প্ৰসাৰিত কৰাৰ সুযোগ প্ৰদান কৰে। এই দিনটোত বিভিন্ন স্থানত শোভাযাত্ৰা উলিওৱা হয়। য’ত ভগৱান ৰাম, সীতা, লক্ষ্মণ আৰু হনুমানৰ আভাস দেখা যায়।
(স্পষ্টীকৰণ: এই তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)