আজি ৩ ডিচেম্বৰঃ কেনে যাব আপোনাৰ দিন, চাওক ৰাশিফল…
জ্যোতিষ শাস্ত্ৰই প্ৰতিটো ৰাশিৰ প্ৰতিটো দিন কেনে যাব সেই বিষয়ে কয়। আজিৰ দিনটোত কোনো ৰাশিৰ যদি ভাল যোগ আছে আন কোনোৰ কিছু বেয়া যোগ আছে। ভাল বেয়াৰ মাজেৰে কেইবাটা ৰাশিৰ দিন পাৰ হোৱাৰ সম্ভাৱনা আছে।
আজি ২ ডিচেম্বৰ, মঙলবাৰ। জ্যোতিষ শাস্ত্ৰত প্ৰতিটো দিশত প্ৰতিটো ৰাশিৰ বিষয়ে উল্লেখ থাকে য’ত ভৱিষ্যত সম্পৰ্কে ধাৰণা কৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশি ১২ টা । জ্যোতিষ শাস্ত্ৰৰ মতে আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে অলপ কঠিন হ’ব। চাওক আজিৰ ৰাশিফল-
মেঘ ৰাশিঃ মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো ভালে যাব। গুৰুত্বপূৰ্ণ যাত্ৰাত যাব পাৰে। চাকৰিত ভাল। আশা কৰাতকৈ ভাল কৰিব। কামৰ প্ৰদৰ্শন উন্নত হ’ব। কেৰিয়াৰ আৰু ব্যৱসায়িক প্ৰচেষ্টাত উদ্যোগ আৰু সাহস বজাই ৰখাত গুৰুত্ব দিয়া।স্বাস্থ্য উন্নতিৰ ওপৰত গুৰুত্ব দিব।
বৃষ ৰাশিঃ ধৰ্ম আৰু ন্যায়ৰ ওপৰত আস্থা বৃদ্ধি কৰিব। পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীয়ে আপোনাক সহায় কৰি যাব।নিজৰ দায়িত্ব পালন কৰিব। চাকৰি আৰু ব্যৱসায়ত ভাল। নিজৰ পৰিকল্পনা শ্বেয়াৰ নকৰিব।পৰিস্থিতিৰ বুজ লৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। স্বাস্থ্য ভালে থাকিব।
মিথুন ৰাশিঃ আত্মবিশ্বাস আৰু জ্ঞানেৰে আপোনাৰ কাম সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰিব। ফলপ্ৰসূ কৌশল আৰু নেতৃত্বৰ ক্ষমতাৰ জৰিয়তে লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰা হ’ব। মনোযোগ আৰু নিয়ন্ত্ৰণ বজাই ৰাখিব। কামৰ বাবে নতুন ক্ষেত্ৰ বিচাৰিব।ব্যক্তিগত জীৱনত সুখ বাঢ়িব।ব্যক্তিগত বিষয়ত উন্নতি হ’ব।স্বাস্থ্য ভাল হ’ব।
কৰ্কট ৰাশিঃ আজি আপুনি কৰ্মক্ষেত্ৰত সম্পূৰ্ণ সামৰ্থ্য আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আৰ্থিক দিশত গুৰুত্ব দিয়ক। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে লক্ষ্যত উপনীত হ’ব।অৰ্থনৈতিক আৰু বাণিজ্যিক বিষয়ত সাৱধান হোৱা দৰকাৰ। প্ৰলোভনত ভোল নাযাব।অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকক।প্ৰয়োজনীয় কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।
কন্যা ৰাশিঃ ব্যক্তিগত বিষয়ত অতি সংবেদনশীলতা পৰিহাৰ কৰক। মনোবল বৃদ্ধিৰ প্ৰচেষ্টাক প্ৰেৰণা দিয়ক। ইতিবাচক দিশটোৰ ওপৰত চকু ৰাখক।নিজৰ দক্ষতাৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক।চাৰিওফালৰ পৰিৱেশৰ প্ৰতি সাৱধান হওক। পৰিয়ালৰ সদস্যসকলে সহায় কৰিব।নেতিবাচক প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকক। কেৰিয়াৰ আৰু ব্যৱসায় দিশ ভাল।স্বাস্থ্যত গুৰুত্ব দিয়ক।
তুলা ৰাশিঃ উৰা বাতৰিৰ পৰা দূৰত থাকক। সামাজিক কামত সজাগ থাকিব। সুখকৰ ফলাফল লাভ কৰিব পাৰি।ভ্ৰমণৰ সম্ভাৱনা আছে। সামাজিক কাৰ্যকলাপ আৰু যোগাযোগ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।বন্ধুৰ সংখ্যা বাঢ়িব। অস্বস্তিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিব। স্বাস্থ্য ভালে থাকিব।
বৃশ্চিক ৰাশিঃ নতুন মানুহৰ সৈতে সংযোগ বৃদ্ধিৰ প্ৰয়াস। গুৰুত্বপূৰ্ণ প্ৰকল্প আগবঢ়াই নিয়াৰ কথা ভাবিব।পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰচেষ্টা চলাব।ঘনিষ্ঠ মানুহৰ পৰা সমৰ্থন পাব। সুযোগৰ সুবিধা ল’ব। দায়িত্ব বৃদ্ধি কৰিব। শত্ৰুৰ সংখ্যা কমি যাব। পৰিয়ালৰ কাম-কাজত আত্মবিশ্বাস বাঢ়িব। ব্যক্তিগত সম্পৰ্ক উন্নত কৰিব।ধন-সম্পত্তিৰ বাবে কৰা প্ৰচেষ্টাৰ উন্নতি হ’ব। পৰিয়ালৰ সদস্যৰ সুখৰ ওপৰত গুৰুত্ব দিব। আলহী আহিব।স্বাস্থ্য সম্পৰ্কীয় বিষয়ত অপ্ৰয়োজনীয় পৰামৰ্শ এৰাই চলিব। উৎসৱৰ আয়োজনৰ লগত জড়িত হ’ব পাৰে।
ধনু ৰাশিঃ বিভিন্ন ক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগী থাকিব।ডাঙৰ লক্ষ্য লৈ আগবাঢ়িব। নতুন কামত সময় দিব। সুখ, স্বাস্থ্য আৰু শক্তি বজাই ৰাখিব। ফলপ্ৰসূ প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব দিব।কেৰিয়াৰ আৰু ব্যৱসায়ত ভাল হ’ব। লাভ আৰু প্ৰভাৱ বৃদ্ধি পাব। আত্মবিশ্বাস বাঢ়িব। যুক্তিসংগত আচৰণ কৰিব। সংকোচ কমি যাব। শুভাকাংক্ষীৰ কথাত গুৰুত্ব দিয়ক। বিপদজনক পৰিস্থিতিত পৰাৰ পৰা বিৰত থাকক।পাৰিবাৰিক বিষয়ত মংগল থাকিব।সন্মান লাভ কৰিব। স্বাস্থ্য ভাল।
মকৰ ৰাশিঃ ব্যয় আৰু বিনিয়োগ বৃদ্ধি হৈ থাকিব পাৰে। লক্ষ্যৰ ওপৰত মনোনিৱেশ বজাই ৰাখক।ব্যৱসায়িক পৰিস্থিতিৰ উন্নতি হোৱাৰ সম্ভাৱনা। মূল্যৱান সামগ্ৰী ক্ৰয় কৰিব পাৰে। প্ৰৱঞ্চকৰ পৰা আঁতৰি থাকক। লেনদেনত গুৰুত্ব দিয়ক। সামাজিক কৰ্মত জড়িত হোৱাৰ সম্ভাৱনা।সময়মতে কাম সম্পূৰ্ণ কৰক। স্বাস্থ্য বিষয়ত সতৰ্কতা বজাই ৰাখক।
কুম্ভ ৰাশিঃ কৰ্মশৈলী আকৰ্ষণীয় হৈ থাকিব। অৰ্থনৈতিক কৃতিত্বক প্ৰসাৰিত কৰিব। গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিব।লেনদেনৰ ক্ষেত্ৰত ভাল হ’ব। অসাৰ কামত জড়িত নহ’ব।ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। আত্মীয়ৰ সৈতে সমন্বয় বৃদ্ধি কৰিব।গুৰুত্বপূৰ্ণ কামবোৰ দ্ৰুতগতিত কৰিব পাৰিব। আত্মীয়ৰ পৰাও সমৰ্থন থাকিব।স্বাস্থ্য ভাল হ’ব। ব্যক্তিত্ব আকৰ্ষণীয় হ’ব। দিনটো ভালে যাব।
মীন ৰাশিঃ কামৰ অধিক হেঁচা লোৱাৰ পৰা বিৰত থাকক। প্ৰশাসনিক কাম-কাজত হস্তক্ষেপ বৃদ্ধি কৰিব। বিভিন্ন প্ৰচেষ্টাই ইতিবাচক ফল দিব। প্ৰগতিৰ পথত আগবাঢ়িব। কৰ্মশৈলীত স্পষ্টতা থাকিব। ব্যক্তিগত দায়িত্ব পালন কৰিব। প্ৰতিভাৱান লোকৰ সৈতে সংযোগ স্থাপন কৰিব।ব্যক্তিগত বিষয়ত অহংকাৰ আৰু তৰ্ক-বিতৰ্ক পৰিহাৰ কৰক।উৰাবাতৰিৰ দ্বাৰা প্ৰভাৱিত নহ’ব। সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা।