Rongali Bihu 2025: আজি ব’হাগৰ দ্বিতীয়টো দিন: জানক গোসাঁই বিহুৰ পৰম্পৰা আৰু তাৎপৰ্যৰ বিষয়ে…

এই বিহুৰ দিনটোত সকলোৱে পুৱাতে সত্ৰ-নামঘৰ, মন্দিৰত সেৱা জনাই বছৰটোলৈ কুশল-মংগল কামনা কৰে । লগতে ধূপ-দ্বীপ, নৈবেদ্যৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় । গোসাঁই বিহু দিনাও ডেকা-গাভৰুৱে গৃহস্থৰ ঘৰে-ঘৰে হুঁচৰি আৰু বিহু গাই গৃহস্থক আশীৰ্বাদ দিয়ে৷ গোঁসাই বিহু দিনা গাঁওৰ ভক্তসকলে বৈষ্ণৱ আদৰ্শৰ নীতিমতে নামঘৰত নৈবদ্য উছৰ্গা কৰি শৰাই আগবঢ়াই নিজৰ ঘৰখনৰ লগতে গাঁওখনৰ মঙ্গল কামনাৰ্থে নাম প্ৰসঙ্গ কৰে।

Rongali Bihu 2025: আজি বহাগৰ দ্বিতীয়টো দিন: জানক গোসাঁই বিহুৰ পৰম্পৰা আৰু তাৎপৰ্যৰ বিষয়ে...

আজি গোসাঁই বিহু

Updated On: 

16 Apr 2025 09:54 AM

আজি গোসাঁই বিহু। অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহ ব’হাগৰ দ্বিতীয় আৰু ৰঙালী বিহুৰ তৃতীয়টো দিনটোত ‘গোসাঁই বিহু’ পালন কৰা হয়। বিশেষকৈ গোসাঁই বিহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত পালন কৰা হয় যদিও ঠাই বিশেষে এই বিহুক ‘হাট বিহু’ হিচাপে পালন কৰা হয়। গোসাঁই বিহু অসমীয়া লোকসকলৰ বাবে এটা বিশেষ দিন। ৰঙালীৰ ৰঙত মতলীয়া অসমীয়াই আজি উদযাপন কৰিছে গোসাঁই বিহু । য’ত সকলোৱে নিজৰ আৰাধ্য দেৱ-দেৱীৰ পূজা কৰে। লগতে বিহু গীত আৰু নৃত্যৰে আনন্দ উল্লাস কৰে।

এই বিহুৰ দিনটোত সকলোৱে পুৱাতে সত্ৰ-নামঘৰ, মন্দিৰত সেৱা জনাই বছৰটোলৈ কুশল-মংগল কামনা কৰে । লগতে ধূপ-দ্বীপ, নৈবেদ্যৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় । গোঁসাই বিহু দিনাও ডেকা-গাভৰুৱে গৃহস্থৰ ঘৰে-ঘৰে হুঁচৰি আৰু বিহু গাই গৃহস্থক আশীৰ্বাদ দিয়ে৷ গোঁসাই বিহু দিনা গাঁওৰ ভক্তসকলে বৈষ্ণৱ আদৰ্শৰ নীতিমতে নামঘৰত নৈবদ্য উছৰ্গা কৰি শৰাই আগবঢ়াই নিজৰ ঘৰখনৰ লগতে গাঁওখনৰ মঙ্গল কামনাৰ্থে নাম প্ৰসঙ্গ কৰে।

এই দিনটোতে পৰম্পৰা অনুসৰি ঠায়ে ঠায়ে ব্যাপক অনুষ্ঠানৰ আয়োজন কৰাও দেখা যায় । বিহু আনন্দ উল্লাসৰ মাজতেই ব’হাগৰ দ্বিতীয় দিনটোত আধ্যাত্মিকতাৰ পৰিৱেশত নিজক বিলীন কৰে প্ৰতিজন অসমীয়াই । কিছু কিছু ঠাইত আজিৰ দিনটোত সত্ৰ-নামঘৰত দিনযোৰা কাৰ্যসূচীৰে নাম কীৰ্তন অনুষ্ঠিত কৰা হয় কৰে অসমীয়া ৰাইজে ৷ পৰম্পৰা ৰক্ষা কৰি বিভিন্ন গাঁৱত পালন কৰা হয় গোসাঁই ফুৰোৱা উৎসৱেৰে। ৰাইজৰ ঘৰে ঘৰে বাটে-পথে নামঘৰ- দেৱালয়ৰ গোসাঁইয়ে পদধূলা দিয়ে।

উল্লেখ্য যে, ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান।ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে।চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয় ব’হাগ বিহু বা ৰঙালী বিহু। ইয়াক সাত বিহু বুলিও জনা যায়। চ’তৰ সংক্ৰান্তিৰ দিনা পালন কৰা গৰু বিহুৰ দিনাৰ পৰা আৰম্ভ হয় সাত বিহুৰ পৰম্পৰা। গৰু বিহুৰ দিনা গাঁৱৰ কৃষকসকলে তেওঁলোকৰ গোহালিৰ পৰা গৰু, ম’হ উলিয়াই নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে।

গৰু বিহুৰ পাছদিনা অৰ্থাৎ ব’হাগৰ পহিলা তাৰিখে মানুহ বিহু পালন কৰা হয়। এই দিনটোত সকলোৱে গা-পা ধুই পৰিয়ালৰ সকলো একেলগ হয় আৰু সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। লগতে নতুন বছৰৰ প্ৰথম দিনটোতে নিয়ম-নীতি , পৰম্পৰাৰে অসমীয়াই নতুন বছৰক আদৰি লয়। ইয়াৰ উপৰিও বিহুৱান মৰমৰ গামোচা উপহাৰেৰে এজনে আনজনৰ প্ৰতি মৰম , সন্মান আৰু শ্ৰদ্ধা জনায়।

মন পচন্দৰ জীৱনসংগী পাবলৈ কি কি কৰিব লাগিব? প্ৰেমানন্দ মহাৰাজে ক'লে...
আজৱ! এইখন দেশত নিষিদ্ধ কণ্ডম, চেনিটেৰী পেড, গৰ্ভ নিৰোধক ব্যৱহাৰত...
যকৃতৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
বিহুৰ সময়ত সাতশাকী খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে? তালিকাত কি কি শাক আছে...