উৰুকাৰ দিনা এইসকলে লাভ কৰিব পাৰে ধন, পাব পাৰে চাকৰি! চাওক আজিৰ ৰাশিফল…

Today's rashifal: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। জ্যোতিষ শাস্ত্ৰত গ্ৰহ- নক্ষত্ৰৰ অৱস্থান আদিৰ ওপৰত ভিত্তি কৰি ৰাশিফল নিৰ্ধাৰণ কৰা হয়। হিন্দু ধৰ্মত ৰাশিফলৰ মহত্ব অধিক।

উৰুকাৰ দিনা এইসকলে লাভ কৰিব পাৰে ধন, পাব পাৰে চাকৰি! চাওক আজিৰ ৰাশিফল...

আজিৰ দিনটোৰ ৰাশিফল

Published: 

13 Jan 2025 06:00 AM

আজি মাঘৰ উৰুকা, ১৩ জানুৱাৰী। আজিৰ দিনটোত প্ৰতিগৰাকী অসমীয়াই পালন কৰিব উৰুকা, সকলোৱে মিলি খাব ভোজ ভাত। আজিৰ দিনটো আপোনাৰ কেনে যাব, তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

 

মেঘ ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। আনক কথা কোৱাৰ আগত চিন্তা কৰিব। খৰচৰ ওপৰত গুৰুত্ব দিব। শত্ৰুৰ কথাত গুৰুত্ব নিদিব। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা। বৈবাহিক জীৱনত সমস্যা হোৱাৰ সম্ভাৱনা। স্বাস্থ্য ভালে যাব।

বৃষ ৰাশিঃ ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো ভাল। আজি কামত সফলতা লাভ কৰিব। খৰচ হোৱাৰ সম্ভাৱনা। কোনো সম্পদ বা বাহন ক্ৰয় কৰাৰ সম্ভাৱনা। ঘৰত শান্তিৰ পৰিৱেশ থাকিব। চাকৰিত আপোনাৰ বিৰুদ্ধে কোনোৱে যড়যন্ত্ৰ কৰিব পাৰে। প্ৰেমত শুভ।

মিথুন ৰাশিঃ আপোনাৰ দিনটো ভাল যাব। কেৰিয়াৰত ভাল হ’ব। ব্যৱসায়ত ভাল। আৰ্থিক স্থিতি উন্নত হ’ব। পৈত্ৰিক সম্পত্তি লাভৰ সম্ভাৱনা। চাকৰি বিচাৰি থকাসকলৰ বাবে এই সময় ভাল। পৰিয়ালত ভাল। প্ৰেমত শুভ। পুৰণি বন্ধুক লগ পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

কৰ্কট ৰাশিঃ আৰ্থিক দিশৰ পৰা আপোনাৰ দিনটো ভাল। মনোবল উন্নত। পৰিয়ালত ভাল। প্ৰেমত শুভ। আপোনজনৰ পৰা সহায় লাভ কৰিব। মানসিক অশান্তি থাকিব পাৰে। লেনদেনত সাৱধান হওক। সন্তানৰ ভৱিষ্যতৰ বাবে কোনো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। পৰিয়ালৰ শান্তিৰ পৰিৱেশ

সিংহ ৰাশিঃ আজি দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। দিনটো ব্যস্ত থাকিব। খৰচ হ’ব পাৰে। কৰ্মক্ষেত্ৰত কোনো পৰিবৰ্তন হ’ব পাৰে। পৰিয়ালৰ সৈতে সময় কটাব। কোনোৱে ঘৰ ক্ৰয় কৰিব পাৰে। মহত্বপূৰ্ণ কাৰ্য সম্পন্ন হ’ব। স্বাস্থ্যত গুৰুত্ব দিব। প্ৰেমত ভাল।

কন্যা ৰাশিঃ আজি আপুনি নতুন কামৰ সুযোগ লাভ কৰিব পাৰে। পাৰিবাৰিক সমস্যা আঁতৰ হ’ব। সংগীৰ সৈতে শুভ, সহায় কৰিব আপোনাক। সন্তানৰ ভৱিষ্যতৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। পৰিয়ালত শান্তি থাকিব। ব্যৱসায় আৰু চাকৰিয়ালসকলৰ বাবে দিনটো শুভ। স্বাস্থ্য ভাল।

তুলা ৰাশিঃ বাণিজ্য কৰা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। কোনো ভাল খবৰ লাভ কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ উচ্চ শিক্ষাৰ যোগ আছে। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা। অচিনাকীলোকৰ পৰা দূৰত থাকক। আনৰ পৰা লোৱা ধন উভতাই দিয়াৰ চেষ্টা কৰিব। সম্পত্তি ক্ৰয় কৰাত সাৱধান হ’ব।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ধৈৰ্য ধৰি কাম কৰিব। খং পৰিহাৰ কৰক। পৰিয়ালৰ সদস্যক কথা কোৱাৰ আগতে চিন্তা কৰিব।মানসিক অশান্তি হ’ব পাৰে। সংগীৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা। ব্যৱসায়ীসকলে কামত গুৰুত্ব দিব। স্বাস্থ্য ভালে যাব।

ধনু ৰাশিঃ আজি আপোনাৰ ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা। দিনটো ভালে যাব আপোনাৰ। ভাই-ভগ্নীৰ পৰা কামত সহযোগ লাভ কৰিব। আত্মবিশ্বাস বৃদ্ধি। সিদ্ধান্ত লোৱাৰ আগত চিন্তা কৰিব। উন্নতিৰ ক্ষেত্ৰত অহা বাধা দূৰ হ’ব। নতুন সম্পৰ্ক গঢ় লোৱাৰ সম্ভাৱনা। চাকৰিয়াল সকলৰ ভাল।

মকৰ ৰাশিঃব্যৱসায়ীসকলৰ দিনটো ভালে যাব। পৰিকল্পনা ভালদৰে কৰিব। আনৰ কথাত মন্তব্য কৰাৰ আগত চিন্তা কৰিব। পৰিয়ালৰ কোনো সদস্যই মনত আঘাত দিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা সমস্যা দূৰ হ’ব। বৈবাহিক জীৱন শুভ। সংগীক লগ পোৱাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিব।

কুম্ভ ৰাশিঃ আজিৰ দিনটোত কোনো ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমিক-প্ৰেমিকাৰ বাবে আজিৰ দিনটো শুভ। আপোনাৰ মনৰ ইচ্ছা পূৰণ হ’ব।পাবলগীয়া ধন ঘূৰাই পাবয ব্যৱসায়ত উন্নতি হ’ব। ভ্ৰমণৰ সম্ভাৱনা আছে। বন্ধুক লগ পাব পাৰে। চাকৰি বিচাৰি থকাসকলে ভাল চাকৰি লাভ কৰিব পাৰে। স্বাস্থ্য ভালে যাব।

মীন ৰাশিঃ আজিৰ দিনটো স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। পৰিয়ালত গুৰুত্ব দিয়ক। নতুন কোনো ভাল খবৰ লাভ কৰিব পাৰে। সামাজিক ক্ষেত্ৰত সন্মান লাভৰ সম্ভাৱনা। নতুন কোনো পৰিকল্পনা সফল হ’ব পাৰে । ধৰ্মীয় কাম-কাজত জড়িত হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

 

 

উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...