নতুন বছৰৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাই পেলাওক এইসমূহ সামগ্ৰী, জীৱনত লাভ কৰিব উন্নতি!
নতুন বছৰত সকলোৱে নতুন আৰম্ভণি কৰে। সেইবাবে আমি আমাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ আগ্ৰহী হও। বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ পৰা কিছুমান বস্তু আঁতৰাই আমি ইতিবাচক শক্তি বৃদ্ধি কৰি আমাৰ জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰোঁ।
২০২৪ বৰ্ষটো শেষ হ’বলৈ মাত্ৰ এসপ্তাহ বাকী। এতিয়া ২০২৫ চনটো আদৰিবলৈ সকলো সাজু। নতুন বছৰটোক লৈ সকলোৰে বহুত আশা। সকলোৱে বিচাৰে আগন্তুক বছৰটোৱে তেওঁলোকৰ বাবে সুখ, সমৃদ্ধি আৰু উন্নতি কঢ়িয়াই আনিব বুলি। মানুহে পুৰণি বছৰৰ তিক্ত অভিজ্ঞতাবোৰ পাহৰি নতুন বছৰত নতুন বস্তুক আদৰি লয়, কিন্তু আপুনি জানেনে যে, আপোনাৰ ঘৰত ৰখা কিছুমান বস্তুৱে নেতিবাচক শক্তি বিয়পাই সমস্যাৰ সৃষ্টি কৰিব পাৰে।
বাস্তু শাস্ত্ৰৰ মতে, নৱবৰ্ষৰ আগতে ঘৰৰ পৰা কিছুমান বস্তু আঁতৰাই পেলাব লাগে, কাৰণ এইবোৰ বস্তু ঘৰত ৰাখিলে আপোনাৰ আৰ্থিক অৱস্থাত গভীৰ প্ৰভাৱ পৰিব পাৰে। লগতে মা লক্ষ্মীৰো খং উঠে। যদি আপুনি বিচাৰে যে দেৱী লক্ষ্মীয়ে নতুন বছৰত আপোনাৰ ঘৰলৈ আহিব আৰু আপোনাক আশীৰ্বাদ দিব, তেন্তে কিছুমান বস্তু আপোনাৰ ঘৰৰ বাহিৰত ৰাখক। বিশ্বাস কৰা হয় যে, এনে কৰিলে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ’ব নালাগে।
ভঙা সামগ্ৰী
ঘৰত ৰখা ভঙা পাত্ৰ এটাক ঋণাত্মক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। নতুন বছৰৰ পূৰ্বে ইয়াক ঘৰৰ বাহিৰত পেলাই দিব লাগে। ভঙা বস্তুৱে ঘৰৰ সৌন্দৰ্য নষ্ট কৰাই নহয় বাস্তুৰ দোষো সৃষ্টি কৰে। লগতে ভঙা কাঁচে ঘৰলৈ অশুভ প্ৰভাৱ কঢ়িয়াই আনে।
পুৰণি আৰু বেয়া কাপোৰ
বহুদিন পিন্ধা নোযোৱা কাপোৰ দান কৰক বা পেলাই দিয়ক। লগতে ঘৰৰ পৰা পুৰণি আৰু ফটা জোতা আঁতৰাই পেলাওক।
শুকান গছ
ঘৰৰ শুকান গছবোৰ ঋণাত্মক শক্তিৰ প্ৰতীক। ইয়াৰ ঠাইত নতুন গছ-গছনি ৰোপন কৰিব লাগে। যাতে ইতিবাচক শক্তি ঘৰত থাকে আৰু জীৱনত সমস্যাৰ সন্মুখীন হ’ব নালাগে। ইয়াৰ বাহিৰেও ভঙা বা বেয়া ঘড়ী ৰাখিব নালাগে, ই সময়ৰ গতি বন্ধ কৰি দিয়ে। ইয়াক মেৰামতি কৰক বা পেলাই দিয়ক।
পুৰণি কাগজ আৰু ভঙা মূৰ্তি
পুৰণি বাতৰি কাকত, আলোচনী আদি কাগজে ঘৰত অশান্তি সৃষ্টি কৰি ঋণাত্মক শক্তি আকৰ্ষণ কৰে। ঘৰত ভঙা মূৰ্তি ৰখাটো অশুভ বুলি গণ্য কৰা হয়। যিবোৰ বস্তু আপুনি বহুদিন ব্যৱহাৰ নকৰে সেইবোৰ দান কৰক বা ঘৰৰ বাহিৰত পেলাই দিয়ক।
আৱৰ্জনা
ঘৰত পৰি থকা আৱৰ্জনাবোৰে ঋণাত্মক শক্তিক আকৰ্ষণ কৰে। ইতিবাচক শক্তিৰে নতুন বছৰটো আৰম্ভ কৰিবলৈ ঘৰত ৰখা জাৱৰ-জোঁথৰ পেলাই দিয়ক বা বিক্ৰী কৰক।
এইবোৰ কথাত গুৰুত্ব দিয়ক
নৱবৰ্ষ উপলক্ষে ঘৰখন ভালদৰে চাফা কৰি নতুন ধনাত্মক শক্তিক আদৰি লওক। ঘৰুৱা মন্দিৰ পৰিষ্কাৰ কৰি নতুন মূৰ্তি স্থাপন কৰক। ঘৰত নতুন গছ-গছনি ৰোপণ কৰি ধনাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি কৰক। দুখীয়া আৰু আৰ্তজনক দান কৰি সুফল অৰ্জন কৰক। বাস্তু শাস্ত্ৰৰ মতে, ধনৰ দেৱতা কুবেৰৰ স্থান ঘৰৰ দক্ষিণ-পূব দিশত। এই দিশটো পৰিষ্কাৰ কৰি ৰাখক। ঘৰৰ মূল প্ৰৱেশদ্বাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব আৰু ঘৰত পাতল ৰং ব্যৱহাৰ কৰিব। এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে আপুনি আপোনাৰ ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি কৰিব পাৰে আৰু আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে।